পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৮

পাপীষ্ঠ জাতীয় কথাৰে ভৰি পৰিল। মুঠতে সকলোৰে এটোই মত তাইক গাঁৱৰ পৰা খেদিব লাগে নহ'লে গাঁওখন শেষ হ’ব। সেইদিনাহে মায়াই বুজিলে এইচাম সেইসকল ভদ্ৰলোকে আছিল যি এমাদিমা তাইক লৈ জীৱন যুঁজত নামিপৰা ৰেৱতীৰ গাভৰু শৰীৰটো ভোগ কৰিবলৈ নাপাই আক্ৰোশ পুহি ৰাখিছিল। ৰেৱতী আৰু মায়াৰ গাঁওখনত জীয়াই থকা অসম্ভৱ হৈ পৰিল। মায়াই বুজি পালে যে এই সকলোবোৰৰ মূল তাই। তাই শেষ হলেই সকলো ঠিক হৈ যাব। নিজকে নিঃশেষ কৰাৰ এদিন মন বান্ধি ল'লে তাই। ভৰা কলঙত জাপ দিব তাই। সেইদিনা ৰাতি ভাত বনাই মাকৰ সৈতে খাই মাকক শুৱালে তাই। মাকৰ টোপনি যোৱাৰ পিছত ভৰি দুখন চুই হুৰাহুৰে কান্দিলে তাই।

 ⵓ“মোক ক্ষমা কৰি দিবি মা। মই জীয়াই থাকিলে তইও শান্তিৰে থাকিব নোৱাৰিবি। মই মৰি যাওঁগৈ। পাৰিলে মোক ক্ষমা কৰিবি।” মাকক সেৱা কৰি হাতত সাৰে ভৰি সাৰে তাই উলাই আহিল। কলঙৰ পাৰত ৰৈ হেঁপাহ পলোৱাই কান্দিলে। তাই জাপ মাৰিবলৈ উদ্যত হওঁতেই পিছফালৰ পৰা কোনোবাই থাপ মাৰি ধৰিলে।

 ⵓ“কি কৰিছ তই।”

 ⵓ“হেমন্ত তই।”

 আচৰিত হৈ চাই ৰ'ল তাই। কিন্তু পিছ মুহূৰ্ততে তাক থেলা মাৰি দিলে তাই।

 ⵓ“মোক মৰিব দে। মই জীয়াই থাকিলে কোনোৱে শান্তি নাপাই মৰি যাম।” হুৰাহুৰে কান্দি উঠিল তাই।

 ⵓ“পাগল হৈছ তই। ভাগ্যে এই ৰাতিখন এইফালে অহা দেখি বকুলে খবৰ দিলে মোক। তই মৰিলে মই কেনেকৈ জীয়াই থাকিম এবাৰ ভাবিছ।”

 ⵓ“কিয়!! সেইদিনাৰ পৰা জানো খবৰ ৰাখিছ আমি কেনেকৈ জীয়াই আছে।” খঙত তাইৰ মাতটো ডাঙৰকৈয়ে উলাল।

 ⵓ“ৰাখিছোঁ। সকলো খবৰ ৰাখিছোঁ। মাথো এটা সমাধান বিচাৰি আছিলোঁ।”

 ⵓ“পালি??” তাই খঙতেই সুধিলে।

 ⵓ“পালোঁ।”

 ⵓ“আমি পলাই যাম। আজিয়েই!! বহুত দূৰলৈ।”

 ⵓ“তই পাগল হৈছ।” আচৰিত হৈ চিঞৰি উঠিল মায়াই।

 ⵓ“অ' পাগল হৈছো। ইমান দিনে পাগলেই হৈছো। তোৰ পৰা আঁতৰি জীয়াই থাকিব নোৱাৰোঁ। মানুহে দুদিন হুলস্থুল কৰিব পিছত আমাক পাহৰিব। এনেও ঘৰত কেতিয়াও আদৰি নলয় আমাক। গতিকে আমি দুৰলৈ যামগৈ। ব’ল।” একপ্ৰকাৰ টানিলেই হাতত ধৰি তাইক।

 ⵓ“হেমন্ত!!! কি কৰ।”

 ⵓ“মই তোক সুধা নাই। কৈছো ব’ল। বলীন, বীৰেনহঁত ৰৈ আছে চ’কত।”

 কিয় জানো মায়াই না ক'ব নোৱাৰিলে। সেইদিনা যি হাতত ধৰিলে হেমন্তৰ হাতত ধৰি গাঁওৰ বাহিৰলৈ নোলোৱা মায়া গুৱাহাটী মহানগৰ পালেগৈ। প্ৰথমেই সিহঁতৰ কামাখ্যাত বিয়া হ'ল। তাৰ পিছত হেমন্তৰ বন্ধু এজনে সৰুকৈ থকাৰ ব্যৱস্থা কৰি দিলে। কিন্তু আচল যুদ্ধ তাৰ পিছতহে আৰম্ভ হ'ল। হেমন্তৰ মাক বাপেকে তাক ত্যাজ্যপুত্ৰ কৰিলে। কিন্তু ৰেৱতীৰ হেৰুৱাবলৈ একোৱেই নাছিল। এদিন মাকৰ খবৰ লৈছিল তাই। কিন্তু ৰেৱতীয়ে মাত্ৰ কৈছিল তাইৰ একো আক্ষেপ নাই কাৰো ওপৰত। মাকে আকৌ তামোল খোৱা আৰম্ভ কৰিছিল বুলি শুনিছিল তাই। লাহে লাহে ৰুগীয়া হৈ এদিন সংসাৰ ত্যাগ কৰিলে তামোলসেৰীয়া ফেলেকা হাঁহিৰ ৰেৱতীয়ে।

 সিফালে হেমন্ত-মায়াৰ সংসাৰখন টানি আজুৰি চলি থাকিল। তাই ভবাতকৈ বহুত বেছি মৰমৰ মাজত ৰাখিছিল। হেমন্তই তাইক। সি গাড়ী চলাইছিল। কলেজ গৈছিল যদিও পঢ়া সম্পূৰ্ণ নকৰা হেমন্তৰ একো উপায় নাছিল হাতত। হ'লেও সুখী আছিল দুয়ো দুয়োৰে লগত।

 ⵓ“মায়া অ’। আমি নগাঁও যাওগৈ ব’ল।”

 এদিন ৰাতি তাইৰ বুকুৰ মাজত সোমোৱাই কৈছিল হেমন্তই।