পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮

 উৎকণ্ঠীত অন্তৰেৰে সংযমিত খােজেৰে দুৱাৰ ঠেলি সােমাই আহিল দুয়ােগৰাকী।

 দুৱাৰ খনৰ ফালে পিঠি দি আলমাৰীখনৰ ওচৰত থিয় হৈ কিবা এখন ফাইলত নিমগ্ন হৈ থকা ওখ মানুহজনে ঘূৰি চালে।

 স্তম্ভিত হৈ ঠাইতে প্রস্তৰ মূৰ্তিৰ দৰে থিয় হৈ ৰল অমৃতা। তাইৰ তৃষ্ণাতুৰ নয়ন জুৰাই যে সন্মুখত থিয় হৈ আছে অনুৰাগ... তাইৰ অনুৰাগ।

 কিমান বছৰ .. ? নহয় এটা যুগৰ পিছত যেন দেখিছে তাই এই মুখ, এই চকুহাল...।

 বিশ্বাস কৰিবলৈ টান পাইছে অমৃতাই।

 “অনুৰাগ’’

 অস্পষ্ট কৈ ফুটি উঠিল তাইৰ ওঁঠত।

 অজানিতে ওঁঠত বাগৰি আহিল উচ্ছল জলধাৰাৰ দৰে এটি আনন্দৰ হাঁহি....

 দুভৰি কঁপি উঠিল তাইৰ। প্রবল ইচ্ছা জাগি উঠিল, আৰু কেইখােজমান আগুৱাই গৈ অনুৰাগৰ বুকুত মুখ গুজি হেঁপাহ পলুৱাই কান্দিবলৈ।

 কিন্তু শিকলিসদৃশ এক অজান বান্ধোনে বান্ধি ৰাখিছে তাইৰ দুভৰি, যাব খুজিও যাব পৰা নাই তাই, তাৰ ঠাইত মাথাে কঁপি উঠিছে বন্ধনত আবদ্ধ হাত ভৰি।

 অনিৰুদ্ধ বৰুৱাইও কিছুদেৰী চাই ৰ’ল তাইলৈ। দুচকুত জিলিকি উঠিল সেই একেই আৱেগ, সেই একেই উৎসাহ....কিন্তু, ক্ষণিকৰ বাবে মাথাে। পিছমুহূর্ততে সি দৃষ্টি ঘুৰালে অন্য দিশে। হাতৰ ফাইলখন টেবুলখনৰ ড্ৰয়াৰত ভৰাই থ’লে।

 : বহক মিছেছ শইকীয়া।

 অদিতিয়ে নির্বাক, নিস্তব্ধ হৈ থিয় হৈ থকা অমৃতাৰ গাত সামান্য হেঁচুকী দিলে। থতমত খাই উঠিল অমৃতা। টেবুলখনৰ সন্মুখৰ চকী দুখন অলপ পিছলৈ টানি নিজে বহি লৈ তাইকো বহিবলৈ দুচকুৰে ইংগিত দিলে অদিতিয়ে। দুচকুত অপাৰ বিস্ময় লৈ বহোঁ নবহোঁকৈ চকীখনত বহি ললে অমৃতাই।

 : মিষ্টাৰ বৰুৱা... এওঁ মােৰ বান্ধৱী মিছেছ অমৃতা দত্ত।

 : নমস্কাৰ।

 অনিৰুদ্ধ বৰুৱাৰ নমস্কাৰৰ সঁহাৰিত প্ৰতি নমস্কাৰ জনাবলৈও পাহৰি অবাক হৈ চায়েই ৰল অমৃতাই।

 সম্পূর্ণ অচিন, সম্পূর্ণ অজান ব্যক্তিৰ দৰে সাধাৰণ ভাৱে সৌজন্যমূলক গম্ভীৰ হাঁহি এটি মুখত বিয়পাই আহল বহল টেবুলখনৰ সিপাৰে প্ৰশান্তচিত্তে বহি আছে অনুৰাগ ...অনিৰুদ্ধ বৰুৱাৰ ৰূপত।

 : কওকচোন বাৰু কি কামত বা আহিল আপােনালােক?

 বিস্মিত দৃষ্টিৰে অমৃতাই চাই ৰল অনুৰাগলৈ।

 অনুৰাগৰ এনে ধৰণৰ ব্যৱহাৰ ভাল পােৱা নাই তাই।

 অনুৰাগৰ ভাল লগা নাই নেকি তাইক দেখি? অচিনাকি ব্যক্তিৰ দৰে ব্যৱহাৰ কৰিছে কিয় সি? কতা, তাৰ দুচকুত কিয় জিলিকি উঠা নাই তাইক দেখাৰ আনন্দ, নতুবা অকণমান উচ্চাহ?

 দুচকুত নাই কোনাে আৱেগ...কোনাে অনুভূতি।

 : অনুৰাগ.... ইয়াত কেনেকৈ? কেতিয়া আহিলি ?

 কম্পিত কণ্ঠৰে সুধিলে তাই। তাই প্রশ্নত যেন থতমত খাই উঠিল সি। মনৰ আৱেগবােৰ নিয়ন্ত্রণ কৰি সি স্থিৰ দৃষ্টিৰে তাইলৈ চালে।

 : কি কৈছে মিছেছ দত্ত? কোন অনুৰাগ? মই বুজি পােৱা নাই।

 আহত দৃষ্টিৰে অমৃতাই দুচকুত বিস্ময় আৰু অলেখ অবুজ প্রশ্ন লৈ চাই ৰল অনুৰাগৰ ফালে।

 দুখ পাইছোঁ অনুৰাগ। বহুত দুখ পাইছোঁ।

 তাই জানে এয়া অনুৰাগ তাইৰ সন্মুখত। বাহ্যিক ৰূপ সামান্য সলনি কৰিলে বুলিয়েই জানাে তাই তাইৰ শৈশৱৰ বন্ধু

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড