পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আন্ধাৰৰ শেষত জোনাক

কৰবী কলিতা

 ⵓঐ কলি বাচন কেইটা ধুই হ'লে কাপোৰ খিনি ধুবি।- খুৰীয়েকৰ কথা শুনিও কৃষ্ণই তলমূৰ কৰি বাচন ধোৱাত লাগিল। মুখেৰে একো নকয় তাই। কাৰণ তাই জানে যে খুৰীয়েকক কথা কৈ একো লাভ নাই।

 শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা তাইৰ জন্মৰ বাবে মাকে মৰমেৰে বোলে তাইৰ নাম কৃষ্ণ ৰাখিছিল। কিন্তু বৰ্তমান তাই সকলোৰে মাজত কলি নামেৰেহে পৰিচিত।তাইৰ জন্ম ওঠৰ দিনৰ দিনা মাকৰ মৃত্যু হৈছিল। কিয় মাকক ভগৱানে লৈ গৈছিল তাই নাজানে। মাকৰ মৰম তাই নাপালে। দেউতাকেও তাইক খুৰাক-খুৰীয়েকৰ হাতত গটাই থৈ ক'ৰবালৈ গুচি গৈছিল বোলে। সেইদিন ধৰি তাই খুৰাক হঁতৰ লগত থাকে। খুৰাকজন ভাল, তাইক বহুত মৰম কৰে। কিন্তু খুৰীয়েক জনীয়েহে অনবৰতে খেচখেচাই থাকে। তাই দেখাত কলা হোৱাটোৱেই তাইৰ দোষ। ইমান কলা কুৎসিত ছোৱালীক বোলে খুৰীয়েকে মৰম কৰিব নোৱাৰে। এতিয়া তাইৰ বয়স ৯ বছৰ মাথো। তথাপিও অনবৰতে এই কলা ৰঙটোৱে তাইক খেদি ফুৰে। যিটো বয়সত তাইৰ সমনীয়া বোৰে মাক দেউতাকৰ লগত হাতত ধৰি পূজা , বিহু চাই ফুৰে সেই সময়ত তাই বাচন ধুই থাকে অথবা চোতাল সাৰি থাকে। মাকলৈ তাইৰ খুউব মনত পৰে। মাকজনী বাৰু দেখাত কেনেকুৱা আছিল তাইৰ দৰে কলি আছিল নেকি! মাকে বাৰু তাইক মৰম কৰিলে হয় নে! তাই নাজানে। কিন্তু অন্য ল'ৰা-ছোৱালীৰ দৰে তাইৰো মন যায় মাকৰ আঙুলিত ধৰি ফুৰিবলৈ যাবলৈ। মাকৰ বুকুৰ উমত টোপনি যাবলৈ। কিন্তু এইবোৰ যে মাথো অলীক কল্পনা তাই জানে। তথাপিও দেখোন মনটোৱে নামানে!

 ⵓখুৰী মই বৰষা হঁতৰ লগত খেলিবলৈ যাওঁ নে?-কাম কেইটা লৰালৰিকৈ কৰি কৃষ্ণয়ে খুৰীয়েকক সুধিলে।

 ⵓনালাগে। বৰষা হঁতৰ লগত তই আৰু খেলিব নালাগে সিহঁতৰ মাক হতে বেয়া পায়। তাই একো নুবুজাৰ দৰে অবাক হৈ খুৰীয়েকলৈ চালে।

 ⵓকি ভেবা লাগি চাই আছ! নালাগে কৈছে নালাগে যাব , তই যিহে ধুম কলি ক’ত মাক হঁতে খেলিবলৈ দিব! যা চোতাল খন সাৰ গৈ।-কথা কেইটা কৈয়ে খুৰীয়েক আঁতৰি গ'ল। কৃষ্ণাৰ বুকুখন বিষাই উঠিল।বাঢ়নীটো লৈ চুৰুক চুৰুককৈ চোতাল খন সাৰিলে তাই। বৰষাৰ মাকৰ দৰে বৰষা হতেও বাৰু তাইক বেয়া পাই নেকি! কিন্তু সিহঁতেটো তাইক বেয়া কৈ একো নকয়! এই কথাবোৰ মনতে পাগুলি পাগুলি তাই চোতাল সাৰি সাৰি পদূলিৰ মুখ পালেগৈ।

 ⵓঐ কলি ... ধুম কলি... তই হলি কুলি চৰাই পোৱালি। যা কুলি যা কুলি চৰাই বাহলৈ গুচি যা।-ওচৰৰে চেঙেলীয়া ল'ৰা কেইটা মানে হাফ পেডেল মাৰি চাইকেল চলাই তাইক জোকাই থৈ গ'ল। বাঢ়নীটো হাতত লৈ খেদি গ'ল তাই। এইবোৰ তাইৰ প্ৰতিদিনে শুনিবলৈ পাই। কিন্তু আজি খুৰীয়েকৰ কথা কেইটা তাইৰ বুকু খন বেজীয়ে খোচাৰ দৰে বিন্ধি আছে। তাই ফেকুৰি ফেকুৰি পুখুৰীৰ পাৰ পালেগৈ। পুখুৰীৰ পাৰত থকা বাঁহৰ চাং খনতে বহি চোলাটো দাঙি চকু দুটা মোহাৰি ল'লে। এই মুহূৰ্ত বোৰত মাকলৈ বৰকৈ মনত পৰে তাইৰ। মাকজনী থকা হ'লে তাইক চাগৈ সকলোৰে পৰা বচালে হয়। কিন্তু ভগৱান যে ইমান নিষ্ঠুৰ! মাকৰ বুকুৰ উমকে ল'বলৈ সুযোগ নিদিলে তাইক। পুখুৰীৰ ফটফটীয়া পানীখিনিত তাই নিজৰ মুখখন চালে। ডাঙৰ ডাঙৰ দুটা চকু, কেঁকুৰা চুলি আৰু তিলফুলীয়া জোঙা নাকটোৰে সৈতে তাই দেখাত ইমান বেয়া নহয়। মাথো ছালৰ ৰঙটোহে কলা। আন ছোৱালীৰ দৰে তাইৰ সকলো আছে। এটা ধুনীয়া মন আছে, সকলোকে ভালপায় তাই। খুৰীয়েকে যিমান খেচখেচাই থাকিলেও দেখেন তাই খুৰীয়েকক বেয়া বুলিব নোৱাৰে। কাৰণ এইজনী খুৰীয়েকেই তাইক দুবেলা দুমুঠি খাবলৈ , পিন্ধিবলৈ আৰু থাকিবলৈ অকণমান আশ্ৰয় দিছে। পঢ়াটো বহুত ভাল তাই। স্কুল খনৰ ভিতৰতে মেধাৱী ছাত্ৰী বুলি তাইৰ এটা নামো আছে। তথাপিও শৰীৰৰ ৰঙটোৰ বাবে তাই প্ৰতিমুহূৰ্ততে অপমানিত হ'ব লগা হয়। কথাবোৰ শুনি এনেকুৱা লাগে যেন এই কলা ৰঙটো তাই নিজেহে গাত সানি লৈছে।