পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৬৫

যাদৱে কৈ গ'ল কথাবোৰ-

 ⵓ এটি বৰ্ষাসিক্ত গধূলিৰ কথা সেয়া। নন্দিনীক কোঠাত বন্দী কৰি ৰখাৰ খবৰ পাই মাধুৰ্য্যই প্ৰায়ে গধূলি সময়ত চলিহা চাৰৰ ঘৰৰ পদূলিত থকা শিলিখা জোপাৰ তলত ৰৈ ঘৰটোৰ ফালেই চাই থাকিছিল। মনত এটাই আশা, কিজানিবা দেখা পায়েই নন্দিনীক! পিছে তাৰ আশা সদায় আশা হৈয়ে ৰৈছিল। চলিহা চাৰ ঘৰত নাথাকিছিল যদিও সেই দিনবোৰত আমি চাৰৰ বিৰুদ্ধে গৈ নন্দিনীক সহায় কৰাৰ সাহ গোটাব নোৱাৰিলোঁ। সেয়ে আমি মাত্ৰ দূৰৈৰ পৰা নন্দিনী আৰু মাধুৰ্য্যৰ অস্থিৰতাবোৰ দেখি হুমুনিয়াহ কঢ়াৰ বাদে একোৱেই কৰিব নোৱাৰিছিলোঁ। মাধুৰ্য্যও বোধকৰো চাৰৰ বিৰূদ্ধে যাব পৰাকৈ শক্তিশালী নাছিল, এই ক্ষেত্ৰত তাৰ দুৰ্বল আৰ্থিক অৱস্থাও জগৰীয়া আছিল। আৰু তাৰ ঘৰৰ মানুহৰ পৰাও সি একোৱেই সহাঁৰি পোৱা নাছিল।

 এদিন দিনৰে পৰাই চিপচিপীয়া বৰষুণ এজাক দি আছিল। চাৰ সেইদিনা ঘৰতে আছিল। আবেলিৰে পৰাই তেওঁ বতৰৰ আমেজ ল’বলৈ গিলাছে গিলাছে বিলাতী পানীয় বিধ সেৱন কৰিছিল। নন্দিনীৰ কোঠাৰ পৰা ভাহি অহা তাইৰ উচুপনিৰ শব্দইও তেওঁৰ হৃদয় গলাব পৰা নাছিল। কেনেকৈ নন্দিনীৰ মন মগজুৰ পৰা মাধুৰ্য্যক আঁতৰাব পাৰি সেই চিন্তাতেই তেওঁ মগন হৈ আছিল। সদায় অহাৰ দৰে সেইদিনাও মাধুৰ্য্য গধূলি আহি শিলিখাজোপাৰ তলত ৰৈছিলহি। ইতিমধ্যে নন্দিনীয়ে কান্দি কান্দি টোপতি ঢলি পৰিছিল৷ চাৰে বাৰাণ্ডালৈ ওলাই গৈ পদূলি মুখত কাৰোবাক ৰৈ থকা দেখি মোক সুধিছিল পদূলিত ৰৈ থকাজনৰ পৰিচয়, মই কোৱা নাছিলোঁ সচা কথা। পিছে চাৰৰ কি জানো সন্দেহ হ'ল, তেওঁ একেকোবে শিলিখা জোপাৰ তল পালেগৈ। মাধুৰ্য্যই বিতত নহৈ একে ঠাইতে থিয় দি থাকিল। ময়ো পাছে পাছে গ'লো চাৰৰ। তেওঁলোকৰ মাজত যথেষ্ট বাক- বিতণ্ডা হ’ল। চাৰে মাধুৰ্য্যক ভাবুকি প্ৰদান কৰিলে বিভিন্ন ধৰণে। আকৌ তাক টকাৰ লোভে দেখুৱালে, মাত্ৰ সি নন্দিনীক ভাল নাপাও বুলি ক'ব লাগে। চাৰে তাক পাছ চোতালত থকা আমাৰ সৰু ঘৰটোলৈ মাতি আনিলে। চাৰৰ উদ্দেশ্য কি আছিল মই তেতিয়ালৈ বুজিব পৰা নাছিলোঁ। আমাৰ ঘৰৰ বাৰাণ্ডাতে ৰৈ দুইজনৰে মাজত কথাৰ তৰ্কাতৰ্কিও হয়। সি কোনোপধ্যেই নন্দিনীক বেয়া পোৱাৰ কথা তাইৰ আগত স্বীকাৰ নকৰোঁ বুলি নিজৰ সিদ্ধান্তত অটল হৈ ৰ'ল। চাৰেও চেষ্টা কৰি থাকিল কাৰণ চাৰে জানিছিল ভালকৈয়ে যে নন্দিনীয়ে মাধুৰ্য্যক তেতিয়াহে পাহৰিব পাৰিব যেতিয়া সি তাইক নিজেই বেয়া পাও বুলি কয়। কিন্তু সি চাৰৰ এটা কথাও মানি নল'লে। মদৰ নিচাত ডুবি থকা চাৰৰ মগজে কাম নকৰা হ'ল। কেতিয়াও কোনো কথাতে হাৰ মানিব নিবিচৰা চাৰৰ মনত কুটবুদ্ধি খেলাবলৈ ল'লে। আৰু বুদ্ধি কৰি চাৰে মাধুৰ্য্যক দীঘলীয়া চোতালখনৰ একেবাৰে মূৰলৈ থকা পুখুৰীটোৰ পাৰলৈ লৈ যায়। তেতিয়া কালসন্ধ্যা,ভৰ বাৰিষাৰ বতৰ তাতে। মালতীয়ে চাৰৰ পাকঘৰত সোমাই গধূলিৰ চাহ-জলপান তৈয়াৰ কৰাত ব্যস্ত। নন্দিনীৰ ঘোৰ টোপনি, মাকে নিজৰ কোঠাতেই সোমাই কিবা কামত ব্যস্ত। ইফালে বৰষুণৰ শব্দত কেনিও কাৰো মাত নুশুনা অৱস্থা। চাৰ আৰু মাধুৰ্য্যক পুখুৰীৰ ফাললৈ যোৱা দেখি ময়ো পাছে পাছে দৌৰ দিলোঁ। কিন্তু মোৰ যোৱা দেৰি হ'ল। ইতিমধ্যে চাৰে তাক দ’ পুখুৰীটোলৈ ঠেলা মাৰি পেলাই দিলে। দূৰ্ভাগ্যজনক ভাৱে সি সাঁতুৰিব নাজানিছিল আৰু সেইবাবে পানীত সি ককবকাবলৈ ধৰিলে। মই তাক বচাবলৈ পুখুৰীত জপ দিবলৈ লওতেই চাৰে মোৰো সেই একেই গতি কৰিব বুলি ভাবুকি দিয়াৰ বাবে মই ৰৈ গ'লোঁ। আৰু এসময়ত তাৰ মৃতদেহ উপঙি উঠিল পানীত। ভয়তে বৰষুণত তিতি থকাৰ অৱস্থাতো নিজৰ শৰীৰ ঘৰ্মাক্ত হোৱা যেন লাগিল মোৰ, কলিজাখনে যেন দবাহে কোবাই থাকিল। তাৰ মৃতদেহ উপঙি উঠাৰ পাছতহে চাৰৰ হুচ আহিল। যথেষ্ট ভয়ো খালে তেওঁ আৰু মোৰ সহায়ত তাৰ মৃতদেহ ডাঙি আনি পুখুৰীৰ কাষতে থৈ জাবৰ জোঁথৰে ঢাকি থ'লোঁ আমি। ৰাতি সকলো টোপনিত লালকাল দিয়াৰ পাছত দুয়োজনে তাৰ মৃতদেহ আনি চাৰৰ এম্বেচাদৰ গাড়ীখনৰ পাছফালে ভৰাই নদীৰ পাৰ পালোগৈ। নদীৰ পানীত তাৰ মৃতদেহটো পেলাই দি আমি স্বস্তিৰ নিশ্বাস পেলালো। কিন্তু মই আজিলৈকে শুব নোৱাৰিলোঁ ভালকৈ, মুক্তভাৱে উশাহ ল'ব পৰা নাই আজিও, অপৰাধবোধৰ বোজাটো বুকুত লৈয়ে পাৰ কৰিছো দিন ৰাতি।

 পাছদিনা ৰাতিলৈ তাৰ নিৰুদ্দেশৰ খবৰ পালো আমি, যিটো খবৰ নন্দিনীকো দিয়া হ'ল। আৰু দুদিন পাছত নদীৰ পৰা প্ৰায় ৫ কি.মি দূৰৈত তাৰ ফুলি ভীম্বাকাৰ দিয়া মৃতদেহ উদ্ধাৰ কৰা হ'ল। নন্দিনীৰ প্ৰেমত বিফল হৈ সি আত্মহত্যা কৰিলে বুলি চৌদিশে প্ৰচাৰ হৈ গ'ল। নন্দিনীৰ কাণতো পৰিল তাৰ মৃত্যুৰ খবৰ। আৰু তাৰ কিছুদিনৰ পাছতেই নন্দিনীয়েও নিজৰ কোঠাৰ চিলিং ফেনত চিপ ল'লে।

 এনেদৰেই দুটা জীৱন শেষ কৰাৰ বাবে ময়ো দায়ী হৈ পৰিলোঁ। নিজকে ক্ষমা কৰিব নোৱাৰোঁ মই কেতিয়াও। সেই