পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৬

অনশনৰ কাৰ্যসূচী হাতত ল'লেই অঞ্জলি জয়মতী হয়।

 লৈছে, আগৰ কেইবাৰৰ দৰেই এইবাৰো অঞ্জলিয়ে জয়মতীৰ বসন পিন্ধি লৈছে।

 যোৱা চাৰিমাহ জুৰি সুকুমাৰ আৰু তেওঁৰ সংগঠনৰ সক্ৰিয় কৰ্মীয়ে গাঁৱে গাঁৱে গৈ জন জাগৰণ সৃষ্টি কৰিছে। সৰু নৈখনৰ কিনাৰৰ একচনীয়া মাটিখিনিৰ সৈতে সংলগ্ন খেতিৰ মাটি কেইটুকুৰা ছলে বলে কৌশলে অধিগ্ৰহণ কৰি ‘মিনি চিমেন্ট প্লেন্ট’ আৰু শিলৰ কুৱেৰী গঢ়ি তুলিব খোজা জনাৰ্দন পূজাৰীৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিনিধি হিচাপে থিয় দিছে সুকুমাৰে । কথা ইতিমধ্যে বহুত আগবাঢ়ি গৈছে, গণ সমাবেশৰ প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে। ঠিক তেনেকুৱাতে সেইদিনা ৰাজপথত আমৰণ অনশনৰ কাৰ্যসূচী হাতত লৈ বহা সুকুমাৰক আৰক্ষীয়ে উঠাই নিছিল। সেই মুহূৰ্তত সুকুমাৰে উদাত্ত কণ্ঠেৰে ভূ- মাফিয়া জনাৰ্দন পূজাৰীৰ সৈতে স্থানীয় বিধায়কৰ বুজা পৰা থকাক লৈ সমালোচনা কৰি আছিল।শাসকীয় দলৰ বিধায়কজনৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগত সুকুমাৰক গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু জামিনত ওলাই অহাৰ পাছৰে পৰা সুকুমাৰ ঘৰলৈ উভতি অহা নাই।

 অঞ্জলিয়ে কাতি সলালে। অলপ পাছতে ৰাতিপুৱাবই। কাষত শুই থকা ৰুণিৰ মুখলৈ চাই তাই হুমুনিয়াহ কাঢ়িলে। এই কণমানিজনীৰ জীৱনটো কি অনিশ্চয়তাতে পাৰ হ'ব? অঞ্জলিৰ এই জয়মতীৰ যাতনাই তাইৰ সন্তানক কি দিব? ৰাজ আতিথ্য? সুকুমাৰে জানো গাদীত বহিবলৈ এই আঁচনি বোৰ চলাই নিছে? কেতিয়াও নহয়। তেন্তে? কিন্তু তাই যে শিৰৰ সেন্দুৰকণক তেজাল কৰি ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে। স্বাৰ্থান্বেষী, সুবিধাবাদী এচাম জনপ্ৰতিনিধিৰ বিৰুদ্ধে সুকুমাৰৰ বিৰুদ্ধাচৰণ আৰু সক্ৰিয় ভূমিকাৰ বাবে সুকুমাৰৰ পত্নী হিচাপে যোৱা আঠ বছৰ জুৰি অঞ্জলিয়েও নীৰৱে অনেক জ্বালা সহি গৈছে আৰু সহি যাবলৈ সাজু হৈছে।

 নিশাচৰ চৰাইটোৰ কিৰিলিত জনাৰ্দন পূজাৰীৰ ঘৰৰ জাৰ্মান শেফাৰ্ডটোৱে আটাহ পাৰি উঠিল। কাজী খপজপকৈ সাৰ পাই উঠিল , মোবাইলৰ স্ক্ৰীণখনত সময় কিমান হ’ল চালে তাই। চাৰি বাজি গৈছে। আৰু কিছু সময়ৰ পাছত চৌপাশৰপৰা আজানৰ শব্দবোৰ ভাহি আহিব। স্কুলত পঢ়ি থকা দিনৰেপৰা এই সময়খিনি তাইৰ বৰ প্ৰিয় আছিল। বছেৰেকীয়া পৰীক্ষাৰ সময়ত মাকে তাইক ৰাতিপুৱা সোনকালে জগাই দিছিল, আজানৰ শব্দই তেতিয়া ৰাতিপুৱাৰ আকাশ বতাহ মুখৰিত কৰি ৰাখিছিল। হলিকছু আৰু ব্ৰেড বাটাৰ সাজু কৰা মাক সেই সময়বোৰত ছাঁ-টোৰ দৰে কাজৰীৰ কাষত আছিল। কাজৰীৰ মনত আছে, মেট্ৰিক পৰীক্ষাৰ সময়লৈ তাই নিজেই ঘড়ীত এলাৰ্ম দি উঠিব পৰা হৈছিল। কিন্তু মাকে সেই সময়লৈ বিছনাত আশ্ৰয় লৈছিল। দেউতাকৰ ব্যৱসায়ে ইতিমধ্যে ৰাজ্যখনৰ বাহিৰলৈ প্ৰসাৰ লাভ কৰিছিল। ব্যৱসায় বিস্তাৰৰ স্বাৰ্থত দেউতাক জনাৰ্দন পূজাৰী সেই সময়বোৰত ঘৰত নাছিল বুলিয়েই ক'ব পাৰি। কেইবাখনো চাহ বাগানৰ স্বত্বাধিকাৰী জনাৰ্দন পূজাৰীৰ চোৰাং কাঠ আৰু কয়লাৰ ব্যৱসায়ৰ তেতিয়া ৰমৰমীয়া বজাৰ চলি আছিল। কথাবোৰ কাজৰীয়ে গম পাবলৈ বেছি সময় লগা নাছিল, দেউতাকৰ কোৰ্ট কছাৰী, পুলিচ-বন বিভাগৰপৰা শাসকীয় দললৈকে সকলোৰে সৈতে বুজাপৰা আছিল আৰু এই বুজাপৰাৰ ভেঁটিতেই জনাৰ্দন পূজাৰীৰ ক'লা টকাৰ পাহাৰবোৰ ক্ৰমাৎ ওখ হৈ গৈছিল।

 কিন্তু মাক- জীয়েকৰ কাৰণে সময় উলিয়াব নোৱাৰা দেউতাকৰ প্ৰতি কাজৰীৰ মনত কি আছিল? কেৱল বিতুষ্টি। জৰায়ুৰ কেন্সাৰত ৰাতি ৰাতি যন্ত্ৰনাত কেকাই থকা মাকক চাই পঢ়িব পৰা নাছিল তাই। কিতাপৰ পাতত মূৰ দাঙি উঠিছিল বিষত বেঁকা হৈ যোৱা মাকৰ মুখখনে, কলমৰ আগেদি আখৰ ওলাবলৈ নাপাওঁতেই টোপ – টোপকৈ সৰা চকুলোৱে ধুই নিছিল। সেয়া। শেষৰ পিনে তাই পঢ়া বাদ দি কেৱল মাকক সাৱটি শুই থকা হৈছিল, বিলাসী ঘৰখন তেতিয়ালৈ আলধৰা মানুহেৰে ভৰি পৰিছিল, সময়মতে চাহ - ভাত - ঔষধৰ যোগাৰ দিবলৈ মানুহৰ অভাৱ নাছিল। মাথোঁ অভাৱ আছিল এজন অনুভৱী স্বামীৰ, এজন স্নেহাসিক্ত দেউতাকৰ...।

 কাজৰীয়ে আজিও নুবুজিলে, দেউতাক কি সঁচাকৈ হৃদয়হীন মানুহত পৰিণত হৈছিল? নিজৰ পত্নীৰ এই অসুখৰ কথা জানিও তেওঁ কিদৰে কেৱল ডাক্তৰ- ঔষধ আৰু বনকৰা মানুহৰ হাতত মাকক গতাই ৰাতিৰ পাছত ৰাতি ঘৰৰ পৰা আঁতৰত থাকিব পাৰিছিল? নে সেই সময়বোৰত তেওঁৰ শয্যা সংগিনী হৈছিল অন্য কোনো নাৰী?

 হ'ব পাৰে, সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা দেউতাকৰ যে অনেক নাৰীৰ লগত সম্পৰ্ক আছিল সেয়া তাই ঘৰৰ বনকৰা মানুহখিনিৰ জৰিয়তেই গম পাইছিল। নোপোৱাখিনি বিচাৰি হাহাকাৰ নকৰাকৈ কাজৰীৰ মাকে চকু মুদিছিল, এৰি থৈ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড