: শ্ৰবি, শ্ৰবি? কি হ’ল তোমাৰ?
কান্দোনত ভাগি পৰিলোঁ। কোনোবা যেন আপোন মানুহ এজন হেৰাই গ’ল মোৰ পৰা।
: মোৰ দেৰি হৈ গ’ল ঋষি! মোৰ দেৰি হৈ গ’ল। তাই চাগৈ মোলৈ বাট চাই আছিল। দেৰি কৰি দিলোঁ মই!!!!
: শ্ৰবি, উঠা। তোমাৰ দৰৱৰ সময় হ’ল। ঋষিয়ে দাইনিং ৰুমৰ পৰা চিঞৰিলে।
চকুকেইটা মেলিলোঁ। ৰাতিটো টোপনি নাহিল। মূৰটো অলপ গধুৰ গধুৰ লাগিল। আৰুণ্যাৰ লগত কটোৱা সময়বোৰে ৰাতিটো আমনি কৰি থাকিল। চকুকেইটা মুদিলে আৰুণ্যাকে দেখোঁ, যেন মোক কৈ আছে, “বাইদেউ মোক জীয়াই তোলক”!
বিছনাৰ পৰা উঠি গৈ ন’টবুকখন হাতত তুলি ল’লোঁ। কালি লিখা লাইন কেইটা আকৌ এবাৰ পঢ়ি চালোঁ। “ৰ’দ দিছে। বৰষুণ দিছে...”
মই পাৰিবই লাগিব। এৰা! মই পাৰিমেই। আৰুণ্যাক দিয়া প্ৰতিশ্ৰুতি মই ৰাখিবই লাগিব। মই আৰুণ্যাক জীয়াই তুলিবই লাগিব। মনটো ডাঠ কৰি ল’লোঁ।
: ঋষি, মই এফালে যাম।
: কলৈ?
: মেঘৰঞ্জন বৰুৱাক বিচাৰি।
: কোন মেঘৰঞ্জন বৰুৱা।
ঋষিক থুলমূলকৈ কথাবোৰ ক’লো।
: কিন্তু এনেকৈ?? তোমাৰ গা ভাল নাই।
: মই যাবই লাগিব ঋষি!!
প্ৰথমে ঋষি মান্তি হোৱা নাছিল। বহুত বুজোৱাৰ পাচত, এক প্ৰকাৰে ক’বলৈ গ’লে মই জেদ ধৰাৰ বাবে তেওঁ সন্মতি দিলে।
লগে লগে অসমীয়া নিউজ চেনেলৰ বন্ধু সাংবাদিক এজনক কৈ উপকূল হাজৰিকাৰ জোঁৱাৱেক, মেঘৰঞ্জন বৰুৱাক লগ কৰিবলৈ ঠিক কৰি দিবলৈ ক’লোঁ। আৰুণ্যাৰ কাহিনী মেঘৰঞ্জনৰ অবিহনে আধৰুৱা। হয়তু আৰুণ্যাও!!
ভগৱানে হয়তু মোক এইবাবেই অসুখটো দিছিল, যাতে মই আৰুণ্যাক লগ পাওঁ। যাতে এদিন বাহক হৈ যাম তাই ভালপোৱা মানুহজনৰ ওচৰলৈ, আৰু কমগৈ তেওঁক আৰুণ্যাৰ কথাবোৰ, যিবোৰ তাইৰ কেতিয়াও নহ’ল কোৱা!!!!
অৰ্ধ আকাশ অ অৰ্ধ আকাশ
এই চোতালতে নাৰীৰ মনৰ বিকাশ।
কিমানযে মহান এই বিশাল আকাশ
ভাষাৰে কৰিব নোৱাৰি প্ৰকাশ।
—ৰুমী বৰঠাকুৰ —