পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৮৬

নাইকিয়া এই শিক্ষাই ছাত্ৰহঁতৰ কি উপকাৰ সাধন কৰিব।

 এইডাল ৰেখাৰ ওপৰত সেইডাল লম্ব অংকন কৰিলে আধাৰ লম্বৰ দুগুণ হব। মই সুধিছো, ইয়াৰ প্ৰয়োজন কি? দুগুণহে নালাগে চাৰিগুণ হওক; মুঠতে পৰীক্ষাত পাছ কৰিবলৈ হ'লে এই আঁতিগুৰি শূন্য কথাবোৰ মনত ৰাখিবই লাগিব।

 এইবাৰ ক’ব ‘সময়ানুৱৰ্তীতা’ৰ ওপৰত সংক্ষেপে এক টোকা লিখা। লগত লিখা থাকিব কমেও চাৰি পৃষ্ঠা হোৱাকৈ লিখা। বাহ! সংক্ষেপে লিখা চাৰি পৃষ্ঠাত, নহ'লে এওঁলোকে এশ দুশ পৃষ্ঠাও লিখাব। অৰ্থাৎ লাহে লাহে দৌৰা, কিন্তু বেগেৰেও দৌৰা। কোনে নাজানে বাৰু সময় কিমান মূল্যবান!! সময়ৰ কেতিয়াও অপচয় কৰিব নালাগে, সময়ৰ ধাৰাবাহিকতা মানি চলা ব্যক্তিয়েহে জীৱনত উন্নতিৰ পথত আগুৱাই যাব পাৰে। এতিয়া চোৱা, যিটো কথা এটা বাক্যতে সম্পূৰ্ণ কৰিব পাৰি, সেইটো লিখিবলৈ চাৰি পৃষ্ঠাৰ প্ৰয়োজন কিয়? মই ভাবো যে মানুহে আনক কবলগীয়া কথাটো চমুকৈ কৈ নিজৰ অন্য দৰকাৰী কামত ব্যস্ত হব লাগে। কিন্তু ইয়াত সেয়া নহ'ব। তুমি ফুলস্কেপ কাগজৰ কমেও চাৰি পৃষ্ঠা ৰঙীণ কৰি তুলিব লাগিব। এয়া ছাত্ৰৰ ওপৰত অত্যাচাৰ নহয় কি? এই সাধাৰণ কথাটো এজন ছাত্ৰৰ যদি বোধগম্য হব পাৰে, শিক্ষক সকলৰ কিয় নহয়?

 বুজিছা বোপা, মোৰ শ্ৰেণীলৈ আহা, চুলিৰ আগেদি জীৱ বাজ হব। এইটো শ্ৰেণীত প্ৰথম হৈয়ে তোমাৰ মাটিত ভৰি নপৰা হৈছে। এটা কথা মনত ৰাখিবা, শ্ৰেণীত হাজাৰবাৰ ফেইল কৰিলেও মই তোমাতকৈ ডাঙৰ। সংসাৰখনৰ খলাবমাবোৰ মই তোমাতকৈ অধিক ভালকৈ দেখা পাইছোঁ। যি কৈছো মন দি শুনা, পাছত যাতে অনুতাপ কৰিব লগা নহয়।”

 স্কুললৈ যোৱাৰ সময় আহি পৰিছিল। ককাইদেউৰ উপদেশনামা কোনোমতে সমাপ্ত হৈছিল। আহাৰ গ্ৰহণ কৰাৰ পৰতো তেওঁৰ কথাখিনি কাণত বাজি আছিল। ফলত আহাৰৰ সা - সোৱাদ একোৱেই অনুভৱ কৰিব পৰা নাছিলোঁ। ভাবিছিলো, শ্ৰেণীত প্ৰথম হোৱাৰ পাছতো ইমানখিনি তিৰস্কাৰ, পাছ কৰিব নোৱাৰিলে দেখোন নিৰ্ঘাত মৃত্যুদণ্ড।

 ককাইদেৱে তেওঁৰ শ্ৰেণীৰ পাঠ্যক্ৰমৰ যি ভয়ংকৰ সবিশেষ আগবঢ়ালে, সি মোক বাৰুকৈয়ে ভীতিগ্ৰস্ত কৰি তুলিলে। কেনেকৈ যে স্কুল এৰি ঘৰলৈ নোযোৱাকৈ থাকিলো, একমাত্ৰ ভগৱানেহে জানে।

 ককাইদেউৰ অতবোৰ তিৰস্কাৰ শুনাৰ পাছতো ঘণ্টাৰ পিছত ঘণ্টা পঢ়া টেবুলত বহি থকা কামটো মোৰ বাবে সম্ভৱ নহ'ল। একেদৰে খেলাধূলাৰ প্ৰতি আকৰ্ষণ কমাই দিয়াটোও মোৰ বাবে সম্ভৱ নহ'ল। পঢ়াশুনাও কৰিছিলোঁ।যিমানখিনি পঢ়িলে শ্ৰেণীকোঠাত লাজ নোপোৱাকৈ থাকিব পাৰি, ঠিক সিমানহে পঢ়িছিলোঁ। নিজৰ ওপৰত যিখিনি বিশ্বাস গঢ় লৈ উঠিছিল, সকলো লুপ্ত হৈ গৈছিল আৰু খেলা-ধূলা কৰি ঘূৰি অহাৰ পাছত যি হয়, সেইবোৰৰ পুনৰাবৃত্তি হৈছিল।

(৩)

 এইবাৰৰ বছেৰেকীয়া পৰীক্ষা হৈ গ'ল। ভগৱানে এনে চমকাৰ দেখুৱালে যে মই পাছ কৰিলোঁ আৰু ককাইদেউ এইবছৰো ফেইল হ’ল অত্যধিক পৰিশ্ৰম কৰাৰ শক্তি মোৰ নাছিল, তথাপি নাজানোঁ কেনেকৈ প্ৰথম হৈয়ে পাছ কৰিলোঁ। মই নিজেই হলো। ককাইদেৱে পুৱা চাৰিবজাৰ পৰা নিশা দহবজালৈকে অত্যন্ত পৰিশ্ৰম কৰিছিল। কিতাপৰ এটা এটা শব্দ ফঁহিয়াই পঢ়িছিল। মন - প্ৰাণ সঁপি পঢ়াৰ পাছতো বেচেৰা ফেইল হ'ল। তেওঁলৈ মোৰ দয়া উপজিছিল। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ককাইদেউ কান্দোনত ভাগি পৰিছিল। তাকে দেখি ময়ো কান্দিবলৈ ধৰিছিলোঁ। প্ৰথম হৈ পাছ কৰাৰ আনন্দ আধালৈ টুটি আহিছিল। ময়ো ফেইল হোৱা হ'লে ককাইদেউৰ দুঃখৰ বোজাটো সিমান গধুৰ নহ'লহেঁতেন। কিন্তু বিধিৰ লিখন কোনেনো খণ্ডাব পাৰে!!

 ককাইদেউ আৰু মোৰ মাজত এতিয়া কেৱল এক শ্ৰেণীৰ অন্তৰ। মোৰ মনত এক কুটিল ভাৱনাই খেলা কৰিবলৈ ধৰিলে ককাইদেৱে এইবাৰো যদিহে ফেইল কৰে, মই তেওঁৰে সৈতে একে শ্ৰেণীৰে হৈ যাম। তেতিয়া মোক গালি – শপনি দিয়াৰ অধিকাৰ তেওঁৰ নাথাকিব। কিন্তু পাছ মুহুৰ্ততে মই এই কু-অভিলাষ মনৰ পৰা জোৰকৈ আঁতৰাই পঠালোঁ। মোৰ হিত চিন্তা কৰিহে তেওঁ মোক গালি দিয়ে। সেই সময়ত মোৰ মনটো বেয়া লাগে সঁচা; কিন্তু এইটোও নহয় বুলিব নোৱাৰি যে তেওঁৰ লানি নিচিগা উপদেশসমূহৰ ফলতেই কিজানি মই প্ৰতিবছৰে ভাল ধৰণে পাছ কৰি গৈছে।

 ককাইদেউ এতিয়া বহুত নৰম হ'ল। মই লক্ষ্য কৰিলো – মোক তিৰস্কাৰ কৰাৰ সুবিধা কেইবাবাৰো লাভ কৰাৰ পাছতো তেওঁ নিৰৱে থাকিল। সম্ভৱতঃ তেওঁ বুজি পালে যে মোক তিৰস্কাৰ কৰাৰ অধিকাৰ তেওঁৰ আৰু নাই; অথবা আছে যদিও তেনেই নগন্য। মোৰ সাহ বাঢ়ি গ'ল। তেওঁৰ নিৰৱতাৰ সুযোগ মই পুৰাদমে ল’বলৈ ধৰিলো। এনে এটা ধাৰণাই মোৰ মনত