পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭০

চহৰৰ মৰ্টন

মনালিছা গগৈ

 খবৰটো আনিলে প্ৰথম অকণে।

 সি চহৰ যাওঁতে বেনাৰ মাৰা দেখি আহি গাৱঁত জনালেহি। গাৱঁত তাৰ মুখত কথাতো শুনিয়েই চবেই যায়েই আৰু।

 পিচে তেতিয়াৰ দিনত চহৰ যোৱাতো অকণহঁতৰ গাৱৰ পৰা ইমানো সহজ নাছিল। ৰাস্তা বেয়া তাতে গাড়ী মটৰৰ অসুবিধাতো আছেই।

 ইলি হল আৰু অসমীয়া চিনেমা। এই দুইটাই তেতিয়া সকলোৰে আগ্ৰহৰ বিষয়। অকণকে চবেই খাটনি ধৰা দেখি সিয়ে উলিয়ালে বুদ্ধিটো।

 বাছ এখনকে ভাৰা কৰা যাওক। গোটেইখিনি একেলগে যাব। পিছে শশুৰ বৰঞ্জনা সমন্ধীয় সকলৰ লগত বোৱাৰীবোৰ কেনেকৈ যাব?

 আৰু চিনেমা হলত একেলগে চকীত কেনেকৈ বহিব? আকৌ চিনেমাত যদি দৌৰ মাৰি নায়ক নায়িকাই জোপোহাৰ মাজত সোমোৱা গান দিয়ে বোৱাৰীমখাই কি কৰিব? একো নাই। অকণেই দিলে বুদ্ধিটো। যাওঁতে যাব মিলাই মেলি আৰু। তাত গৈ মুঠতে ডাঙৰ খিনি আগৰ লাইন লব। আৰু সৰু খিনি পাছৰ লাইনত বহিব। বচচ।

 আকৌ সমস্যা। বয়সীয়াল কোনোদিন চহৰ নোযোৱা যোগেন দাইটি পৰিবাৰ খুৰিদেউ সহিতে ওলাল। যাবই। দৰকাৰ হলে এটকা বেছিকৈ দিব। যমৰ আগত কবলে চিনেমা চাবই। ল'ৰামখাৰ ইচ্ছা নাছিল যদিও ডাঙৰসকলৰ কথাত ললে আৰু।

 যথাসময়ত ইভিনিং শ্ব’ চাবলে ওলাল সকলো। গৈ পাই টিকেট সকলোৰে একেলগে অকনেই কাটি আনিলেগৈ।

 “ব’লক দেই সকলো।”

 কথামতেই ডাঙৰ সকল প্ৰথম বহি গতি লাগিলত পাছফালে বোৱাৰী আৰু সৰু মখা বহিছে।

 জোনটি খুইটিৰ পেচাব লাগিলেই নহয়। এজনীক লৈ যাওঁতে ঠিকেই গ'ল আহোতে তলৰ স্পেচিয়েল পাই কাকো বিছাৰি নাপাই পুতেক জোনটিক চিঞৰিছে –“ঐ সোনৌ। মই ইছপেছি পালোহি। নে হি মোক অ।”

 বকি ৰতি জোনটিয়ে আনিলেগৈ খুইটিক। যোগেন দাইটিয়ে আকৌ জপাই থোৱা চকীখন মেলিব নাজানি সেইভাগেই জাপমাৰি উঠি বহি চবতকৈ ওখ হৈ আছে কাষতে কণে দেখি নমাই চকিখন মাজতে দুভাগ কৈ মেলি দি বহালতহে আনৰ সমানত আহিল।

 যোগেন দাইটিৰ খুৰিটিয়ে কোনোদিন এইবোৰ দেখি নোপোৱা অবাক লাগিল। পেটে পেটে ভয়ে।

 “আই অকণ। ব’লচোন মই পানী এগিলাচ খাই আহো বাহিৰত”। অকণৰ লগত হোটেল এখনতে পানী খাই হে ৰক্ষা দেই।

 চবকে দিম বুইছ। মৰটনগুটি দুটামানকে লৈ লওঁ। অকণে চাদা মলাত লাগিল খুই কি লৱ ল বুলি।

 মৰটন লৈ আহিল দুইটা। আন্ধাৰে মুন্ধাৰে এটা মুখত ভৰাইও ললে খুইয়ে।

 চিনেমা আধা গ'ল আৰু।

 খুৰিটিয়ে লাহেকৈ যোগেন দাইটিক খোচ মাৰি। “হেয়ি শুনিছে। এইটো কি গুটি অ। ৰস পিট একো নাই। নাভাগেও কোমলো নহয়। গোটেই মুখত লৈ ঘূৰাই ফুৰাইছে।”