পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৪


অৰ্দ্ধ আকাশ গল্প প্ৰতিযোগিতাৰ বিজয়ী গল্প ⸺

ইতিহাসৰ হালধীয়া পাতত

ভৈৰৱী অঞ্জলি আৰু কাজৰী

ৰাজশ্ৰী ধনদিয়া

 শেষ নিশাৰ আকাশখনৰ শিৰত হেঙুল হাইতালৰ বোল লাগিবলৈ এতিয়াও বহুতপৰ বাকী। ভৈৰৱীয়ে লেপটপটো বন্ধ কৰি উঠি আহিল। কাম কৰা অৰ্ডালিজনীক নজগোৱাকৈ তাই পাক ঘৰত সোমাল। হাতত ব্লেক কফি কাপ লৈ বাৰাণ্ডাৰ বেতৰ হেঙিং চেয়াৰখনত ভৈৰৱী বহি ল’লেহি। বাৰাণ্ডাৰ গ্ৰীলখন আৰু ৱালখন আইভীলতাৰে ঘেৰা, কোমল নীলা ডিম লাইটৰ পোহৰত বেতৰ চকীখনত বহি থকা ভৈৰৱীক দূৰৰপৰা ৰহস্যময়ী যেন দেখাইছে। অদূৰত তাইৰ কোৱাৰ্টাৰটোৰ গে’টখনৰ সৈতে সংলগ্ন হৈ থকা চিকিঅৰিটি প’ষ্টটোৰপৰা ভুনভুননি ভাঁহি আহিছে, ডেকা চিকিঅৰিটি গাৰ্ডজনে কাৰোবাৰ লগত ফোনত কথা পাতিছে। ভৈৰৱীয়ে নিশব্দে হাঁহিলে, প্ৰেয়সী চাগে’!

 ষ্ট্ৰীট লাইটৰ পোহৰত ভৈৰৱীয়ে স্পষ্ট দেখা পাইছে, বতাহে কোবাই নিয়া কৃষ্ণচূড়াজোপাৰপৰা ফুলৰ পাপৰি বোৰ পদপথৰ ওপৰত জৰ – জৰকৈ সৰি পৰিছে।

 এৰা!

 ফাগুনৰ শেষত ৰিব্ ৰিব্ মলয়াই জোকাই থকা এই নিশাবোৰত বুকুৰ আপোনজনৰ লগত প্ৰেমালাপ কৰাৰ মাদকতাই যে সুকীয়া। ভৈৰৱীৰ কাৰণে এই শিহৰণৰ মাদকতা কিমান পুৰণি অতীত বাৰু? চাৰি বছৰ? অথচ তাইৰ ভাৱ হয় সৌ সিদিনা লৈকে চোন বহ্নিমানৰ লগত তাই কথা পাতিছিল, জনতাৰ প্ৰতি দায়বদ্ধতা আৰু সমৰ্পণৰ মনোভাৱেৰে ওলাই অহা দুযোৰ চকুৰ মাজত পাঁচশ কিল’মিটাৰ দূৰত্ব থাকিলেও দুখন হৃদয় চোন অভিন্ন হৈ আছিল, দেহেৰে নহ’লেও মনেৰে ইজনে সিজনৰ কাষত আছিল।

 আৰু এতিয়া!

 এতিয়া হাত মেলিলেও বহ্নিমানক যুগৰ পাছত যুগ ভৈৰৱীয়ে চুব নোৱাৰে। পাঁচবছৰীয়া প্ৰেমৰ পৰিণতিত হোৱা বিয়াখনৰ তিনিবছৰে পূৰ হ’বলৈ নাপালে, বহ্নিমান হেৰাই গ’ল। হেৰাই গ’ল বহ্নিমান কু-চক্ৰান্ত, অভিসন্ধি আৰু স্বাৰ্থপৰতাৰ খেলখনত।

 কাৰ কি হানি হ’ল?

 উদীয়মান, সুদক্ষ আৰু কৰ্মপটু আৰক্ষী বিষয়া বহ্নিমান বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু বুলি বাতৰিটোৱে দুদিনমান সংবাদ মাধ্যমত ঠাই পালে আৰু একে সেৱাতে জড়িত বুলি বহ্নিমানৰ পত্নী ভৈৰৱীয়ে য’লৈকে যায় তাতে সমবেদনাৰ সোঁত পালে। না বহ্নিমানৰ উকা হৈ যোৱা ঘৰখনৰ ৰিক্ততা পূৰণ হ’ল, না ভৈৰৱীৰ হৃদয়ৰ শূন্য পিয়লাৰ তৃষ্ণা নিবাৰণ হ’ল। উকা কপালখনৰ সৈতে উকা মনটো লৈ ভৈৰৱীয়ে নিজকে শিলৰ দৰে গঢ় দিলে, শিলৰ দৰে! বহ্নিমানৰ আদৰ্শ বুকুত প্ৰোথিত কৰি ভৈৰৱীয়ে নিজৰ চৌপাশে এনে এক বৰ্ম তৈয়াৰ কৰি ল’লে যে কৰ্মক্ষেত্ৰত চৰকাৰী পক্ষপাতিত্ব, বিভাগীয় বৈষম্য বা সহকৰ্মীৰ কটাক্ষ একোৱেই তাইক চুব নোৱাৰা হ’ল। নাৰীক অবলা-দুৰ্বলা বুলি ভবা চামৰ পংগু মানসিকতাক ভ্ৰূকুটি কৰি নিজকে আনৰ কাৰণে আদৰ্শ কৰি গঢ়ি তুলিবলৈ এই কঠিন বৰ্মই ভৈৰৱীক মনোবল যোগাই আহিছে।

 শেষ নিশাৰ চৰাই কেইটামানে চিৎকাৰ কৰি উঠিল।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড