পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭

 : এইটো কি মানে? কিবা হ’ল নেকি?

 : ইমান দীঘল ডাঠ সেন্দূৰ লগাইছা। পাৰিলে গােটেই সেন্দূৰৰ টেমাটো মূৰত ঢালি নললা কিয়?

 বিৰক্তিৰে কলে অদিতিয়ে। অমৃতাই তাইৰ কথাটো মৃদু হাঁহি এটিৰে আওকাণ কৰি গাড়ীৰ সন্মুখৰ বাওঁফালৰ দুৱাৰখন খুলি বহি ললে। ড্রাইভিং ছিটত অদিতি।

 : ইমান কৈ আজি সেন্দূৰ লগাই আহিছা...অনিৰুদ্ধ স্পেচিয়েল নেকি?

 অদিতিৰ কথাৰ সুৰত স্পষ্ট কটাক্ষ।

 : কি কি যে কৈ থাকা নহয়।

 অমৃতাক মুখখন সামান্য বেঁকা কৰি দেখুৱাই গাড়ী ষ্টার্ট কৰিলে তাই। ষ্টেৰীয়ত মৃদু সুৰত বাজি উঠিল লতা মংগেশকাৰৰ কণ্ঠৰ এটি দৰদী পুৰণি গীত।

 মেৰিন ড্রাইভৰ ব্যস্ত ৰাজপথৰ মাজৰ ব্যস্ততা ফালি আগুৱাই গৈ থাকিল গাড়ীখন।

 অমৃতাই এনেয়ে এবাৰ চালে অদিতিৰ ফালে। একান্তমনে সন্মুখৰ গাড়ীৰ লানিটোলৈ চাই গাড়ী চলাই গৈছে তাই। মাজে মাজে সংগীতৰ তালত আঙুলিৰে মৃদু টোকৰ দিছে গাড়ীৰ ষ্টিয়েৰিঙত।

 তাইৰ পিন্ধনত দীঘল, পাতল হালধীয়া ৰঙৰ সন্মুখৰ পৰা ফলা কুর্তী লগতে নীলা ফিটিং জিনছ। ৱেভি দীঘল চুলিখিনি পৰিপাটিকৈ পিঠিত ছেট কৰি থৈছে। সেন্দূৰ নলগাই তাই। ভাল নাপায়।

 অদিতিৰ মতে ভাস্কৰ, বিপ্লৱহঁতৰ দৰে প্ৰতাৰক স্বামীৰ দীর্ঘ আয়ুস কামনা কৰি সেন্দূৰ পিন্ধা মানে কটকটিয়াকৈ নিজৰ শৰীৰত সাপ মেৰিয়াই লােৱাৰ দৰে কথা।

 অদিতিৰ ৰেহ ৰূপ, ছাল চলন, কথা ভঙ্গীমা, সাজ সজ্জা অতি আধুনিক হলেও তাই আমােদ পায় পুৰণি গীত শুনি, পুৰনি ফিল্ম চাই... অমৃতাৰ দৰে কোনাে এংগলত তাইৰ লগত নিমিলা অতীতৰ বুকুত স্মৃতি খুচৰি নিজৰ ভাৱনাত বিলীন হৈ থাকি ভাল পােৱা বৰিঙ মানুহ এজনীৰ সংগ ভাল পায়... আৰু ভাল পাই তাইৰ নিৰস কথাবােৰ শুনি ..।

 নির্দিষ্ট অফিচ বিল্ডিংটোৰ বেচমেণ্টত গাড়ীখন পার্কিং কৰি দুয়াে তাৰপৰাই লিফটত উঠি আহিল ফাৰ্ষ্ট ফ্লৰলৈ। অদিতিৰ লগে লগে কিছু কুণ্ঠা, কিছু শংকা, মনত লৈ ধীৰ গতিৰে দুৰু দুৰু বুকুৰে গ্লাছৰ দুৱাৰ ঠেলি সােমাই আহিল অমৃতা।

 কেনেকুৱা হব তাৰ প্রতিক্রিয়া ইমান বছৰৰ মূৰত তাইক দেখি? তধা লাগি চাই ৰব চাগে সি।

 কথাষাৰ ভাবােতেই এক অনামী শিহৰণে চুই গল তাইক।

 : য়েছ মেম । হাও কেন আই হেল্প ইউ?

 মুখত মিঠা হাঁহি এটিৰে অদিতি আৰু অমৃতালৈ চাই সহায় কৰাৰ সুৰত কলে ৰিছেপচনিষ্ট গৰাকীয়ে।

 : ৱি হেভ এ এপইন্টমেন্ট ৱিথ মিষ্টাৰ অনিৰুদ্ধ বৰুৱা। আই এম অদিতি।

 : অহ য়েছ। আই ৰিমেম্বাৰ।

 ৰিছেপচনিষ্ট গৰাকীয়ে লগে লগে অফিচ বয়টোক মাতি ইনষ্ট্রাকচন দিয়াৰ সুৰত কিবাকিবি কলে।

 : দিছ ৱে মেম।

 অফিছবয়টোৰ পিছে পিছে খােজ দিলে অদিতি আৰু অমৃতাই। বুকুখন পুনৰ অবাধ্য হৈ আৱেগত নে এক অনামী উত্তেজনাত ধপ ধপাই উঠিল অমৃতাৰ। অফিচ ৰুমৰ ভিতৰত বা কোন আছে ! কাক লগ পাবলৈ গৈ আছে তাই ?

 অনিৰুদ্ধ বৰুৱা নে অনুৰাগ ?

 অফিচ ৰূমটোৰ মূল দুৱাৰখনৰ বাহিৰত ৰৈ গ’ল ল’ৰাজন।

 : ছাৰ ইছ দেয়াৰ ইনচাইড। ইউ কেন গ’।

 অদিতিয়ে লাহেকৈ দৰ্জাখন আধা খুলি দুৱাৰখনত এটি মৃদু টোকৰ দিলে।

 : ইয়েছ, প্লিজ কাম ইন।

 গম্ভীৰ পুৰুষ কণ্ঠস্বৰ এটা ভাহি আহিল। সেই কণ্ঠস্বৰে যেন বুকুৰ আভ্যন্তৰীণলৈ চুই গল অমৃতাৰ। কত বছৰ, ... নহয় কত যুগৰ পিছত যেন শুনিছে তাই এই গম্ভীৰ কণ্ঠ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড