পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গাড়ীখন আহিব।”

 পদুমীয়ে সিহঁতৰ মুখলৈ চাই ক'লে, “কথাবোৰ ভালকৈ ভাবি চাইছ নে তহঁতে?”

 ⵓ অ’ মাই! সকলো ভাবিলোঁ। মাত্ৰ তিনিমাহ সময়। কি ঠিক আমি আশা কৰা মতে দাদা সলনি হৈ আমাৰ মাজলৈ ঘূৰি আহিব।

 পদুমী আৰু ছোৱালী দুজনীৰ মাজৰ সিদ্ধান্ত এয়েই আছিল যে, মেট্ৰিকৰ পৰীক্ষালৈকে এই তিনিমাহ, সপোনক গুৱাহাটীৰ ‘ৰিহেবিলেচন চেণ্টাৰত’, মদ আৰু ড্ৰাগছৰ পৰা দূৰ কৰিবলৈ থোৱা হ'ব। সেইবাবে ছোৱালী দুজনীয়ে, গুৱাহাটীৰ ৰিহেবিলেচন চেণ্টাৰ সাৰথিৰ লগত ফোনযোগে কথাপাতি কাইলৈকে দাদাকক নিবলৈ মাতিছে। ইয়াৰ বাবে খেতিৰ বাকী থকা মাটি কেইপুৰা বন্ধকত দিছে। দাদাকক নিয়াৰ সময়খিনিত দেউতাকে যাতে হুলস্থূল নকৰে সেইবাৰে সৰুজনীয়ে চাৰিআলিফালে আঁতৰাই নিব।

 সিহঁতে লোৱা সিদ্ধান্ত মৰ্মেই পাছদিনা শোৱাপাতিৰ পৰাই সপোনক ৰিহেবিলেচন চেণ্টাৰ সাৰথিৰ মানুহ আহি লৈ গ'ল। সেই সময়ত সৰুজনী ছোৱালীয়ে দেউতাকক বজাৰ কৰা চলেৰে উলিয়াই লৈ গৈছিল। যোৱাৰ সময়ত সি চিঞৰি চিঞৰি কান্দিলে। মাক পদুমীয়েও কান্দিবলৈ ধৰাত, ছোৱালীজনীয়ে মাকক বুজালে, “মাই, দাদাক শুদ্ধ পথলৈ অনাত এয়া আমাৰ প্ৰথম খোজ, তই নাকান্দিবিচোন।” ওচৰৰ মানুহে অবাক হৈ কোনো কোনোৱে, নিজৰ মাজত ক'লে, “ইমান নিৰ্দয় নে এই মাক-জীয়েকহঁত, এনেকুৱা মানুহ ক’তো দেখা নাই দেই।” কোনোৱে আকৌ ভাল ভাবেই ক'লে, “হওক, ল'ৰাটো ভাল হওক আৰু আমিও এইকেইদিন শান্তিৰে থাকোঁ।”

 কিছুসময়ৰ পাছত সৰুজনীয়ে দেউতাকক আনি ঘৰ সোমোৱালে। বাপেকে একো নুসুধোতেই মাকৰ লগতে থকা ছোৱালীজনীয়ে দেউতাকক ক'লে, “দেউতা, দাদাক গুৱাহাটীলৈ পঢ়িবলৈ পঠিয়াইছো, এতিয়া গুৱাহাটীৰ পৰা মানুহ আহি লৈ গ'ল।” বাপেকে মদৰ ৰাগিতে চিঞৰিলে,“ঐ,টকা ক’ত পালি তাক পঢ়োৱাবলৈ, তহঁত মাক-জীয়েৰহঁতে মোক সকলো সম্পত্তি বেছি শেষ কৰিলিহঁত।

 দেউতাকৰ কাষত থকাজনীয়ে চিঞৰি উঠিল, “দেউতা, তোৰ দিনত যদি এইবোৰ পঢ়া-শুনাৰ ব্যৱস্থা থাকিল হয়, তোক ককা-আইতাই বিয়া পাতি নিদি তালৈ পঠিয়ালে হয়। আৰু তেতিয়া আমি আজি দাদাক সেই ঠাইলৈ পঠিয়াব নালাগিল হয়। বাপেকে মদৰ ৰাগিত ধলং-পলং কৰি, ‘অকে, অকে, ফাইন, ফাইন’ বুলি কৈ কৈ ভিতৰলৈ গ'ল।

 ছোৱালী দুজনীয়ে মাকক সাৱতি ধৰি বুজনি দিলে, “মাই, সেই আমাক নিৰ্দয় বুলি কোৱা ওচৰৰ মানুহে কেতিয়াও আমাৰ ঘৰৰ এপদ এপদকৈ বস্তু নিচাৰ ৰাগিত গ্ৰাস হওঁতে সহায় কৰা নাছিল, কেতিয়াও দাদাক ভাল পথ দেখুৱাবলৈ যত্ন কৰাও নাছিল। তইয়েই আমাক জীয়াই ৰাখিলি। এতিয়া আমাৰ দায়িত্ব দাদাক শুদ্ধ পথলৈ ঘূৰাই অনা আৰু ঘৰখনক ঘৰ হিচাপে শুৱনি কৰি তোলা। কিজানি এই খোজে আমাৰ দৰে অন্য ভুক্তভোগীকো এটি পথৰ সন্ধান দিয়ে।”