পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৯


 : কোন? মেঘৰঞ্জন??

 আৰুণ্যাই মূৰ দুপিয়ালে।

 : কিবা কৈছিল?

 মই যেন পানীৰে ভৰি থকা বেলুন এটাহে ফুটাই দিলোঁ। বাধাহীন হৈ আৰুণ্যাৰ চকুলো ওলাই আহিল। তাই ফেঁকুৰি ফেঁকুৰি ক’লে,

 : মোৰ আকৌ জী উঠিবলৈ মন গৈছে বাইদেউ। আকৌ জীৱলৈ মন গৈছে মোৰ। তাই কান্দোন ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিল।

 নোৱাৰিলোঁ চকুপানীখিনি বাধা দি ৰাখিব। উচুপি উঠিলোঁ। চাদৰৰ আঁচলেৰে চকুপানী মোহাৰি আৰুণ্যাৰ মাক বাহিৰলৈ ওলাই গ’ল। কাৰ সহ্য হ’ব এনে বুকু দহি নিয়া ক্ৰন্দন! তেওঁ মাকজনী হৈ কেনেকৈ সহিব পাৰিব!!!

 আৰুণ্যাক সাৱতি ধৰিবলৈ মন গ’ল। কিন্তু বুকুত থকা চিলাইবোৰে অনুমতি নিদিলে। তাইৰ হাতখন জোৰেৰে চেঁপি ধৰিলো।

 অলপ প্ৰকৃতিষ্ঠ হৈ তাই ক’লে,

 : জানে বাইদেউ? তেওঁৰ চকুত মোৰ বাবে...মোৰ বাবে...তাই ফেঁকুৰি উঠিল। আগৰ দৰেই.. আগৰ দৰেই তেওৰ চকুত মোলৈ মৰম দেখি পাইছিলোঁ বাইদেউ!! নে মোৰ ভ্ৰম হৈছিল?? নাজানো বাইদেউ। এনে লাগিছিল, মোক এইটো অৱস্থাত দেখি তেঁ যেন কান্দিছিল, তেওঁৰ আত্মটোৱে কান্দিছিল! মোৰ আকৌ এবাৰ জী উঠিবলৈ মন গৈছে বাইদেউ। কান্দি কান্দি তাই ক’লে।

 বাইদেউ!! তেওঁৰ চকুত মোলৈ মৰম দেখি আজি এনে লাগিছে যেন মোৰ ভালপোৱাই পূৰ্ণতা পালে। ইমান বছৰৰ পাছতো তেওঁ মোক পাহৰা নাই, মোক এতিয়াও মনত ৰাখিছে?? তাতেই মোৰ সন্তুষ্টি বাইদেউ। তাতেই মোৰ ভালপোৱাৰ পৰিপূৰ্ণতা!!!

 খুউব মন গৈছিল তেওঁক ক’বলৈ, এবাৰ সাবতি লোৱাচোন মোক। এবাৰ জিৰাবলৈ দিয়া তোমাৰ বুকুত!! নোৱাৰিলোঁ ক’ব। তেওঁ ভালপাওঁ বুলি ক’বলৈও সাহস নহ’ল। থাকি গ’ল ক’বলৈ!!!

 আৰুণ্যা ভাগৰি পৰিছিল। তাইক আৰু কান্দি থকা নোৱাৰিলো চাব। তাইক ক’লোঁ,

 : তুমি এতিয়া শুৱা আৰুণ্যা। ৰেষ্ট লোৱা। মই হয়তু দুদিনমান পাছতে ঘৰলৈ ঘূৰি যাম।

 : অহ তাৰমানে আকৌ লগ নাপাম?

 : কিয় নাপাম? আহি থাকিম নহয় মই চেক আপত।

 : মই বাট চাম বাইদেউ।

 : ময়ো।

 : বাইদেউ!! লিখিব নে মোৰ কথা? জী উঠিম নে মই পুনৰ আপোনাৰ কলমত?

 আৰুণ্যাৰ প্ৰশ্নত সৰসৰাই চকুপানী বৈ আহিল।

 : লিখিম। তুমি সদায় জীয়াই থাকিবা এটা কাহিনী হৈ!

 আৰু নোৱাৰিলোঁ চকুপানী ধৰি ৰিখিব। ওলাই আহিলোঁ আৰুণ্যাৰ ৱাৰ্ডৰ পৰা।

 এমাহ পাছত পুনৰ গৈছিলোঁ টাটা মেমৰিয়েললৈ চেণ্টাৰলৈ। নিজৰ চেক আপ কৰাতকৈ আৰুণ্যাক এবাৰ চোৱাটোহে যেন জৰুৰী আছিল মোলৈ! চেকআপ কৰোৱাই ধাপলি মেলিছিলোঁ আৰুণ্যাৰ ৱাৰ্ডলৈ। সেই বিশেষ বিছনাখনলৈ দৃষ্টি নিক্ষেপ কৰিছিলোঁ। বিছনাখন একেই আছিল। কিন্তু তাত আৰুণ্যা নাছিল। আন এগৰাকী মহিলাহে আছিল। বুকুখন কঁপি গ’ল। উশাহটো যেন বন্ধ হৈ যাব! বাহিৰলৈ ওলাই আহিলোঁ। দুৱাৰমুখতে এগৰাকী নাৰ্চ লগ পালো। কঁপা কঁপা মাতেৰে তেওঁক সুধিলো, “ইয়াত যে এজনী অসমৰ ছোৱালী আছিল....?

 : অহ দেট পেচেন্ট? ছি এ’পায়াৰ্ড এ উইস্ক বেক। যান্ত্ৰিকভাৱে নাৰ্চ গৰাকীয়ে ক’লে।

 বুকুখন মোচৰ খাই পৰিল। ঋষিৰ গাতে ভাৰসাম্য হেৰুৱাই ঢলি পৰিলোঁ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড