পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 ⵓখুড়া বহক।মই দেউতাক কওঁ।

 সদাৰ চ'ৰাঘৰত বিমৰ্ষ বদনে বহি থকা নৃপেনক দেখি তেওঁৰ মনটো চেবালে।

 ⵓকি হে আজি কি মন গ'ল?খবৰ খাটিয়েই নোহোৱা হ’ল দেখোন!

 এনেকৈ ক'লেও তেওঁ কিন্তু সহকৰ্মীজনৰ সকলো খবৰেই পাই থাকে। ল'ৰা দুটাৰ সফলতাত অহংকাৰী হৈ উঠা মানুহটো সিহঁতৰ বাবেই লাওলোৱা হ'ল। সৰুটোক ডাক্তৰী পঢ়োৱাৰ নামত ভেটিটোহে ৰ'লগৈ। এতিয়া পুতেকৰ মাক- বাপেকৰ বাবে সময়েই নাই। মানুহ হালে ল’ৰাৰ পৰা এই বয়সত অলপো সুখ নাপালে।ডাঙৰটোৱে প্ৰবাসী ছোৱালী বিয়া পাতি বহুত দিনৰ মুৰতহে মাক-বাপেকক খবৰ দিলে।

 এইবোৰ সকলোৱে জনা কথা। তথাপি সদা বৰুৱাই মানুহটোৱে দুখ নাপাওঁক বুলিয়েই নজনাৰ ভাও ধৰিলে।

 শিক্ষক হিচাপে সদানন্দ বৰুৱা প্ৰতিগৰাকী ছাত্ৰীৰ প্ৰতি সমানে দায়বদ্ধ আছিল। কেতিয়াবা কাৰোবাৰ ঘৰলৈ গৈ সহায় কৰিছিল যদি কেতিয়াবা কাৰোবাক ঘৰলৈ মাতি পঢ়া-শুনাৰ বুজ লৈছিল।কোনোজনীক আকৌ আৰ্থিক ভাৱেও সহায় কৰিছিল। এই কথাটোকে গোটেইখন ৰৌজাল-বৌজাল কৰি ওলাল বোলে ডেকা মাষ্টৰৰ গাভৰু ছোৱালীহঁতলৈ বৰ দৰদ। বাহিৰত নেদেখুৱালেও কথাটোৱে তেওঁৰ মনত বৰ আঘাত দিলে। হ'লেও নিজৰ কৰ্তব্য একান্ত চিত্তে কৰি গ'ল। সেই সময়ত এইজন। নৃপেনেই কৈছিল, “সদা,বৰ ভাল হোৱা নাই কথাবোৰ।” চূড়ান্ত অপমানবোধেও মানুহজনক স্থিত হৈ থকাত বাধা দিব নোৱাৰিলে। আজি তেওঁৰ সন্মুখত তলমুৰকৈ বহি থকা নৃপেন নামৰ মানুহজনলৈ পুতৌহে উপজিল।

 লাহে লাহে এটা এটাকৈ তেওঁ দুখৰ বোজাটো খহাই থ’লে সদা বৰুৱাই মৌন হৈ কেৱল শুনি থাকিল অতীতৰ কথাবোৰেও মাজে মাজে ডোলা দি থাকিল।নিজৰ অসহায়তাক উদঙাই এনেদৰেই হয়তো তেওঁ অনুশোচনাৰ প্ৰকাশ কৰিলে হয়তো এইদৰেই তেওঁ ক্ষমাপ্ৰাৰ্থী হৈ ৰ'ল!