পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৮


দুনীয়ালৈ। আৰু আমাৰ সপোনটো!! সপোন হৈয়েই থাকি গ’ল!! মুৰ সৈতে উৰাৰ, আকাশখন চুই চোৱাৰ সপোনটো পাহি মেলিবলৈ নাপাওঁতেই মৰহি গ’ল।

 : তোমালোকৰ এংগেজমেন্টও হৈছিল? আৰুণ্যাক সুধিলো।

 : চেন্নাইৰ পৰা আহিয়েই ঘৰৰ অনুমতিত এংজেজমেন্ট হৈছিল আমাৰ। কিমান যে সুখী হৈছিল মাঁহত। মোৰ এনেকুৱা লাগিছিল যেন মই পৃথিৱীৰ আটাইতকৈ সুখী ছোৱালীজনী!! কিন্তু ভগৱানৰ সেয়া সহ্য নহ’ল। লৈ গ’ল তেওঁক মোৰ পৰা আঁতৰাই। মই যেন আকৌ এবাৰ মৰি গৈছিলোঁ, আকৌ এবাৰ মৰি গৈছিলোঁ মই বাইদেউ!! আৰুণ্যা উচুপি উঠিল। চকুলো মোহাৰি তাই ক’ লে, তেতিয়া ভগৱানক মই এটাই প্ৰাৰ্থনা কৰিছিলোঁ, মোৰ স্মৃতিশক্তিখিনি কাঢ়ি লৈ যাওক ভগৱানে, নোৱাৰোঁ আৰু সহিব! সহ্য নহয়। পাহৰি পেলাম যেন তেওঁক, তেওঁ দিয়া আঘাতক। গুৱাহাটীৰ পৰা গুচি আহিছিলোঁ। গোলাঘাটৰে স্কুল এখনত চাকৰি জইন কৰিলোঁ। কিন্তু বাইদেউ মই তেওঁক পাহৰিব নিবিচাৰোঁ। বহুত ভাল পাওঁ তেওঁক বাইদেউ।

 : এতিয়াও??

 : তেওঁক দুখ নিদিওঁ বাইদেউ। দুদিনৰ কাৰণে হ’লেও ভালপোৱা কি, তেওঁ মোক শিকাই গ’ল। তেওঁৰ প্ৰতি কোনো অভিযোগ আপত্তিও নাই। আক্ষেপো নাই।জীৱনটো তেনেই চুটী। কাৰোবাৰ প্ৰতি খং, অভিমান, আক্ষেপবোৰ থাকি যায়, কিন্তু জীৱনটোৱেই শেষ হৈ যায় বাইদেউ! কাৰোবাক ভাল পালেও ভাল পাওঁ বুলি ক’বলৈকৈ থাকি যায়। মনৰ দূৰত্ববোৰ শেষ হ’বলৈ পোৱাৰ আগতেই মানুহ ইমান দূৰলৈ গুচি যায় যৰ পৰা ঘূৰি অহাও সম্ভৱ নহয়!!

 আচৰিত হৈছিলো আৰুণ্যাৰ কথাবোৰত। ইমান ধৈৰ্য্য, ইমান পৰিপক্কতা। বুজি পাইছিলোঁ মেঘৰঞ্জনৰ বাবে থকা তাইৰ এসাগৰ ভালপোৱাৰ কথা।

 : তেওঁৰ প্ৰতি মোৰ ইমান অভিযোগ নাই বইদেউ, যিমান ভালপোৱা আছে। মাত্ৰ দুখ এটাই থাকি যাব, তেওঁক নোৱাৰিলোঁ ক’ব। আৰুণ্যাৰ চকুলো বৈ আহিল। ময়ো তাই নেদেখাকৈ চকুলো টুকিলোঁ।

 আৰুণ্যাৰ মাক সোমাই আহিছিল। আৰুণ্যাৰ পৰা বিদায় লৈ ক’লোঁ,

 : মোৰ এই সপ্তাহতেই অপাৰেচন হ’ব। লগ পাব নোৱাৰিম চাগৈ কেইদিনমান।

 : সোনকালে ভাল হৈ আহক বাইদেউ। মই বাট চাই থাকিম।

 তাইৰ গালতে হাতখন ফুৰাই ওলাই আহিলোঁ।

(পাঁচ)

 : হাউ আৰু ইউ ফিলিং নাও মিচেছ ঋষিকেশ? ডাক্তৰে পৰীক্ষা কৰি সুধিলে।

 গুড ডক্তৰ।

 : গুড!! উই উইল দিচচাৰ্জ ইউ ভেৰী চুন। হাঁহি এটা মাৰি তেওঁ ক’লে।

 ডাক্তৰক সুধিলোঁ, মই এতিয়া আৰুণ্যাক লগ কৰিবলৈ ৰাব পাৰিম নে?

 ডাক্তৰৰ অনুমতি পাই ধাপলি মেলিছিলোঁ আৰুণ্যাৰ ওচৰলৈ।

 খিৰিকীখনেৰে বাহিৰলৈ চাই আছিল তাই। পিচফালৰ পৰা তাইক মাত লগালোঁ,

 : আৰণ্যা।

 : বাইদেউ!!! তাই একপ্ৰকাৰে চিঞৰি দিছিল। আপোনাৰ অপাৰেচন হৈ গ’ল বাইদেউ? ঠিকে আছেনে সকলো? আপোনাৰ ভাল লাগিছেনে বাইদেউ এতিয়া? একেটা উশাহতে তাই সুধিলে।

 : সকলো ঠিকে আছে। ময়ো ঠিকে আছো। তুমি ঠিকে আছা?

 : মোৰনো কি বাইদেউ? আঙুলিমূৰত দিন গণি আছো। শেঁতা হাঁহি এটা মাৰিলে তাই। ধৰিব পাৰিলোঁ, এই বিছ দিনতে তাই আগতকৈও দুৰ্বল হৈ পৰিছে। কথা ক’লে ফোঁপাবলৈ ধৰিছে। চকুৰ গুৰিবোৰ যেন বেছি ক’লা পৰিল! তাইৰ মূৰত হাতখন ফুৰাই তাইৰ কাষতে বহিলোঁ।

 : তেওঁ আহিছিল বাইদেউ!

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড