পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৯

 ⵓ“নগাঁও গৈ কি কৰিবি।” আচৰিত হৈছিল তাই।

 ⵓ“তাতো গাড়ী চলাব পাৰিম। সুবিধা পাইছো আৰু গধুলি চিনেমা হ’লত টিকট বেচিম। গুৱাহাটীতকৈ খৰচ কমিব। তিনি বছৰ হ’ল বিয়াৰ। লাহে লাহে সংসাৰ বঢ়াব লাগিব নহয়।” সি হাঁহিছিল। কিন্তু দুখ লাগিছিল মায়াৰ। ধনী ঘৰৰ একমাত্ৰ সন্তান হেমন্তই আজি তাইৰ কাৰণে কি কৰিব লগা হৈছে। প্ৰায় এক মাহ পিছত সিহঁত নগাঁওলৈ উভতিল। গাঁওলৈ যাবলৈ উপায়ে নাছিল। সেইবাবে টাউনতে ৰুম এটা ল'লে বস্তিৰ ফালে। হেমন্তই দিনত গাড়ী চলাই আৰু আবেলি চিনেমা হ’লত গৈ টিকট বেছে। মায়াইও ওচৰৰে মাইকী মানুহৰ লগ লাগি আচাৰ বনোৱা কামত লাগিল। সিহঁতৰ সংসাৰখন সুন্দৰকৈ চলি থাকিল।

 ⵓ“মায়া। কাইলৈ উলাবি তোক চিনেমা দেখুৱাবলৈ নিম।” হেমন্তৰ কথা শুনি তাইৰ মুখ মেল খাই থাকিল। জীৱনত টিভি দেখি নোপোৱা মায়াই চিনেমা চাব।

 ⵓ“ই আই। কি কথা কৱ তই। এইবোৰ ধনী মানুহৰ বস্তু। মই নাযাওঁ‌ পাই লাজ লাগে। সবেই হাঁহিব।” জাপ মাৰি উঠিল তাই।

 ⵓ“কি যে কৱ তই। হেৰৌ মই সদায় তাত টিকট বেছোঁ‌। কাইলৈ যেনিবা তোক লৈ যাম সেইটোহে কথা।” হেমন্তৰ উৎসাহলৈকে চাই তাই হা ক'লে। যদিও ভিতৰি সমুলি ইচ্ছা নাছিল। চিনেমা নামহে শুনিছে। কি হয় বুজি একোৱেই নাপায়।

 তাই উলইছিল পিছদিনা। লাজে লাজে হেমন্তৰ হাতত ধৰি গৈছিল তাই। আৰু বুকু ফিন্দাই গৈছিল হেমন্ত। চিনেমা হ’লত সোমাই ভয়তে জীৱ যোৱাৰ অৱস্থা হৈছিল তাইৰ। ইমান ডাঙৰ আকৃতিৰ মানুহ যে থাকে তাই ভবাই নাছিল। চকু জপায়েই তাই বেছি সময় পাৰ কৰিলে। শেষত জীৱনত কেতিয়াও নাহোঁ বুলি হ'লৰ পৰা উলাই আহিল।

 ⵓ“কি প্ৰকাণ্ড মানুহ ঔ। কপা আহি এইগাল!!” তাইৰ প্ৰশ্নত হাঁহি হাঁহি হেমন্তই বুজাই দিছিল সকলো।

 ⵓ“কি হে ভাই। আজি ব্লেক কৰা নাই নেকি?”

 „”“নাই ভাই। আজি ৰেষ্ট। কাইলৈ পাবি।”

 ⵓ“অ’কে দোষ্ট।”

 চিনেমা হ'লৰ বাহিৰত হেমন্তৰ কোনোবা চিনাকি মানুহ যে গম পালে মায়াই। কিন্তু কিয় জানো ভাল নালাগিল তাইৰ।

 ⵓ“ব্লেক মানে কি অ’?”

 ⵓ“মই যে টিকট বেছোঁ। সেইটো ব্লেক।”

 ⵓ“এটা কথা ক'চোন। যদি টিকট তইয়ে বেছ তেন্তে সৌ তাত বহি থকাটো কোন?”কাউণ্টাৰলৈ আঙুলিয়াই সুধিলে তাই।

 ⵓ“হাঃ হাঃ। কলিজাজনী অ’ তই নুবুজিবি এইবোৰ। ঘৰলৈ যাওঁ বল।”

 ঘৰ আহিও তাই শান্তি নাপালে। কিবা এটা ভাৱে খুন্দিয়াই থাকিল।

 ৰাতি তাৰ বুকুৰ মাজত সোমাই আকৌ সুধিলে,

 ⵓ“কচোন ব্লেক মানে কি?”

 ⵓ“আকৰী। ব্লেক মানে ২ নম্বৰী টিকট অ'। আমাক উলিয়াই দিয়ে আমি বেছি দামত বেছোঁ।”

 আৰু কিবাকিবি কৈছিল সি। কিন্তু তাইৰ কাণেদি নোসোমাল। “২ নম্বৰী” শব্দটোৱে তাইৰ কাণত শেলে বিন্ধাদি বিন্ধিলে।

 ⵓ“তই ২ নম্বৰী কাম কৰিছ।”

 হেমন্ত মৌন হৈ ৰ'ল তাইৰ ৰূঢ় মাতত।

 ⵓ“একো নহয় অ’। ভাল লাগে জান টিকট টিকট চিঞৰি। মোৰ চাৰিওফআলে মানুহবোৰে ঘেৰি ধৰেহি।”

 ⵓ“কিন্তু ২ নম্বৰী কাম। নকৰিবি হেমন্ত। মই দুবেলা নাখাই থাকিম কিন্তু তই এইটো কাম নকৰিবি।”

 ⵓ“কিন্তু মায়া।” হঠাতে তাই মূৰ ঘূৰাই পৰি গ'ল।

অৰ্দ্ধ-আকাশ : ৰচনা সমগ্ৰ, প্ৰথম খণ্ড