পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৬৪


 ⵓ বাৰু চাহ কাপ খাই লোৱাচোন।
 চাহ খোৱাৰ ইচ্ছা আৰু সময় এটাও নাছিল তাহাঁতৰ হাতত তথাপিও চাহৰ বাতিত মুখ দিলে তাহাঁতে।
 ⵓ এতিয়া আচল কথালৈ আঁহো।
 এইবাৰ বৰুৱাই আৰম্ভ কৰিলে কথা।
 ⵓ অ' বোপা কোৱা।
 ⵓ মাধুৰ্য বৰুৱাৰ বিষয়ে আপুনি কি জানে খুড়া?
 প্ৰশ্নটো শুনি থতমত খালে যাদৱ। ইফালে মালতীয়েও চুচুক চামাককৈ আহি তাহাতৰ কাষতে থিয় দিলেহি।
 ⵓ কোন মাধুৰ্য্য?
 ⵓ খুড়া এতিয়া আপুনি মাধুৰ্য্যক চিনি নাপাও বুলি নক’ব কাৰণ ইতিমধ্যে আমি সকলো কথাই জানিব পাৰিছো।
 সমৰে অলপ উগ্ৰ ভাৱেৰেই কথাষাৰ ক'লে।
 ⵓ কি জানিব পাৰিছা তোমালোকে? সিদিনা তোমাৰ পত্নীয়েও মোক সুধিছে সেই ঘৰখনত কিবা দুৰ্ঘটনা হৈছিল নেকি বুলি মই তেতিয়াই তাইক কৈছিলোঁ যে একোৱেই হোৱা নাই। কিন্তু তোমালোকে কি গম পালা কেনেকৈ গম পালা সেইটোহে আচৰিত হৈছোঁ মই।
 ⵓ বাৰু খুড়া আপুনি নন্দিনীকতো চিনি পাইছিল? মানে ৰাজনন্দিনী চলিহা?
 নীহাৰিকাৰ প্ৰশ্নটো শুনি যাদৱে এইবাৰ তাইৰ মুখলৈ চালে। অলপ সময় তললৈ মূৰ কৰি তেওঁ ভাবিলে, কেনেকৈ চিনি নাপাওঁ বুলি ক'ব সেই মৰমিয়াল ছোৱালীজনীক তেওঁ! কিমান দিন যে তাই আহি এই বাঁহৰ জুপুৰীত তেওঁলোকৰ সৈতে অলেখ মধুৰ সময় পাৰ কৰিছিল। যাৰ স্মৃতি এতিয়াও তেওঁলোকৰ মনৰ মণিকোঠত স্পষ্ট হৈ জিলিকি ৰৈছে। যাদৱ আৰু মালতীৰ উদং কোলা তায়েইতো ভৰাই ৰাখিছিল জীয়াই থকা দিনলৈকে।
 ⵓ কি হ’ল খুড়া একো নক'লে যে?
 ⵓ মাজনীক চিনি নাপাওঁ বুলি কেনেকৈ ক'ম? আমাৰ সকলোৰে আদৰৰ ছোৱালীজনী এদিন যে এনেকৈ গুছি যাব। আমি সপোনতো ভবা নাছিলোঁ।
 ⵓ তেন্তে আপোনালোকে কিয় তাইক এৰি দিলে? কিয় তাইৰ সেই দিনবোৰত সহযোগ নকৰিলে তাইক?
 ⵓ নোৱাৰিলোঁ, চাৰৰ কথাৰ বিপৰীতে যোৱা মানে মৃত্যুক আকোঁৱালি লোৱা। স্বাৰ্থপৰ হৈ পৰিলো সেই সময়ত আৰু নিজৰ কথা ভাবিয়েই তাইৰ কথা ভাবিব নোৱাৰিলোঁ।
 উচুপি উঠিল যাদৱ আৰু মালতী। তেওঁলোকে যে নন্দিনীক নিজৰ কোলাৰ কেঁচুৱাৰ দৰেই ডাঙৰ কৰিছিল।
 ⵓ আপুনি জানেনে খুড়া যে আজি আঠ বছৰে নন্দিনীৰ অতৃপ্ত আত্মা সেই ঘৰখনত ঘূৰি ফুৰিছে?
 ⵓ জানো আইজনী, সকলো জানো মই। সেইবাবেইতো ৰাতিপুৱা কোনো সাৰ নাপাওতেই দৌৰি যাওঁ মই তালৈ কিজানিবা তাইক দেখা পাওঁ! কিন্তু তাই মোৰ আশে-পাশে ঘূৰি ফুৰিলেও আজিলৈকে মই তাইক দেখা নাপালোঁ।
 ⵓ আপোনাৰ পৰা তাই কোনো সহায় নাপায় বুলি জানে বাবেই আপোনাৰ আগত তাইৰ আত্মাই ধৰা নিদিয়ে।
 পুনৰ উচুপি উঠিল যাদৱ।
 ⵓ এতিয়া কন্দাকটা নকৰিব খুড়া। আপুনি জানো নিবিচাৰে তাইৰ আত্মাই মুক্তি পোৱাতো? আৰু তাইৰ আত্মাই কেতিয়া মুক্তি পাব আমি নাজানো? আপুনিহে জানে সকলোবোৰ খুড়া। সৰ্চাই যদি কিবা গোপনীয় কথা আছে আপুনি আমাক কঁওক। আমি আটায়ে মিলি নন্দিনীৰ আত্মাক মুক্তি দিব লাগিব।
 নীহাৰিকাই অতি কোমল সুৰেৰে কথাবোৰ বুজালে যাদৱক। তেওঁ হয়তো বুজি পালে-
 ⵓ কেৱল নন্দিনীৰে নহয় অ’ বোপাইহঁত, মাধুৰ্য্যৰ আত্মাইও মুক্তি পোৱা নাই আজি আঠ বছৰে। আৰু ইয়াৰ বাবে সম্পূৰ্ণ দায়ী মই। অপৰাধ ময়ো কৰিছো, আৰু তাৰ শাস্তি মই পাবই লাগিব।
 ⵓ অপৰাধ? কি অপৰাধ খুড়া
 এইবাৰ তিনিওটাই আচৰিত হৈ যাদৱৰ মুখলৈ চাই থাকিল।