ৱাহ অমৃতা। ইমান দিনে যিটো আধুনিকতা চাব নােৱাৰি মুখ কোঁচাই আহিছ আজি নিজেও সেই আধুনিকতাৰ প্রলেপ ভালকৈয়ে নিজৰ গাত সানি লৈছ।
তই পাহৰিলি অমৃতা। তই পাহৰিলি।
“আহ”
দুচকু জোৰেৰে মুদি দুহাতেৰে নিজৰ কাণ ঢাকি পাগলৰ দৰে চিঞৰি উঠিল তাই।
এয়া কি কৰিবলৈ লৈছিল তাই?
কি আশা কৰিছে তাই অনুৰাগৰ পৰা?
বুকুখন কঁপি উঠিছে সঘনে।
তাই কেনেকৈ পাহৰি যাব পাৰে! তাইৰ শিৰত জিলিকে সেন্দূৰ। সেই সেন্দূৰেই এতিয়া তাইৰ প্ৰথম পৰিচয়। গােলামীৰ মােহৰেই নহওক লাগে, ভাস্কৰে তাইৰ দেউতাক, পেহীয়েক, বিপ্লৱক সাক্ষী কৰি তাইৰ শিৰত সেন্দূৰ পিন্ধাইছিল। সেই সেন্দূৰ পাহৰি চঞ্চল মন লৈ অন্য পুৰুষৰ বাবে সাজোন কাচোন কৰাটো অনুচিত। একেবাৰেই অনুচিত।
স্থিৰ দৃষ্টিৰে অমৃতাই নিজকে চাই ৰল আইনাখনত। প্রতিবিম্বিত হল তাইৰ দুচকুত জ্বলমলাই উঠা দুটোপাল অশ্রুকণা। গুলপীয়া মুখখনৰ ৰং যেন কোনােবাই আজুৰি নিছেহি হঠাতে। বুকুৰ ভিতৰৰ পৰা যেন অবাধ্য হৈ এক অবুজ কান্দোন উজাই আহিছেহি।
আৱেগবােৰ হেঁচা ঠেলা কৰিছেহি বুকুখনত।
আজুৰি পেলােৱাৰ দৰে তাই টান মাৰি খুলি পেলালে সেউজীয়া শাৰীখন।
মেৰিয়াই ললে অইন এখন শাৰী...
ভাস্কৰৰ প্ৰিয় ৰং..... ৰক্ত জবাৰ ৰং।
প্রয়ােজনাধিক দীঘলকৈ সেউতা ভৰাই পিন্ধিলে টিকটিকিয়া ৰঙা গােলামীৰ মােহৰটো.. লাহে লাহে তাই মচি পেলালে ওঁঠৰ লিপষ্টিক, দুচকুৰ কাজল।
ওঁঠে মুখে ফুটি উঠিল এটি বিষণ্ণ হাঁহি।
আৱেগিক হব পাৰে অমৃতাই। কিন্তু অন্তৰৰ আৱেগবােৰৰ বহিৰ্প্রকাহ ঘটাব নােৱাৰে তাই ..ঘটোৱাৰ অধিকাৰ নাই। সেই অধিকাৰ সমাজে দিয়া নাই তাইক। তাইতাে ন-যৌৱন প্রাপ্ত চঞ্চলা গাভৰু নহয় ... ত্রিশৰ উৰ্ধৰ এগৰাকী বিবাহিতা মহিলা। এই বয়সত ইমান চঞ্চল কেনেকৈ হব পাৰে তাই?
অনুৰাগ ইতিমধ্যে তাইৰ জীৱনৰ পৰা বিচ্ছিন্ন হােৱা এটি নাম। এই কথা বুজিব লাগিব তাই। বুজাটো অত্যন্ত দৰকাৰ।
আৰু ... অনুৰাগেও কিজানি তাইক পাহৰিয়েই গৈছে। তাইৰ দৰে পুৰণি অনুভৱবােৰকে সাৱটি ধৰি নাথাকিবও পাৰে সি।
মােবাইলটো বাজি উঠিল।
: অদিতি।
শুষ্ক কণ্ঠৰে কলটো ৰিছিভ কৰিলে তাই।
: অমৃতা। আই এম অন দ ৱে। ৰেডি আছানে?
অদিতিৰ উচ্চাহিত কণ্ঠস্বৰ ভাঁহি আহিল।
: ওম। তুমি আহা।
: অকে। ৱেইট ফৰ টেন মিনিট।
মনৰ উচ্চাহ উদ্যম সকলাে ম্লান পৰিছিল অমৃতাৰ ইতিমধ্যে। মাথাে মনত অকণমান উৎকণ্ঠা ৰৈ গৈছেহি ...
.....অনিৰুদ্ধ বৰুৱা নে অনুৰাগ ??
(১২)
: এইটো কি আকৌ?