পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৭


কৰি বাংগালোৰত কম্পিউটাৰ চায়েত এম টেক কৰিলোঁ। ৰিজাল্ট ভাল আছিল বাবে কেম্পাচ চিলে’নত ভাল কোম্পানী এটাত চাকৰি পাইছিলো। চেন্নাইত পষ্টিং আছিল মোৰ। তাতেই লগ পাইছিলোঁ মেঘৰঞ্জনক। তেওঁ মেনেজমেন্টত আছিল। মোৰ অতীতৰ সকলো কথা জানিও মোক আদৰি লৈছিল। আকোৱালি লৈছিল মোক দুবাহু মেলি। আৱৰি ৰাখিছিল তেওঁৰ মৰমেৰে। পুনৰ জীয়াই তুলিছিল মৰি যোৱা আৰুণ্যাজনীক।

 বহুত পজিটিভ আছিল তেওঁ। তেওঁক এদিন সুধিছিলোঁ,

 : মোৰ অতীতটো লৈ তোমাৰ সঁচাকৈয়ে কোনো আপত্তি নাই নে?

 “কিয় থাকিব? আৰু সেয়াটো তুমি জানি বুজি কৰা নাছিল। জীৱনৰ বাটটো সদায় ওখোৰা মোখোৰা। কেতিয়াও মসৃন নহয়। তুমি ইমানবোৰ কষ্ট পোৱাৰ পাছতো যে সাহসেৰে জীৱনত আগবাঢ়িব পাৰিলা, তাৰ বাবে সন্মান কৰোঁ তোমাক। এনে বহুত নাৰীৰ বাবে তুমি আদৰ্শ।

 : নাজানো মই কি? ভয় এটাই সদায় খেদি ফুৰে। তোমাক পাই পুনৰ জী উঠিছোঁ। প্ৰতিটো দিন নতুনকৈ আৰু ৰঙীনকৈ চাবলৈ শিকিছেঁ। কিন্তু ভয় লাগে। যদি এই দিনবোৰ মোৰ হাতৰ পৰা পিচলি যায়? ইমান সুখ লিখা আছে জানো মোৰ কপালত?

 : উফ!! কি যে কথাবোৰ কৈ থাকা?

 : থাকিবানে মোৰ লগত সদায়?

 মোৰ হাতখন তেওঁৰ হাতৰ মুঠিত লৈ কৈছিল,

 : জীৱনৰ অন্তিম উশাহটোলৈকে।

 : মোৰ যে তোমাৰ বুকুত সোমাই হেঁপাহ পলুৱাই কান্দিবলৈ মন যায়। যেন চকুপানী হৈ বৈ যাবলৈ দিম সকলো তিক্ততাভৰা স্মৃতি।

 : না, কান্দিবলৈ নিদিওঁ দেই। কিয় কান্দিবা আক’? “পুষ্পা আই হেট টিয়েৰ্চ“৷ ৰাজেশ খান্নাৰ দৰে অভিনয় কৰি কৈছিল তেওঁ। খুউব হাঁহিছিলোঁ দুয়ো। তেওঁ কৈছিল “হাঁহি থাকিবা সদায়”।

 : জানা মু? মোৰ খুউব মন যায় কাৰোবাক প্ৰাণ ভৰি ভাল পাবলৈ, যেন একদম..বাউলি হৈ যাম কাৰোবাৰ প্ৰেমত, নিজকে পাহৰি যাম! সকলোতকৈ বেছিকৈ ভাল পাম, নিজতকৈও বেছিকৈ!! মোকো যেন চুই চাব কোনোবাই! মৰমত! পুৰুষত্ব দেখাবলৈ নহয় কিম্বা মোৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ নহয়। কেৱল মৰমত!

 : অ’হহ। কোনোবা এক্সনহে লাগে মানে? মুখখন উন্দোলাই অভিমান কৰি কৈছিল তেওঁ।

 : সেই কোনোবাজন মই তোমাৰ মাজতহে বিচাৰি পাওঁ মু!

 দুবাহু মেলি দিছিল তেওঁ আৰু মই কুৰুকি কুৰুকি তেওঁৰ বুকুৰ মাজত সোমাই পৰিছিলোঁ।

 আৰুণ্যাৰ চকুলো বৈ আহিছিল। পানী অলপ খাই তাই পুনৰ ক’বলৈ আৰম্ভ কৰিলে,

 আমি দুয়ো মিলি এটা সপোন দেখিছিলো বাইদেউ। সপোনটোৰ নাম আছিল এম এণ্ড এ ৱেব চলিউচন্স। চেন্নাইৰ পৰা দুয়ো গুচি আহিছিলোঁ নিজাকৈ কিবা এটা কৰোঁ বুলি। মোৰ দৰে তেওঁওঁ ঘৰৰ পৰা দূৰত থকাতো বিচৰা নাছিল। একমাত্ৰ সন্তান আছিল মাক দেউতাকৰ। তেওঁ কৈছিল, তোমাৰ টেকনিকেল স্কিলচ আৰু মোৰ বিজিনেছ মেনেজমেন্ট স্কিলচ, দুয়ো মিলি আমাৰ সপোনটো বহুত ওপৰলৈ লৈ যাম। সকলো ঠিকেই আছিল। স্টাৰ্ট আপৰ প্লেন, ষ্ট্ৰেটেজি, ব্লু প্ৰিন্ট, সকলো। কিন্তু আমাৰ হাতত উপযুক্ত পৰিমাণৰ ফাইনেন্স নাছিল। দুয়ো লোন ল’লোঁ যদিও সেয়া পৰ্যাপ্ত নাছিল। মেঘৰঞ্জনৰে এজন বন্ধুৱে উদ্যোগপতি উপকূল হাজৰিকাৰ হৈ এটা অফাৰ লৈ আহিল। উপকূল হাজৰিকাই আমাক ফাইনেন্স কৰিব। আমাৰ কোম্পানীত এটা অংশ তেওঁৰ থাকিব। মেঘৰঞ্জনে মানা কৰিছিল। মইহে তেওঁক জোৰ দিলোঁ। কাৰণ আমাৰ হাতত আন উপায়ো নাছিল। তেওঁ সেই অফাৰ স্বীকাৰ কৰিলে। কিন্তু ভবা নাছিলোঁ, সেই অফাৰটোৰ বাবেই যে মই মোৰ মোক হেৰুৱাব লাগিব। এতিয়া লাগে,উপকূল হাজৰিকাক লগ নোপোৱা হ’লেই ভাল আছিল। তেওঁৰ সম্পত্তিলৈ হয়তু মেঘৰঞ্জনৰ লোভ জাগিছিল। সেয়ে মোৰ লগত এংগেজমেন্ট কৰাৰ এসপ্তাহ পাছতেই সংযোগ বিচ্ছিন্ন কৰি পেলাইছিল মোৰ পৰা। তাৰ দেৰমাহমান পাছতে

শুনিছিলোঁ, উপকূল হাজৰিকাৰ কন্যাৰ সৈতে তেওঁৰ বিয়া হোৱা। গুচি গৈছিল তেওঁ মোক এৰি থৈ। গুছি গৈছিল বেলেগ এখন

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড