পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৪

 হাঁহি বন্ধ কৰি আইতাই ক'লে-

 ⵓআকৰী জনী। ইমান সৰু কথাতে তই তাক খং কৰি গুচি আহিব লাগেনে? সি যে কিমান কষ্ট পাইছে।

 আইতাই ইচ্ আচ্ কৰি উঠিল। মই আইতাৰ ফালে চাই থাকিলোঁ।

 ⵓশুন জেচি। তই তাৰ সৈতে এনেকুৱা নকৰিবি। সি তোক কিমান ভাল পাই তইতো জানই। তোৰ প্ৰতিটো অব্দাৰ পূৰ কৰে। আজি বৰ জৰুৰী কাম আছে চাগে তাৰ।

 আইতাৰ কথাখিনিয়ে মোৰ গাত ধৰিলে। এতিয়াহে ভাবিছোঁ যে মই ভূল কৰিলোঁ। মোৰ মুখৰ ৰং সলনি হৈ যোৱা দেখি আইতাই ক'লে—

 ⵓএতিয়া মন বেয়া নকৰিবি। অলপ পিচত সি আহিবই। তই মোক খুন্দনাটো আনি তামোল এখন খুন্দি দেচোন। তোক মই মোৰ প্ৰেমৰ কাহিনী শুনাও। কেনেকৈ মই প্ৰেমৰ বাবে পৰীক্ষা দিছিলোঁ।

 আইতাৰ কথা শুনি মোৰ মুখ মেল খাই গ'ল। আইতাৰ প্ৰেম কাহিনী! মই শুনিবই লাগিব। আইতাৰ কাষৰ পৰা উঠি খুন্দনা বিচাৰি মই পাকঘৰ পালোঁগৈ। মায়ে চাহ পগাই আছে। মাক কোৱাত মায়ে মোক খুন্দনাটো আৰু তামোল-পাণ-চূণ যতনাই দিলে। মই কাৰ লগত আহিলোঁ মাই মোক সুধিলে। মই চমুকৈ উত্তৰ দি আইতাৰ কাষলৈ দৌৰ দিলোঁ। আইতাৰ কাষত বহি তামোল খুন্দিবলৈ আৰম্ভ কৰি আইতাক ক'লো-

 ⵓকোৱা আইতা।

 ⵓকি?

 ⵓতোমাৰ প্ৰেম কাহিনী।

 আইতাৰ মুখখন উজ্জ্বলি উঠিল। পুৰি যোৱা খৰিবোৰ জুইৰ মাজলৈ আগবঢ়াই দি দি আইতাই আৰম্ভ কৰিলে। আইতাৰ প্ৰেম কাহিনী।

 “সৌ তাহানিৰ কথা।তেতিয়াৰ দিনৰ সকলো কথাই বেলেগ আছিল। ছোৱালীবোৰৰ জীৱনবোৰো বহুত বেলেগ আছিল। আমিবোৰে তঁহতৰ লেখিয়াকৈ ইমান মুকলিমুৰিয়াকৈ থকাৰ সুযোগ পোৱা নাছিলোঁ। আমি তঁহতৰ দৰে পেণ্ট চাৰ্ট পিন্ধাৰ কথা ভাবিবই পৰা নাছিলোঁ। ল'ৰাবোৰেও পেণ্ট পিন্ধা নাছিল।”

 আইতাৰ কথাবোৰ মই বৰ মনযোগেৰে শুনি থাকিলোঁ।

 “আমিবোৰে ঘৰত পিন্ধা পোচাকৰ কথা ক'লে তহঁতে হাঁহিবি।”

 ⵓকি পিন্ধিছিলা আইতা?

 ⵓ“দীঘল দীঘল গ্ৰাউন (স্কাৰ্ট) ঘৰতে চিলাই লৈছিলোঁ। তাৰ সৈতে ব্লাউজ পিন্ধিছিলোঁ আৰু গামোচা মেৰিয়াই লৈছিলোঁ। ডাঙৰ বোৰে চাদৰ মেখেলা পিন্ধিছিল। তেতিয়াৰ দিনত আকৌ এটা বৰ অদ্ভুত নিয়ম আছিল।”

 খুন্দনাৰ পৰা খুন্দা তামোল অলপ আইতাক দি নিজেও অলপ মুখত ভৰালোঁ আৰু খুন্দনাটো সামৰি থৈ আইতাক সুধিলোঁ-

 ⵓকি নিয়ম আইতা?

 তামোল সলপি সলপি আইতাই কৈ গ'ল -

 “তেতিয়াৰ দিনত আগবিয়া পিচবিয়াৰ প্ৰচলন আছিল। ছোৱালীবোৰক তোলনি হোৱাৰ আগতেই বিয়া দিয়া হৈছিল। দৰাৰ বয়সক গুৰুত্ব দিয়া নহৈছিল। বিয়াৰ পিচত ছোৱালীজনীক মাকৰ ঘৰতে ৰখা হৈছিল আৰু তোলনি হোৱাৰ পিচত দৰাজনৰ সৈতে আকৌ এবাৰ বিয়া দিয়া হৈছিল।”

 ⵓতোমাৰ বিয়াও তেনেকৈ হৈছিল নেকি আইতা?

 ⵓতেনেকুৱা বুলিয়েই ক'ব পাৰ। কিন্তু মোৰ কাহিনী কিছু ব্যতিক্ৰম আছিল। মোৰ যেতিয়া আগবিয়া হৈছিল তেতিয়া মোৰ বয়স আছিল মাত্ৰ ৭। মোৰ বিয়া হৈছিল গাঁৱৰে যোগেন নামৰ ১৩ বছৰীয়া ল'ৰা এজনৰ সৈতে। বিয়াৰ পিচত অন্য ছোৱালীৰ দৰে ময়ো মাৰ ঘৰতে থাকিলোঁ। আগতকৈ বহুত বেছি নীতি নিয়ম মানি চলিব লগীয়া হৈছিল।

 যোগেন মানে তোৰ ককা বিয়াৰ পিচতেই কাম কৰিবলৈ বৰপেটালৈ গ'লগৈ। তাহানি গাড়ী মটৰো নাছিল আৰু

অৰ্দ্ধ-আকাশ ⵓ ৰচনা সমগ্ৰ, প্ৰথম খণ্ড