পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ঘটনাৰ পাছতেই চাৰে বাইদেউক লৈ চহৰলৈ গ'লগৈ আৰু আমি ইয়ালৈ গুছি আহিলো৷ চাৰে বাৰীখন চোৱা-চিতাৰ দায়িত্ব দি থৈ গ'ল বাবে ৰাতিপুৱাই গৈ সকলোবোৰ চাই আঁহোগৈ। গধূলি বাহিৰলৈ ওলোৱাৰ সাহস এতিয়াও গোটাব পৰা নাই।

 ⵓ এতিয়া এই কথাখিনিকে আপুনি পুলিচৰ আগত ক'ব পাৰিব নে? বৰুৱাই প্ৰশ্ন কৰিলে যাদৱক।

 ⵓ ..............

 ⵓ আপুনি নকলেও আমাৰ হাতত প্ৰমাণ আছে এতিয়া, কাৰণ সকলোবোৰ ৰেকৰ্ডিং কৰা হৈ গৈছে। এতিয়া অপৰাধীয়ে শাস্তি পাব আৰু দুটি অতৃপ্ত আত্মাই মুক্তি।

 সমৰৰ কথা শুনি পুনৰ কান্দিলে যাদৱে।

 ⵓ মই সকলো কম পুলিচক। তেতিয়া সাহস নকৰিলোঁ, এতিয়া কৰিম। ব’লা আজিয়েই যাও আমি থানালৈ।

 যাদৱৰ কথামতেই সকলো সেইদিনাই বিষ্ণুপুৰৰ পৰা বিশ কি.মি দূৰৈত অৱস্থিত থানালৈ গ'ল। থানাৰ অচি নীলোৎপল হাজৰিকাক মাধুৰ্য বৰুৱাৰ আত্মহত্যাৰ কেছটোৰ বিষয়ে মনত পেলাই দি যাদৱে সকলোবোৰ কথা ভাঙি পাতি ক'লে। নন্দিনীৰ ডায়েৰীখনো নীহাৰিকাই অচিক দেখুৱালে। চোৰাং কাঠৰ ব্যৱসায়ৰ লগত জড়িত চলিহাৰ ওপৰত এনেও পুলিচ বিভাগৰ চকু আছিলেই গতিকে তেওঁক কাৰাগাৰত ভৰোৱাৰ এনে এটা সুৱৰ্ণ সুযোগ তেওঁলোকে এৰি দিব নিবিচাৰিলে।

 আৰু কিছুদিনৰ ভিতৰতে অপৰাধীক কৰায়ত্ত কৰা হ'ল। মাধুৰ্য্য নন্দিনীৰ মৃত্যুৰ সত্যতা সমগ্ৰ ৰাজ্যতে বিয়পি পৰিল। আৰু দুটি অতৃপ্ত আত্মাৰ মুক্তি তথা শান্তিৰ বাবে সমূহীয়াকৈ এখন সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰিলে নীহাৰিকাহঁতে। সভাৰ দিনা প্ৰথম বাৰৰ বাবে নন্দিনীৰ মাকে হিয়া ঢাকুৰি কান্দিলে।

 ইয়াৰ পাছৰে পৰা নন্দিনীৰ মাক আৰু মালতী একেলগে এই ঘৰটোতে থাকিবলৈ ল'লে।

 সকলোবোৰ হৈ যোৱাৰ পাছত এদিন মাজনিশা নীহাৰিকাই মূৰত কাৰোবাৰ হাতৰ এটি শীতল পৰশ পাই সাৰ পাই গ'ল। দীঘল মেলা চুলিৰে এজনী ছোৱালী তাহাঁতৰ ৰূমৰ বন্ধ দুৱাৰেদিয়ে ওলাই যোৱা দেখি তায়ো পাছে পাছে গৈ বাৰাণ্ডা পালেগৈ। বাৰাণ্ডাৰ পৰাই তাই দেখিবলৈ পালে ছোৱালীজনী শিলিখা জোপাৰ তলত ৰৈ থকা মানুহজনৰ ওচৰ পাইছেগৈ। তাহাতে তাইলৈ ঘূৰি চালে এবাৰ আৰু গেট খুলি ওলাই গৈ ক্ৰমাৎ আন্ধাৰত বিলীন হৈ পৰিল। নীহাৰিকাই বুজি পালে যে নন্দিনী-মাধুৰ্য্যৰ আত্মাই মুক্তি পালে চিৰদিনৰ বাবে আৰু চিৰদিনৰ বাবে তাহাঁতৰ আত্মা দুটি এক হৈ পৰিল। অজানিতে দুটি চকুলোৰ টোপাল নিগৰি আহি নীহাৰিকাৰ গাল দুখন তিয়াই পেলালে॥

 উপসংহাৰ :- সম্পূৰ্ণ কল্পনাৰ ৰহন সানি লিখা এই কাহিনীটোৰ চৰিত্ৰ তথা ঠাইৰ নাম সকলোৱেই কাল্পনিক। বাস্তৱৰ লগত এই কাহিনীৰ কোনো সংযোগ নাই।

 ভুত কি? অস্তিত্ব আছেনে ভূতৰ? এক জটিল প্ৰশ্ন। ঠিক ভুত নহয় কিন্তু এক অদৃশ্য অপু শক্তিৰ প্ৰভাৱ হয়তো নিশ্চয় আছে পৃথিৱীত। সেয়া এক গভীৰ আলোচনাৰ বিষয়। সহজভাৱে ক'বলৈ গ'লে মনৰ ভয়েই ভূত। দুৰ্বল মনতহে ভূতে বাস কৰে। বৰ্তমান সময়ত ভয় আচলতে ভূতলৈ নহয়, মানুহৰূপী দানৱলৈহে। হাজাৰ অপশক্তিৰ মাজতো এক অদৃশ্য শুভ শক্তিৰ বাবেই চলি আছে জীৱনধাৰা। সেই অদেখাজনলৈ ধন্যবাদ।

 ভৌতিক কাহিনী ভাল পোৱা প্ৰতি গৰাকী অৰ্দ্ধ আকাশৰ সখীৰ হাতত মৰমেৰে মোৰ এই অপৈণত সৃষ্টি উৎসৰ্গ কৰিলোঁ।