পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৬৮

বাপেকে নোহোৱা হোৱাৰ পৰা পদুমীৰ ওপৰত খঙটো তোলে।

 পদুমীয়ে প্ৰথমবাৰ এটি পুত্ৰ সন্তান জন্ম দিলে। মানুহে ক'লে ল’ৰাৰ মুখ দেখি ধীৰেন মাষ্টৰ সলনি হ’ব। পদুমীয়ে ল'ৰাটোৰ নাম ৰাখিলে “সপোন”। পিছে ধীৰেন মাষ্টৰ সলনি তিলমাত্ৰ নহৈ, মাষ্টৰ চাকৰিও যোৱাৰ অৱস্থাতহে পৰিল। দুদিনমান স্কুললৈ যোৱাৰ আগটো মদৰ ঘাটিত গৈ সোমাবলৈ ধৰাত মদাহী মাষ্টৰৰ বিপক্ষে সকলোৱে কৈফিয়ত দিলে। সেইবাৰ পদুমীয়ে প্ৰধান শিক্ষকৰ হাতে ভৰিয়ে ধৰি চাকৰিটো বচালে। ল'ৰাটোৰ পাঁচ বছৰত পদুমী আকৌ সন্তান সম্ভৱা হ'ল। তেতিয়ালৈ শাহু-শহুৰেক দুইজনে ইহ-সংসাৰৰ পৰা বিদায় লৈছিল। পদুমীয়ে ঘৰখন অকলে ধৰিবলগীয়া হৈছিল। তেনেকৈয়ে পদুমীয়ে যঁজা ছোৱালী দুজনীক জন্ম দিলে। ছোৱালী দুজনীক সময় দিয়াৰ লগতে ঘৰখন চাওঁতে ল'ৰাটো নিজে নিজে ডাঙৰ হ’ল। ইফালে ধীৰেন মাষ্টৰৰ চাকৰিটোও মদৰ ৰাগিতে গ’ল। ঘৰখনত ধীৰেন মাষ্টৰৰ ৰাজ চলিল, ৰাতিপুৱাই চাহ পানীৰ সলনি ঘাটি গৈ চুলাই খায়। ঘৰলৈ আহি অবাইছ মাত মাতি বয়-বস্তু ভাঙি তহিলং কৰে। নিচাৰ ৰাগিত ৰাস্তাৰ মানুহক ‘অ’কে (OK), অ’কে কৈ থাকে বাবে, ধীৰেন মাষ্টৰ গুচি ‘অ’কে মাষ্টৰ বুলি জোকোৱা হ'ল।

 তেনেকৈয়ে দিনবোৰ পাৰ হৈ ‘সপোন’ডাঙৰ হৈ মেট্ৰিকৰ পৰীক্ষা দিবলৈ আগবাঢ়িল। পঢ়াৰ পৰিৱৰ্তে তাৰ উদ্ভণ্ডালিৰ গোচৰ সদায় আহিবলৈ ললে। মাকে বহু বুজালে, কিন্তু সলনি নহ'ল। মেট্ৰিকৰ দেউনা এবাৰত পাৰ কৰিব নোৱাৰি, কিবা ব্যৱসায় কৰিম বুলি মাকৰ সোণৰ যি কণ সম্পদ আছিল তাকো বেছি পইছাকেইটা সৰকাই নিলে। পিছে ব্যৱসায়ৰ সলনি বাপেকৰ নিচিনা মদৰ নিচাৰ ৰাগিয়াল হৈ পৰিল। বাপেকতকৈ আৰু এখোজ আগুৱাই সপোনে ড্ৰাগছ সেৱনতো ধৰিলে।

 ঘৰখনৰ দুয়োটা ৰাগিয়াল আৰু অকৰ্মণ্য মানুহৰ বাবে পদুমীয়ে খেতি মাটি সকলোখিনি বন্ধকত দিব লগা হ'ল। কেতিয়াবা দুয়োটা বাপেক পুতেকে টকাৰ বাবে সেই বন্ধকত দিয়া মাটিকে বেছি পইছাও লৈ আহে। টকা-পইছাৰ বাবে পদুমীয়ে বাপেক-পুতেকৰ পৰা কেতিয়াবা ঠেলা গটা খাই নগুৰ-নাগুটি হয়। শেষলৈ ঘৰখনত এপদো কাঁহ-পিতলৰ বাচনো নাথাকিল, সকলো নিচাই গ্ৰাস কৰি পেলালে। খেতিৰ মাটিও আধাৰো অধিক বেছি শেষ কৰিলে।

 কথাবোৰ মূৰত পাক ঘূৰণি খাই থাকোতে কেতিয়ানো ছোৱালীকেইজনী টিউচনৰ পৰা আহি ঘৰ-দুৱাৰ চাফা কৰি, গোসাঁইৰ আগত চাকি দি আজৰি হ’ল, পদুমীয়ে গমেই নাপালে।

 ⵓ মাই, তই চোফাখনতে এই কাল সন্ধ্যাখন টোপনি মাৰিলি যে, ইমান মাতিলো গমকে নাপালি। সিহঁতৰ মাজৰ এজনীয়ে পদুমীৰ ওচৰলৈ আহি গাত হেচুকি ক'লে।

 ছোৱালী দুজনী বাপেক আৰু পুতেকৰ দৰে নহয়, সম্পূৰ্ণ বিপৰীত। পঢ়া-শুনাৰ লগতে সকলো দিশতে আগৰণুৱা বুলি অঞ্চলত খ্যাত। এইবাৰ ছোৱালী দুজনীয়ে মেট্ৰিকৰ পৰীক্ষা দিব। কিন্তু ককায়েক আৰু বাপেকৰ উৎপাতত সিহঁতে পঢ়া-শুনাত মন লগাবলৈ অসুবিধা হৈছে। সেইবাবে দুয়োজনীয়ে এটা সিদ্ধান্ত লৈ মাকৰ লগত আলোচনা কৰি মাকক মান্তি কৰাইছে। মাকে প্ৰথমে ঠেৰোগেৰু কৰিছিল৷ পাছত দুয়োজনীয়ে বুজালে, সেই সিদ্ধান্তই অকল সিহঁতৰ বাবেই নহয়, ককায়েকৰ ভালৰ বাবেহে।

 সিহঁতৰ মাজৰ এজনীয়ে মাকৰ কাষতে বহি ক'লে, “মাই, পুৱাতেই গুৱাহাটীৰ পৰা দাদাক নিবলৈ