পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰেম−চিৰদিন চিৰকালৰ...

মিতুমণি কলিতা

 অটোখন আহি একেবাৰে মোৰ মাৰ ঘৰৰ পদূলিতে ৰ'ল। চালকজনক ভাড়াটো দি মই দৌৰি যোৱাদি গৈ গেট খুলি ভিতৰলৈ সোমাই গ'লো। মই যিফালেৰে গৈছো সেইফালটো পায়েলৰ জুনুক জুনুক শব্দেৰে মুখৰিত হৈ গৈছে। ঘৰৰ ভিতৰলৈ গৈ মই চিধাই আইতাক বিচাৰি বিচাৰি পিচফালৰ চোতাল পালোগৈ। জুই একুৰা আগত লৈ মূঢ়া এটাত আইতা বহি আছে। জাৰৰ দিন তাতে আকৌ সন্ধিয়াৰ সময়; জুইকুৰা আইতাই যেন বুকুৰ মাজতে লৈ ফুৰিব। মই আইতাৰ ওচৰলৈ গৈ আইতাৰ কোচত মুৰটো গুজি বহি পৰিলোঁ। মই গৈ পিচফালৰ বাৰান্দা পাওতেই আইতাই মোৰ উপস্থিতিৰ উমান পাইছিল। মোৰ মুৰটোত স্নেহৰ আঙুলি ফুৰাই ফুৰাই আইতাই সুধিলে-

 ⵓকি ও জেচি কথা নাই বতৰা নাই এনেকৈ হঠাত আহি ওলালিহি যে?

 আইতাৰ কোচৰ পৰা মুৰটো নদঙাকৈয়ে মই ক'লো-

 ⵓকিয় মই অহাই বেয়া পালা নেকি?

 ⵓসেইটো কথা নহয় ও। তোক বাৰু মই বেয়া পাব পাৰিম নে?

 মই একো নামাতিলোঁ।

 ⵓঋতুৰ সৈতে তোৰ কিবা লাগিল হ’বপায়?

 আচৰিত হৈ মই মুৰ দাঙি আইতাৰ ফালে চালোঁ।

 ⵓতুমি কেনেকৈ জানিলা আইতা?

 মিচিকিয়া হাঁহিৰে আইতাই উত্তৰ দিলে-

 ⵓবয়স মোৰ এতিয়া ৯০ চুও চুও হৈছে। চকুৰ আগত বহু ঘটনা দেখিলোঁ। তোকো সেই নাঙঠ কালৰ পৰাই পাইছোঁ । তোৰ কথা মই নাজানিম নে? কি হৈছে ক।

 একো নকৈ কিছুপৰ মই মনে মনে ৰলোঁ। মই মনে মনে থকা দেখি আইতাই মোক মৰমৰ ধমক এটা দি ক'লে-

 ⵓক আকৌ। মনে মনে আছ যে?

 ⵓচোৱাচোন আইতা; আজি ৰবিবাৰ বাবে ঋতু ঘৰতে আছে। মই তেওঁক হ’লত চিনেমা চাবলৈ যাবলৈ লগ ধৰিলোঁ। হ’লত পেদমেন চলি আছে। চাবলৈ যাম বুলি ভাবিও যাবগৈ পৰা নাই। কিন্তু আইতা তেওঁ একেষাৰেই মানা কৰি দিলে। ক’লে যে বেলেগ এদিন যাব। তেওঁৰ বোলে অফিচৰ কাম আছে কিবা।

 ⵓও থাকিবও পাৰে দেচোন।

 ⵓঅফিচৰ কামবোৰ তেওঁ কিয় ঘৰলৈ লৈ আহিব লাগে কোৱাচোন। বন্ধ বুলিতো অলপ আনন্দ কৰিব লাগে। তেওঁক মই বৰকৈ জোৰ কৰা দেখি মোক দবিয়াই উঠিল জানানে!

 কথাখিনি কওতে মোৰ চকু দুটা চলচলীয়া হৈ পৰিল। মোৰ মুখখন আজলি পাতি লৈ আইতাই হো হোৱাই হাঁহিবলৈ লাগিল। আইতাৰ ওপৰতো মোৰ অভিমান জাগি উঠিল। কেচুৱা কালৰ পৰাই মোক বৰ আলাসত ডাঙৰ কৰিছে। অকণো আঁচোৰ পৰিবলৈ দিয়া নাছিল। আইতাৰ বাবেটো মই স্বৰ্গৰ পৰী। যাৰ সৈতে জীৱনৰ বাট বুলিবলৈ সাঙোৰ খালো তেওঁটো আৰু এখোপ চৰা। মোক ইমানেই আটোম টোকাৰিকৈ ৰাখে যে কিবা ক’বলৈ মোৰ ওঠ দুটি কঁপিলেই তেওঁ গম পাই মই কি কম। সেইবাবেই চাগে কোনোবাই অলপো যদি টানকৈ কৈ দিয়ে মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। ঋতুই দবিয়াই দিয়া বাবেই মই নিজৰ গাড়ীত নাহি অটো লৈ ঘৰ ওলালোঁহি। মই জানো অলপ পিচতেই আতুৰ হৈ ঋতু আহি পাব আৰু মোক মৰমেৰে উপচাই পেলাব।

অৰ্দ্ধ-আকাশ ⵓ ৰচনা সমগ্ৰ, প্ৰথম খণ্ড