পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০২

 “ল'ৰাটোৱে আপোনালোকৰ ছোৱালীজনীক নিজৰ কৰি লোৱাৰ আশা পুহি ৰাখিছে। মই জানো আপোনালোকৰ তুলনাত আমাৰ বিশেষ একো নাই। তথাপিও ছোৱালীয়ে আমাৰ ঘৰত সুখেই পাব বুলি ধৰিব পাৰে, এতিয়া আপোনালোকে বা কি কয়?

 প্ৰথমতে সকলোৱে সৰুজনীৰ কথা ক’বলৈ অহা বুলিহে ভাবিলে। সা সম্পত্তি নাথাকিলেও সিদ্ধিৰ দৰে সৎ ল’ৰা এটালৈ ছোৱালী দিবলৈ তেওঁলোকৰ আপত্তি নাই, কিন্তু ছোৱালীজনীৰ বয়সটো। সৰুজনীৰ বয়সটো কম হৈ থকাৰ বাহিৰে বেলেগ একো সমস্যা বা আপত্তি নাছিল পিতাকৰ। সমস্যাটো তেতিয়াহে আহি পৰিল যেতিয়া সিদ্ধিয়ে ভুল ভাঙি পদুমীৰ কথাহে কোৱা বুলি ক'লে। বদনামী হোৱা ছোৱালীজনীলৈ সৎ মানুহ এজনে নিজেই আহি হাতখন আগবঢ়াই দিয়া কথাটোক কোনে নাকচ কৰিব পাৰে? পিতাকহঁতে সিদ্ধিৰ ৰূপত ঈশ্বৰক দেখা হেন পালে। পিছে পদুমী? শুনা মাত্ৰকে একেষাৰতে মানা কৰিলে তাই..।“অসম্ভৱ..অসম্ভৱতাই মনৰ মাজতে চিঞৰি থাকিল। অসম্ভৱ এই কাৰণে নহয় যে তাই সিদ্ধিক বেয়া পাই বা তাৰ একো নাই বুলি ভাবে, আচলতে অসম্ভৱ আছিল তাৰ দৰে সৰল মনৰ মানুহ এজনৰ লগত সম্পৰ্ক কৰি সুবিধাবাদী হৈ পৰাটোহে। পদুমীয়ে জানে যে সি পুতৌ কৰিবও বিচৰা নাই, তথাপি তাই কোনোপধ্যেই মান্তি নহল, তাইৰ লগত বিয়া পাতি তাৰ জীৱনটো কেৱল অশান্তিৰহে হ'ব বুলি সন্দেহ আছিল মনত। কিন্তু সিদ্ধিও আছিল নিজৰ মতত দৃঢ়। পদুমীক তাৰ লগত বিয়া হোৱাৰ হাজাৰটা কাৰণ দি আহিছিল ভাবিবলৈ। তাৰ লগত বিয়া হৈ তাই তাৰ জীৱনটো সুন্দৰহে কৰিব ধ্বংস নকৰে বুলি বিশ্বাস যে আছিল তাৰ। আৰু এটা সময়ত তাইৰ কোনো বিৰোধিতা, কোনো যুক্তি তৰ্ক তাৰ দৃঢ়তাৰ সমুখত কামত নহা হৈ পৰিল। তাইৰ নিজৰ চিন্তাধাৰা, সিদ্ধিৰ সততাৰ সমুখত তেনেই নগণ্য হৈ পৰিল। সিদ্ধিৰ প্ৰতি বুকুত কিবা অনুভৱ যে আছিল সেয়া ঠিক কিন্তু তাইৰ বাবে সেয়া ঈশ্বৰ নে ভালপোৱাৰ এক ৰূপ সেইটো সদায় সাঁথৰ হৈয়ে থাকিল।

 বিয়া ঠিক হ’ল, মানুহে ভাগে ভাগে কথা ক'লে।তথাপি কোনো কথাই লৰচৰ কৰিব নোৱাৰিলে সিদ্ধিৰ মন। গাওঁবুঢ়া, গিয়াতি আৰু চুবুৰীয়া কেইগৰাকীমানৰ সমুখত আঁঠু লৈ মালা পিন্ধাই বিয়া পাতিলে পদুমীক। যি আজি চাওঁতে চাওঁতে দুবছৰেই হ'বলৈ হ'ল। সেইদিন ধৰি পদুমীয়ে কেৱল পোহৰ বিলাইছে তাৰ জীৱনত। তাৰ মতে, অভাৱনীয় এটা ঘটনাৰ বাবে গোটেই জীৱন কেৱল এজনেই শাস্তি পাই থকাটো অন্যায়েই। মনৰ মানুহগৰাকীক নিজৰ কৰি সি এতিয়া ভীষণ সুখী। সি জানে পদুমীয়েও এতিয়া কেৱল তাকেই ভালপায়, ক’বই নালাগে, তাইৰ চকুতে ফুটি উঠে। পদুমী আৰু তাৰ মাজৰ সম্পৰ্কটো এতিয়াও ফুলিব ধৰা ফুলপাহৰ দৰেই সুন্দৰ, যিয়ে কেৱল সুবাস বিলাব জানে, ভালপোৱাৰ সুবাস....।

 “ঐ সিদ্ধি, আজি কাম সামৰাই নাই নে?

 গাঁৱৰে ভদ্ৰৰ মাততহে সি মন কৰিলে, কথাবোৰ ভাবি থাকোতে ভালেমান পৰ হ’ল, আৰু কিছুপৰৰ পিছত বেলি ডুবিবৰে হ’ব। আনদিনা সি ইয়াতকৈ সোনকালেই ঘৰলৈ উভতে। পদুমী আৰু তাৰ কথাবোৰ মনতে সামৰি সি ঘৰমুৱা হয়।

 সন্ধিয়া দোকানৰ পৰা কিবা এটা আনি তাইৰ হাতত গুজি দিয়েগৈ সি। মেৰিয়াই অনা কাগজখন খুলি, তাইৰ চকুদুটা জিলিকি উঠে। “ব’ৰ’প্লাছ” চিনাকি হ'লেও নামটো আকৌ এবাৰ পঢ়ি চায় চকুহালে। নোকোৱাকৈয়ে কেনেকৈ জানিলে মানুহজনে, এসপ্তাহ ধৰি যে, ক্ৰীমটো তাই কটাৰীৰে হেঁচি হেঁচি মুখত ঘঁহি আছে। লগতে এযোৰ সোণালী ৰঙৰ কাণফুলিও।

 “সোণৰ দিবতো নোৱাৰোৱে, এইযোৰকে পিন্ধিবি”- সি কয়।

 তাই জানে সেইযোৰ সোণৰ নহয়, কিন্তু যে, সোণতকৈও অধিক মূল্যৱান সেয়া তাই বুজাব নোৱাৰে তাক। ভাল কাপোৰযোৰৰ মাজত কাণফুলিযোৰ সযতনে ভৰাই থয়। তাৰ বুকুৰ অকৃত্ৰিম চেনেহবোৰত মূৰ দোঁ খাই যায়। চলচলীয়া হোৱা চকুযুৰিৰে পদুমীয়ে তাইৰ মানুহজনলৈ চায়। সিদ্ধিৰ দিনটোৰ ভাগৰ মৰে,

“ভালপাওঁ তোক ...”
তাৰ বুকুৱে গুণগুণাই।
“বহুত ভালপাওঁ..”

 তাই আওৰাই যায়।

 যি কথা কোৱা নহ'ল, অথচ বুজা হৈ গ'ল, সেই কথা দুয়োৰে বুকুত এনেকৈয়ে ৰৈ ৰৈ প্ৰতিধ্বনিত হয়, চিৰদিনলৈ...॥