পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৫

 এৰা! প্ৰতিটো আন্ধৰুৱা ৰাতিৰ অন্তত প্ৰোজ্জল ৰাতিপুৱাবোৰে কলকলায়। দুৰ্যোগৰ শেষত সুদিন আহে, বৰষুণৰ শেষত সাতোৰঙী ৰামধেনু, ধুমুহাৰ শেষত আহে বাঁহীৰ মিঠা সুৰটোৱে জোকাই যোৱা ৰ'দৰ স্থিৰচিত্ৰ।

 আজিৰপৰা চাৰি বছৰ আগেয়ে দুৰ্ধৰ্ষ কয়লা মাফিয়া জনাৰ্দন পূজাৰীৰ বিৰুদ্ধে সৰব হৈ উঠা কাৰণে বহ্নিমানে দুৰ্ঘটনাক আঁকোৱালি লৈ শেষ নিশ্বাস ত্যাগ কৰিছিল। চৰকাৰী ফাইলত যদিও এয়া স্বাভাৱিক দুৰ্ঘটনা বুলি প্ৰতীত হৈছিল, তথাপি ভৈৰৱীয়ে জানে, এয়া এক সু -পৰিকল্পিত দুৰ্ঘটনা আছিল। সেই সময়ত কোনো থিয় দিয়া নাছিল ভৈৰৱীৰ কাষত, কিন্তু আজি সমগ্ৰ জনতা তাইৰ পক্ষত আছে। আজি আহিবলগা ৰাতিপুৱাটোৱে সলনি কৰি দিব ইমান দিনে চৰকাৰৰ অন্ধত্ব আৰু অনেক বিভাগীয় মুৰব্ৰীৰ পক্ষপাতত নদীৰ গতিকো নিয়ন্ত্ৰণ কৰিব পাৰোঁ বুলি অহংকাৰ কৰা জনাৰ্দন পূজাৰীৰ ভাগ্যলিপি। সলনি কৰি দিব লুইতপৰীয়া যুৱশক্তিৰ নেতা সুকুমাৰ কলিতাৰ বিৰুদ্ধে থকা মিথ্যা অভিযোগবোৰ।

 হিচাপ লোৱাৰ সময় এয়া, যোৱা কেইবামাহৰেপৰা সংগোপনে সাজু কৰা সমৰ সজ্জাৰ প্ৰয়োগৰ সময় এয়া। তুৰ্বকৰ বিৰুদ্ধে মূলা গাভৰুৱে গঢ়ি লোৱা সমৰ সজ্জা নহয়, বৰং বহ্নিমানৰ মৃত্যুৰে লগতে জনতাৰ বিশ্বাস আৰু আস্থাৰ হত্যাৰ হিচাপ লোৱাৰ বাবে কেইবাটাও উজাগৰী নিশা পাৰ কৰি, নিজৰ কেৰিয়াৰক বিপন্ন কৰি প্ৰচুৰ বিচক্ষণতাৰে গঢ়ি তোলা অস্ত্ৰ শস্ত্ৰবিহীন সমৰ সজ্জা এয়া।

 ঘৰৰ পাছফালৰ পথাৰখনত শিয়াল কেইটাই হোৱা দিয়াৰ লগে লগে অদূৰত কুকুৰ এটাই ৰাওচি জুৰিলে, গোটেই ৰাতিটো জাগি থকাৰ পাছত শেষ নিশাৰ পিনে অঞ্জলিৰ চকু জাপ খাই আহিছিল। ৰুণিক বুকুত বান্ধি তাই এইদৰে ৰাতিৰ পাছত ৰাতি পাৰ কৰিছে। কিমান ৰাতি যে অসময়ত তাই দুৱাৰ খুলি দিছে, কানি দুৱৰীকৈ খোলা দুৱাৰ খনেদি কেতিয়াবা ধহ- মহাই সুকুমাৰ সোমাই আহে, চেঁচা হৈ যোৱা ভাত কেইটা খাই বিছনাত পৰে। কিন্তু টোপনি আহে জানো তেওঁৰ? ওহোঁ! বৰং অনিশ্চয়তাত ডুবি থকা হেজাৰ জনৰ ভৱিষ্যতৰ সপোনে তেওঁৰ ৰাতিবোৰক জগাই ৰাখে। ৰাইজৰ হকে মাতি যাবলৈ বুলি যি বদ্ধপৰিকৰ তাৰ চকুৰ পতাত টোপনিয়ে জানো বাহ ল'ব পাৰে?

 কেতিয়াবা সেই অসময়ত খোলা দুৱাৰখনেদি সুকুমাৰ সোমাই নাহে, বৰঞ্চ সোমাই আহে তেওঁৰ সন্ধানত অহা এজাক ধুত্ত শিয়াল।

 হয়, অঞ্জলিৰ বাবে ধুত্ত শিয়ালৰ জাক সিহঁত। দিনৰ বেলিকা আইনৰ ভয় দেখুৱাই বৰ বৰ কথা কোৱাবোৰে ৰাতিৰ আন্ধাৰত তাইক অশীল ইংগিত দিয়ে। সিহঁতৰ অশীল চাৱনি, তীৰ্যক মন্তব্য, কুটিল অভিসন্ধিবোৰ অঞ্জলিয়ে ৰুণিক বুকুত সাৱটি সহি যায়। অভিঙ্গা পূৰণ নোহোৱা বাবে খঙত দাঁত কৰছি চল্লিশোৰ্দ্ধৰ অ' চি জনে “তোৰ মানুহটোক কেনেকৈ শেষ কৰোঁ চাবি!” বুলি দিয়া ধমকিৰ উত্তৰত ক্ষেৰ হাঁহি মাৰে অঞ্জলিয়ে , মুখ ফুটাই ক'বৰ মন যায় তাইৰ, “এটা মানুহে, মাত্ৰ এটা মানুহে তহঁতৰ ৰাতিৰ টোপনি হৰণ কৰিছে। হিলাই দিব পাৰিছে হাজাৰ জনৰ অন্তৰাত্মা। আৰু তহঁতবোৰ? তহঁতবোৰে কি কৰিছ? সুকুমাৰ ৰাষ্ট্ৰদ্ৰোহী!ৰাষ্ট্ৰদ্ৰোহী! হুহ! কোন দেশদ্ৰোহী? ৰাইজৰ ন্যায্য দাবী প্ৰাপ্তিৰ বাবে অহৰ্নিশে মাত মাতি অহা সুকুমাৰ, নে ৰাইজক ঠগি ৰাইজৰ তেজক পানী কৰি ৰাইজৰ টকাৰে উদৰ পূৰ কৰা সেই জনাৰ্দন পূজাৰী আৰু তাৰ ভৰি চেলেকা তহঁতৰ নিচিনা চৰকাৰী চাকৰিয়ালবোৰ! ৰাতিৰ আন্ধাৰত অভিসাৰ ৰচিবলৈ সুকুমাৰ কাপুৰুষ নহয়, সুকুমাৰে আশ্ৰয় লোৱা নাই দুৰ্গম জংঘলত। জনতাৰ মাজত, লাইনৰ আগত থিয় হৈ প্ৰতিবাদ কৰে সুকুমাৰে। সেয়েহে তহঁতৰ ইমান দ দপনি? কিন্তু মুখ ফুটাই নকয় অঞ্জলিয়ে। ইহঁতবোৰ বৰ চালাক , তাইৰ নিজলৈ ভয় নাই, কিন্তু ৰুণি! পাঁচবছৰীয়া কণিক বুকুত সামৰি সেয়েহে তাই প্ৰতিবাৰেই জয়মতী হয়।

 অঞ্জলিয়ে নাজানে সুকুমাৰে এই ৰাতিবোৰ ক’ত কটায়। হয়তো জানিলেও তাই কাকো সেইকথাৰ গম নিদিলেহেঁতেন । তাই নাজানে তেওঁ খাবলৈ পায়নে উখোৱা চাউল আৰু মাটিমাহেৰে তেওঁৰ প্ৰিয় ভাতমুঠি , পায়নে শুবলৈ অন্ততঃ এখন পাটী। তাই মাথো জানে ৰাতি ৰাতি সতীৰ্থৰ লগত তেজপিয়াবোৰৰ বিৰুদ্ধে প্ৰতিবাদৰ আঁচনি গঢ়ি থকা সুকুমাৰৰ ওপৰত তাইতকৈ ৰাইজৰ অধিকাৰ বেছি। বিয়াৰ নিশাই সুকুমাৰে কৈছিল তাইক এই কথা, আৰু তেতিয়াৰে পৰা তাই নিজকে মানসিক ভাৱে সাজু কৰিছে জয়মতীৰ দৰে হ'বলৈ। এৰা! বঙহৰ দেউক নিৰপদে ৰাখিবলৈ শপত বাক্য লোৱা জয়মতী হ'বলৈ! শাৰীৰিক নহ'লেও মানসিক ভাৱে নিৰ্যাতিত হ'বলৈ। লুইতপৰীয়া যুৱ শক্তি’য়ে সুকুমাৰৰ নেতৃত্বত প্ৰতিবাদ, ধৰ্ণা,

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড