পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৯৩

 ⵓঐ তহঁতৰ বোলে ভনীয়েৰ এজনী হ'ল? হ’ব দে ভুই ৰুব পাৰিব।

 তাইৰ কথা শুনি দেউতাকেও হে-হোঁৱাই হাঁহি দিলে।

 একো উৱাদিহ নাপাই তাই আইতাকৰ ওচৰলৈ লৰ মাৰিলে।

 ⵓহে’ৰা মোক ল’ৰা নালাগে বুইছা?

 ⵓআপুনি মোক নক'লেও বুজোঁ।

 ⵓএখন মানুহে গিজগিজাই থকা ঘৰ লাগে। মোৰ ঘৰত চাৰিজনী ছোৱালীয়ে ওলোৱা-সোমোৱা কৰিলে ইহঁতবোৰৰ তেতিয়াও চকু পুৰিব চাবা।

 ⵓআপুনি এইবোৰ বাদ দিয়ক এতিয়া।

 ইহঁতক মানুহ কৰিব পাৰিলেই হয় আৰু। এইবুলি মানুহজনীয়ে মিহিকৈ হুমুনিয়াহ এটা এৰি দিলে।

“আগবাৰী শুৱনি কাকিনী তামোলে
পিছবাৰী শুৱনি পানে হে
বৰঘৰ শুৱনি জীয়ৰী ছোৱালী
উলিয়াই দিবলৈ টানে হে।”

 সদানন্দ বৰুৱাৰ বাৰীত তামোল-পান, পুখুৰীত মাছ-কাছ, গোহালিত গৰু আৰু চোতালৰ ভঁৰালত বছৰজোৰা সোণগুটি বৰঘৰৰ পৰা চ’ৰা ঘৰলৈকে ছোৱালীহঁতৰ খিলখিলনি। মুঠতে নদনবদন। তাৰ মাজতে দুই-এজন চকু-চৰহাই কাণ বিন্ধি যোৱাকৈ বাক্য বাণ এৰিবলৈ নেৰে।

 ⵓবুইছ সদা দুখ নকৰিবি। পুৰুষৰ ভাগ্যে জন নাৰীৰ ভাগ্যে ধন। তোৰ ভাগ্যতে নাই আও। কিনো কৰিবি।

 ⵓএৰা অ’ দাইটি। তুমি হে বুজি পালা দেই।

 এই বুলি সদা মাষ্টৰে কথাৰ মোখনি মাৰে।

 সময় বাগৰি গৈ থাকিল। ডাঙৰজনী আৰু নুমলীয়াজনীৰ বয়সৰ ব্যৱধান প্ৰায় দহ বছৰ। ইজনীতকৈ সিজনী দেখনিয়াৰ হৈ ডাঙৰ হৈ আহিল আটাইকেইজনী। মাকৰ ভাত খোৱা থালখনৰ পৰা আইতাকৰ চাহ খোৱা বাটিলৈকে, মাকৰ চাদৰৰ ভাঁজৰ পৰা দেউতাকৰ কামিজটোলৈকে হিচাপ ৰখা হ’ল ছোৱালীহঁতে। অশীতিপৰ আইতাকৰ মুখৰ হাঁহি হৈ জিলিকি থাকে আটাইকেইজনী। ঘৰখন বাহিৰে-ভিতৰে ফু মাৰি ভাত খাব পৰা কৰি থয়। পঢ়াশুনাত মধ্যমীয়া। সৰুজনী বৰ তীখৰ ডাঙৰজনী মাটিহেন ঠাণ্ডা। মাকে বৰ ধুনীয়াকৈ ডাঙৰ কৰিছে সিহঁতক। মাক-দেউতাকক অৱমাননা নকৰা ছোৱালী সুলভ সকলো আচৰণেৰে অলংকৃতা হৈ পৰিল সিহঁত। ল'ৰা নোহোৱা ঘৰখনত সিহঁত দেউতাকৰো লাচনিপাচনি হৈ উঠিল। ডাঙৰজনীয়ে কেতিয়ানো দেউতাকৰ দায়িত্ববোৰ কান্ধ পাতি ল'লে কোনেও উমানেই নাপালে।

 প্ৰায় কুৰি বছৰৰ পাছত

 ইতিমধ্যে সদানন্দ বৰুৱাই অৱসৰ গ্ৰহণ কৰিছে। নিৰ্মালীৰো চাকৰি আৰু বেছি দিন নাই। ডাঙৰ দুজনীক সজ পাত্ৰত গতালে। মাকজনী সিপুৰীলৈ যোৱাও ভালেকেইবছৰেই হ'ল। সৰু দুজনীৰ পঢ়াশুনা চলিয়েই আছে। জী-জোঁৱাই, নাতি- নাতিনীৰে সদা মাষ্টৰৰ ঘৰ গমগমাই থাকে।

 দুৰ্গা পূজাৰ সময়। ঘৰ ভৰি আছে। পাকঘৰত সকলোৱে কথাৰ মহলা মাৰিছে। সদানন্দই নিৰ্মালীক থাওকতে ক'লে,

 ⵓহে’ৰা এইখনেই মোৰ সপোনৰ ঘৰ চোৱা।

 মানুহজনীয়ে মিচিকিয়াই হাঁহিলে।

 সজ সন্তানৰ পিতৃ-মাতৃৰ সুখ অতুলনীয়। তাতে সন্তানৰ সফলতা আৰু সুখী জীৱনে ৰহণ সানে। দুয়ো শিক্ষকতা বৃত্তিৰে সংস্কাৰৰ তিলমাত্ৰও ত্ৰুটি নৰখাকৈ বৰ আদৰেৰে ডাঙৰ কৰিলে ছোৱালীকেইজনীক। সিহঁতেও মাক-দেউতাকক আক্ষেপ সুযোগ নিদিলে।

 গেটখন খুলি সোমাই অহা নৃপেনৰ মাতটোৱে বৰঘৰ চুবগৈ নোৱাৰিলে। হঠাৎ বাহিৰলৈ ওলাই অহা সৰুজনী ছোৱালীয়ে তেওঁক দেখি আথে-বেথে ভিতৰলৈ মাতি আনিলে।