পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮৩

 ⵓ“মায়া!!! মায়া।”

 মুহূৰ্ততে হুৱাদুৱা লাগিল বস্তিত। কিন্তু সেই হুৱাদুৱাই পিছদিনা তালৈ এটা ভাল খবৰ আনিলে। সি বাপেক হ'বলৈ উলাইছে। গোটেই বস্তিত ফুৰ্তিৰ টৌ বিয়পিল। কিন্তু মায়াৰ মুখত সেমেকা হাঁহিয়ে থাকিল।

 ⵓ“তোৰ কি হৈছে অ' মায়া। মা হবি তই। মই দেউতা হ'ম। কিমান সুখ। ছোৱালী এজনী পালে মোক একোৱে নালাগে। তই মন মাৰি কিয় আছ নো??” তাইৰ হাতখন নিজৰ হাতত লৈ কৈ গ'ল সি।

 ⵓ“তোক ক'লে তই মানিবি?”

 ⵓ“কৈ চা চোন। এতিয়াও সন্দেহ আছেনে?”

 ⵓ“তই ব্লেক কৰা বন্ধ কৰ। টিকট বেছা বন্ধ কৰ।”

 হাতখন এৰ খাই গ'ল তাৰ। কিন্তু পিছ মুহূৰ্ততে কৈ উঠিল,

 ⵓ“যদি এইটোৱে তোৰ দুখৰ কাৰণ তেন্তে আৰু নকৰো মই ব্লেক। বেলেগ কাম বিচাৰি ল'ম হ'ব??”

 মায়াৰ মুখত বহু দিনৰ মূৰত ৰেৱতীৰ দৰে তামোলসেৰীয়া ফেলেকা হাঁহিটো বিয়পি গ'ল।

 ⵓ“কিন্তু আজি শেষবাৰৰ বাবে মোক যাব দে। মই সকলো হিচাপ শেষ কৰি আহিম।”

 তাৰ মুখলৈ চাই মায়াই সন্মতিৰে হাঁহিলে।

 দুপৰীয়া নিজ হাতেৰে তাৰ প্ৰিয় সৰু মাছৰ টেঙা জোলেৰে ভাত খুৱাই পঠিয়ালে মায়াই।

 ⵓ“মই সোনকালে আহিম। তই ভালকৈ থাকিবি।”

 তাইৰ কপালত চুমা এটা খাই উলাই গ'ল সি।

 আবেলি ঠিক ৪ বজাত এক প্ৰচণ্ড শব্দত গোটেই বস্তিলৈকে কঁপি উঠিল। মায়াৰ বুকুখন চিৰিংকৈ মাৰিলে। সকলো উলাই আহিল বাহিৰলৈ। কোনোবা এটাই চিঞৰি গ'ল,

 ⵓ“চিনেমা হ’লত ব’ম ফুটিল। বহুত জখমি হৈছে।”

 মায়াৰ ভৰিৰ তলৰ মাটি হেৰাই গ'ল। তাইৰ ভৰি দুখন ক্ৰমান্বয়ে চিনেমা হ'লৰ ফালে দ্ৰুত গতিত আগুৱালে।

 ⵓ“মায়া তই নাযাবি। বাচ্ছাটোৱে কষ্ট পাব।”

 কিন্তু মায়াৰ চকুৰ আগত হেমন্তৰ বাদে একাৱেই নাহিল। গোটেই হ'লৰ চাৰিওফালে হৈ-চৈ, মানুহৰ দৌৰা-দৌৰি। কিম্ভুতকিমাকাৰ ৰূপ লৈছে কিছুমান মানুহৰ। লগতে চাৰিওফালে জুই। তাইৰ হলহলাই বমি হৈ গ'ল। ঢলি পৰিব ধৰোতেই কোনোবা এটাই থপিয়াই ধৰিলে।

 ⵓ“ভাবি!! ভাৱি!! হেমন্ত হস্পিতেচল মে হে।” কেনেকৈ গৈ তাই হস্পিতেল পালেগৈ, কোনে নিলে তাইৰ একো মনত নাই। মাত্ৰ তাইৰ চকুৰ সন্মুখত দেখিলে হেমন্তৰ এটা নিথৰ শৰীৰ। যেন গভীৰ প্ৰশান্তিত সি শুই আছে।

 ⵓ“হেমন্ত!! হেমন্ত উঠ তই। কিয় এনেকুৱা কৰিছ উঠ মোৰ ভয় লাগিছে।” গগণ বিদাৰি চিঞৰিলে তাই কিন্তু হেমন্ত নুঠিল। তাইৰ চিঞৰ হস্পিতালৰ বহুত চিঞৰৰ মাজত হেৰাই গ'ল।

 তাৰ পিছৰ পৰা মায়াক সুস্থ অৱস্থাত কোনেও দেখা নাপালে। সন্তানটোও গৰ্ভতে নষ্ট হ’ল। প্ৰায় এমাহ মানৰ পিছত তাই সম্পূৰ্ণৰূপে মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। কোনোদিনা হিয়া ধাকুৰি কান্দে আৰু কোনোদিনা হাঁহে। প্ৰায়ে হাতত এসোপামান কাগজ লৈ তাই চিনেমাহ’লৰ ওচৰে-পাজৰে ঘূৰি ফুৰে আৰু চিঞৰি ফুৰে,

 ⵓ“টিকট টিকট!!”

 তাৰ পিছত খিলখিলাই হাঁহি দিয়ে। সময়ৰ ঢৌত তাইৰ আচল নাম হেৰাই গ'ল। আৰু মানুহৰ মাজত চিন ৰ'ল এজনী ‘টিকেট পাগলী” বুলি।

 (৩)

 মৌন হৈ ৰ'ল তনিষ্ঠা। গোটেই কথাখিনি শুনি তনিষ্ঠাৰ চকুৰে জুই উলাবলৈ ধৰিলে। ইমান দুখ কোনোবাই সহিব পাৰেনে!! আৰু তেনেকুৱা এজনী মানসিক ভাৰসাম্যবিহীন মানুহক কোনোবাই বলাকাৰ কৰিলে!! চিঃ তাইৰ নিজৰেই ঘৃণা উপজিল। মানুহৰ নামত কিছুমান পশুহে জীয়াই আছেগৈ। কেনেকৈ ইমান তললৈ নামে মানুহ!! কোন সতে ৰাস্তাৰ কাষত