তথাপি নহ’ল কোৱা
পয়োভৰা বড়া গগৈ
(এক)
“ৰ’দ দিছে বৰষুণ দিছে।
খঁৰা শিঁয়ালৰ বিয়া,
ঘৰ চিৰিকাই তামোল কাটিছে
আমাকো এখন দিয়া।”
: কাৰ বিয়া নাম গাইছা?
: খঁৰা শিয়ালৰ।
: হাঃহাঃহাঃ। খঁৰা শিয়াঁল? সেইটো আকৌ কেনেকুৱা শিঁয়াল?
:মই নাজানোঁ।
: আৰে তুমিহে কৈছা খঁৰা শিয়াঁল। এতিয়া আক’ তুমি নাজানোঁ বুলি ক'লে নহ'ব নহয়।
: কোৱা, সেইটো কেনেকুৱা শিয়াঁল?
: মই কেনেকৈ জানিম?
না, মোক ক'ব লাগিব কেনেকুৱা শিয়াঁল সেইটো।
: আৰে বাবা, মই নাজানোঁ অ’!
: নহ'ব মোক ক'ব লাগিব, ক’ব লাগিব, ক’বই লাগিব।
: উফফ্! মু...!!! তোমাক নোৱাৰি আৰু!! মেঘৰঞ্জনৰ প্ৰশ্নবিলাকত বিৰক্ত হৈ কঁপালৰ ভ্ৰু কেঁচাই চকীখনৰ পৰা উঠি আহিল আৰুণ্যা।
মেঘৰঞ্জনে তাইৰ হাতএখন থাপ মাৰি ধৰিলে।
কি?
: মোৰ অভং আৰো জনী!
: হুঁহ!
মেঘৰঞ্জনে তাৰ কাষতে আৰুণ্যাক বহুৱাই ল’লে।
: তোমাৰ এই খংটো চাবলৈকে তোমাক ব্যতিব্যস্ত কৰোঁ। তোমাৰ ফুলা গাল কেইখন চাবলৈকে তোমাক আমনি কৰোঁ। বুজিলা অভং?
লাজ লাজকৈ আৰুণ্যাই হাঁহি এটা মাৰিলে। তাইৰ হাত খন এতিয়াও মেঘৰঞ্জনৰ মুঠিত।
: আমি এই পদ্যটো সৰু থাকোঁতে গাইছিলোঁ। যেতিয়া ৰ’দ আৰু বৰষুণ একেলগে দিয়ে। ৰেষ্ঠুৰাৰ খিড়িকীৰে বাহিৰৰ বৰষুণজাকলৈ চাই আৰুণ্যাই ক'লে। আৰু জানা..তেতিয়াৰ পৰাই এনেকৈ ৰ’দ বৰষুণ একেলগে আহিলেই সেই পদ্যটো নিজে নিজেই ওলাই যায় মুখৰ পৰা।
: ওমম। আৰু মোৰ আৰোজনীও তেতিয়া সৰু ছোৱালী হৈ যায়! আৰুণ্যাৰ গাল খনতে লাহেকৈ চিকুট এটা মাৰি
মেঘৰঞ্জনে ক'লে।
অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড