পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৬৭

খোজ

নীৰুজা বৰা

 পদুমী নামঘৰৰ পৰা খৰখেদাকৈ আহিছে। হাতত মাহ প্ৰসাদৰ খৰাহীটো লৈ লগৰ কেইজনীকে পিছপেলাই ইমানেই খৰখেদা কৰিছে যে, যেন সোনকালে ঘৰত নোসোমালে, ঘৰখন কিবা ডাঙৰ বিপদতহে পৰিব। ঘৰে ঘৰে জ্বলি উঠা ইলেকট্ৰনিক লাইটবোৰে পদূলিবোৰ পোহৰাই তুলিছে।

 আহি থাকোঁতেই পদুমীয়ে ঘৰলৈ আহি কেনেকৈ কি কৰিব, মনতে জুকিয়াই আহিছে। অৱশ্যে তাই জানে এনেকৈ জুকিয়াই গ'লেও, একো লাভ নহ'ব। ঘৰখনক নিজৰ মতে পৰিচালনা কৰাত তাই ব্যৰ্থ হ'ল। এতিয়া তাইৰ মতে ঘৰ নহয়, ঘৰৰ মতেহে তাই চলিবলগীয়া হয়।

 পদুমী আহি নিৰ্দিষ্ট ঠাইত থৈ যোৱা চাবি কাঠি লৈ দুৱাৰৰ তলা খুলিলে। ছোৱালী দুজনী টিউচনলৈ গৈছে। অহাৰ সময়ো হৈছে। ঘৰৰ বাকী দুজন বৰ্তমান চাগে মদৰ দোকানত। অৱশ্যে বাপেক-পুতেক এখন দোকানলৈ নাযায়, দুয়ো বেলেগ বেলেগ দোকানৰ গ্ৰাহক হয়। বাপেকে চুলাই নামৰ পানী বিধতে সীমাবদ্ধ থাকে, কিন্তু পুতেক আধুনিক হোৱাৰ বাবে, মদ নামৰ ৰঙীন পানী আৰু নিচাৰ বাবে ড্ৰাগছ ব্যৱহাৰ কৰে।

 দুৱাৰৰ তলা খুলি ভিতৰলৈ সোমাই, পৰিপাটি কৰি থৈ যোৱা ঘৰটোৰ বিশৃংখল অৱস্থা দেখি পদুমীৰ চকু গৈ কপালত উঠিল। চকুৰ আগত তাই নথকা সময়ত ঘৰখনত ঘটি যোৱা দৃশ্যবোৰে ধৰা দিলে। বিছনাৰ তুলিখন ডাংখাই তললৈ ওলমি থকা দেখি তাই বুজিলে, গিৰিয়েকে চাগে বিছৰ তুলিৰ তলত পইছা বিচাৰি চলাথ কৰিছিল। পুতেকে ড্ৰাগছৰ নিচাত চোফাত গোৰ মাৰি, হাতেৰে যি পাইছে দলিয়াই ফুৰিছিল। তলা লগাই থৈ যোৱালৈ চাই, সিহঁত যোৱাৰ পাছত ছোৱালী দুজনী টিউচনলৈ ওলাই গৈছে বুলি তাই মনতে ভাবিলে।

 নামঘৰৰ পৰা ঘৰলৈ গোটেই পথচোৱা ভাবি অহা কামবোৰ উলট-পালত হৈ যোৱাত প্ৰসাদৰ খৰাহীটো টেবুলৰ ওপৰতে ৰাখি পদুমী বিশৃংখল চোফাখনত অলপ বহি ল’লে। অতীতৰ সেই দিনটোলৈ মনত পেলাই। পদুমীৰ চকু দুটি পানীৰে উপচি পৰিল। সেইদিনটো মানে, পদুমীক বাপেকে ধীৰেন মাষ্টৰলৈ উলিয়াই। পঠিওৱাৰ দিনটো। ঘৰৰ সকলোৱে চোৱাচিতা কৰি ধীৰেন মাষ্টৰলৈ তাইক সজাই পৰাই উলিয়াই দিছিল। ইয়ালৈ আহি প্ৰথমে ন-কইনা হিচাপে শাহু-শহুৰৰ মৰমে বান্ধি ৰাখিছিল, কিন্তু বাহি বিয়াৰ পাছদিনাই ধীৰেন মাষ্টৰৰ মুখৰ পৰা পোৱা কেঁচেমা-কেচেম গোন্ধটোৱে তাইৰ নাক-মুখ বন্ধ কৰি, উশাহ ল’ব নোৱাৰা কৰি পেলাইছিল। তাই নাক-মুখৰ কোচনী দেখি ধীৰেন মাষ্টৰে সেইদিনা মৰমেৰে কৈছিল, “মই নাখাওঁ নহয় পদুমী, আজিৰ দিনটো বুলি লগৰকেইটাৰ লগত মানে অলপ ফুৰ্তি কৰিলোঁ।”

 কিন্তু সেই কথা মিছা আছিল, লাহে লাহে তাই বুজি উঠিছিল, ধীৰেন মাষ্টৰক এই সুৰাৰ ৰাগিৰ পৰা আঁতৰাবলৈহে বিয়াখন পাতি দিয়া হৈছিল। তাইক ঘৰখনে মিছা মাতি বিয়া পাতি আনিছিল। কিন্তু বিয়াখনেও মাষ্টৰক সুৰাৰ ৰাগিৰ পৰা আঁতৰাব নোৱাৰিলে। স্কুলখনৰ পৰা বাহিৰে বাহিৰে ৰেল আলিৰ কাষৰ মদৰ ঘাটিবোৰলৈ গৈ সন্ধিয়া ঘৰলৈ উভটি আহে। ঘৰলৈ আহি বুঢ়া মাক-বাপেকৰ লগত কাজিয়া কৰে, মাক-