পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৮৮

সদস্যৰে ভৰা এখন ঘৰ সূচাৰুৰূপে পৰিচালনা কৰে। তদুপৰি এজন আত্মীয় সমস্ত দায়িত্ব কান্ধ পাতি ল'বলগা হয়। আমাৰ হেডমাষ্টৰ মহাশয়লৈকে চোৱাচোন। এহেজাৰ টকা দৰমহা পোৱা এজন এম এ পাছ কৰা ব্যক্তিৰ ঘৰ পৰিচালনা কোনে কৰে? তেখেতৰ বৃদ্ধা মাতৃয়ে। এই ক্ষেত্ৰত মহাশয়ৰ ডিগ্ৰী কোনো কামত নাহিল। প্ৰথম অৱস্থাত মহাশয়ে নিজে ঘৰ পৰিচালনা কৰোঁতে এহেজাৰ টকাৰে জোৰা মাৰিব নোৱাৰি শেষত ধাৰত পোত গৈছিল। কিন্তু তেখেতৰ মাতৃয়ে যেতিয়া এই দায়িত্ব নিজ হাতলৈ আনিলে, ঘৰলৈ যেন লক্ষ্মী দেৱীৰহে আগমন ঘটিল। গতিকে মোৰ ভাই, মনৰ পৰা এই ভাৱ আঁতৰাই দিয়া যে তুমি এতিয়া মোৰ সমকক্ষ হৈ পৰিল আৰু স্বাধীন হৈ গ'ল। মই থকালৈকে তুমি অবাটে যাব নোৱাৰা। ভালদৰে কওঁতে যদি নামান, তেন্তে মই (থাপৰ দেখুৱাই) প্ৰয়োগ কৰিবলৈ বাধ্য হম। মই জানিছে, মোৰ কথাখিনি তোমাৰ বিহ যেন অনুভৱ হৈছে।”

 ককাইদেউৰ এইখিনি কথাই মোক একেবাৰে ধৰাশায়ী কৰি পেলালে। আজি সৰ্চাকৈয়ে মোৰ নিজকে বৰ ক্ষুদ্ৰ যেন লাগিল আৰু ককাইদেউৰ প্ৰতি অপাৰ শ্ৰদ্ধাৰে মোৰ মনটো ভৰি পৰিল। চলচলীয়া চকুৰে মই ক'লো - “নহয় ককাইদেউ। আপুনি যি কৈছে সেয়া সম্পূৰ্ণ সঁচা আৰু সেইখিনি কোৱাৰ অধিকাৰ আপোনাৰ সদায়ে থাকিব।”

 ককাইদেৱে মোক সাৱতি ধৰি ক'লে – “তোমাক চিলা উৰুৱাবলৈ মই হাক দিয়া নাই। খেলা-ধূলা কৰিবলৈ মোৰো মন যায়, কিন্তু কি কৰোঁ! নিজেই যদি অবাটে যাওঁ, তোমাক কিদৰে বচাই ৰাখিম? এয়াও যে মোৰ কৰ্তব্যৰ ভিতৰতে পৰে।”

 কাকতালীয়ভাৱে চিলা এখন সেই সময়তে আমাৰ ওপৰেদি উৰি গ'ল। চিলাখনৰ পৰা চিগা সূতাডাল দীঘলকৈ ওলমি আছিল। ল'ৰাজাকে চিলাখন ধৰিবলৈ কোহাল কৰি দৌৰি আহিল। ককাইদেউ যিহেতু ওখ আছিল, তেওঁ জাপ মাৰি সূতাডাল ধৰিলে আৰু চিলাখন লৈ ছাত্ৰাবাসৰ দিশে তীব্ৰ বেগেৰে লৰ মাৰিলে। ময়ো পাছে পাছে দৌৰ মাৰিলোঁ।