পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৮৭

খোপনি পুতি ল'লেহি যে মোৰ ভাগ্য যিহেতুকে শক্তিশালী, পঢ়িলেও নপঢ়িলেও মই পাছ কৰিমেই। এই ভাৱনাই মোৰ মনত ককাইদেউৰ প্ৰতি থকা সমীহ কণ তেনেই মষিমূৰ কৰি পেলালে। মোৰ এটা নতুন চখৰ জন্ম হ'ল- চিলা উৰুৱা। স্কুলৰ সময়চোৱাৰ বাদে বেছিভাগ সময় মোৰ চিলা উৰুৱাওঁতেই যায়। ককাইদেউৰ প্ৰতি দেখুৱাব লগা শিষ্টাচাৰখিনি ঠিকেই দেখুৱাওঁ। তেওঁ নেদেখাকৈহে চিলা উৰুৱা কামটো কৰি থাকো। কাগজৰ চিলা বনোৱা, সূতাৰে বন্ধা, চিলা উৰুৱা প্ৰতিযোগিতাৰ তৈয়াৰী আদিবোৰ গোপনে চলি থাকিল। ককাইদেউক মুঠেও সন্দেহ কৰিবলৈ নিদিলো যে তেওঁৰ প্ৰতি থকা ভয় - সন্মান মোৰ মনৰ পৰা প্ৰায় নাইকিয়া হল।

 এদিন সন্ধ্যা সময়ৰ কথা। ছাত্ৰাবাসৰ পৰা কিছু দূৰৈত অন্য কিছুমান ল'ৰাৰ সৈতে সূতা চিগা চিলা থপিয়াই ল'বলৈ দৌৰ দিছিলোঁ। ওপৰৰ পৰা এক বিশেষ লয়ত নামি অহা চিলাখনতে দৃষ্টি নিবদ্ধ আছিল। যেন কোনো আত্মা বিৰক্ত হৈ স্বৰ্গৰ পৰা মৰ্তলৈ এক নতুন ৰূপ ধাৰণ কৰাৰ মানসেৰে নামি আহিছে। তেওঁকে স্বাগতম জনাবলৈহে যেন এজাক ল'ৰাই ক্ষিপ্ত গতিৰে লৰ মাৰিছে। আগে – পিছে কি আছে তাৰ প্ৰতি কাৰো ভ্ৰুক্ষেপ নাই। অৱশ্যে সেই সমতল ভূমিত কোনো গাড়ী-মটৰ চলাচল নহৈছিল। সকলোৱে যেন চিলাখনৰ লগে লগে আকাশত উৰিহে আছিল।

 হঠাৎ ককাইদেউৰ লগত মোৰ ভেঁটা - ভেটি হ’ল। খুব সম্ভৱ তেওঁ বজাৰৰ পৰা আহি আছিল। খঙতে তেওঁ মোৰ হাত এখন থাপ মাৰি ধৰি লৈ কবলৈ ধৰিলে -

 “এখন চিলাৰ কাৰণে এই বজৰুৱা ল'ৰাহঁতৰ লগত দৌৰি ফুৰিবলৈ লাজ লগা নাইনে? কিয় পাহৰি যোৱা যে তুমি এতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ; মোতকৈ মাত্ৰ এক শ্ৰেণী তলত। মানুহে নিজৰ মান-সন্ত্ৰম ৰক্ষা কৰি চলিবলৈ শিকিব লাগে এটা সময়ত অষ্টম শ্ৰেণী পাছ কৰা লোকে তহচিলদাৰৰ পদ শুৱনি কৰিবলৈ সক্ষম হৈছিল। এনে বহুতো ব্যক্তিক মই জানো, যিসকল আজি ডেপুটি মেজিষ্ট্ৰেট অথবা চুপাৰিণ্টেন্ডেণ্ট পদত অধিস্থিত হৈ আছে। কিমানজন যে অষ্টম শ্ৰেণী পাছ কৰা লোক আমাৰ নেতা অথবা বাতৰি কাকতৰ সম্পাদক হৈ আছে! তেওঁলোকৰ অধীনত কত জ্ঞানী- বিদ্বান ব্যক্তিয়ে কাম কৰি আছে; সেই অষ্টম শ্ৰেণীত পঢ়ি থকা এটা ল'ৰাই এই বজৰুৱাহঁতৰ সৈতে চিলা উৰাত ব্যস্ত আছা। তোমাৰ নিৰ্বোধতা দেখি মোৰ সৰ্চাকৈয়ে দুঃখ লাগিছে। নিঃসন্দেহে তুমি এটা চোকা বুদ্ধিৰ ল'ৰা। কিন্তু সেই বুদ্ধিৰ কি প্ৰয়োজন, যদিহে তুমি নিজৰ আত্মসন্মান ৰক্ষা কৰি চলিব নাজানা? তুমি চাগে ভাবিছা – ককাইদেউতকৈ মই মাত্ৰ এক শ্ৰেণী তলৰ; গতিকে মোক উপদেশ দিয়াৰ অধিকাৰ তেওঁৰ নাই। কিন্তু এয়া তোমাৰ ভুল ধাৰণা। মই বয়সত পাঁচ বছৰ ডাঙৰ। যদিহে অহা বছৰলৈ আমি দুয়ো একে শ্ৰেণীৰে হৈ যাওঁ; নিৰীক্ষক সকলৰ চিন্তা - ধাৰণা সলনি নহ'লে নিঃসন্দেহে তুমি মোৰ সমকক্ষ হবা আৰু পিছৰ বছৰত চাগৈ মোতকৈ এক শ্ৰেণী ওপৰলৈ যাবগৈ, তথাপিও তোমাৰ - মোৰ মাজত যি পাঁচোটা বছৰৰ ব্যৱধান আছে, সেয়া তুমিহে নালাগে স্বয়ং ভগৱানেও আঁতৰাব নোৱাৰে। মই তোমাতকৈ ডাঙৰ আৰু ই সদায়ে সত্য হৈ ৰ'ব। সংসাৰখনৰ বিষয়ে, জীৱনৰ বিষয়ে মোৰ যিখিনি জ্ঞান আছে, হাজাৰ এম. এ., ডি. ফিল. , ডি. লিট ডিগ্ৰী ল'লেও তুমি মোৰ সমকক্ষ হ'ব নোৱাৰা। কেৱল কিতাপৰ শিক্ষাৰে মানুহ জ্ঞানী হ'ব নোৱাৰে। আমাৰ মা স্কুলীয়া শিক্ষাৰে শিক্ষিত নহয় আৰু দেউতাও খুব সম্ভৱ পঞ্চম শ্ৰেণীৰ ওপৰলৈ যোৱা নাছিল। আমি দুয়ো যিমানেই উচ্চ শিক্ষিত নহওঁ কিয়, আমাক হিতোপদেশ দিয়া আৰু ভুল-ভ্ৰান্তিবোৰ শুধৰোৱাৰ অধিকাৰ মা - দেউতাৰ সদায়ে থাকিব।

 এই কাৰণে নহয় যে তেওঁলোক আমাৰ জন্মদাতা, বৰঞ্চ এই কাৰণে যে জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই তেওঁলোকক আমাতকৈ বহু গুণে বেছি শিক্ষিত কৰি তুলিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শাসন ব্যৱস্থা কেনে ধৰণৰ, অষ্টম হেনৰীয়ে কেইবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল, আকাশত কিমান নক্ষত্ৰ আছে- এনে ধৰণৰ কথাবোৰ তেওঁলোকে নাজানিব পাৰে; কিন্তু আমি নজনা বহু দৰকাৰী কথা তেওঁলোকে ভালকৈ জানে।

 ভগৱানে নকৰক, কাইলৈ মোৰ অসুখ হলে তুমি কেউদিশে অন্ধকাৰ দেখিবা। দেউতাক খবৰ দিয়াৰ বাদে তোমাৰ অন্য উপায় নাথাকিব। কিন্তু তোমাৰ ঠাইত যদি দেউতা হয়, তেওঁ কাকো খবৰ নিদিয়ে, ভয়ত বিতত হৈ নপৰে, চেতনা হেৰুৱাই নেপেলায়। প্ৰথমে অসুখটো চিনাক্ত কৰি ঘৰুৱা চিকিৎসা আগবঢ়াব। তাত সফল নহলে চিকিৎসকক মাতিব। বাৰু বেমাৰৰ কথা বাদেই দিলোঁ। তুমি - মই এয়াও নাজানো এখন ঘৰ পৰিচালনা কেনেকৈ কৰা হয়। দেউতাই মাহে মাহে যি পঠিয়াই, সেয়া আমি খৰচ কৰি ফুৰ্তি কৰি আছোঁ। ফুৰ্তিতে যিমান খৰচ কৰি আছে, তাৰ আধা পৰিমাণত দেউতাই ন জন