পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৩৮


তাইৰ মাক? মানুহজনীৰ বুকুখনলৈ কুৰুকি সোমাইছেগৈ ফুল। হয়, সেয়া মাকৰ বুকুৰ চিনাকি গোন্ধ। যি গোন্ধই খেদি ফুৰিছে তাইক অতদিন। তাইৰ কাষত থিয় দি থকা মানুহজনী তাইৰ মাক। উফ্..“মা”...সাৱটি ধৰে মাকক তাই জোৰেৰে। সৰসৰাই বাগৰিছে চকুলো বিচিত্ৰাৰ। ফুকলীয়া কালতে এৰি যোৱা ছোৱালীজনী গাভৰু।

 “তহঁতৰ প্ৰতি মই বহুত অন্যায় কৰিলো অ ফুল। বহুত। নেদেখাকৈ ডাঙৰ হ'লি তই। মই কৰা ভুল শুধৰাই দেউতাৰে মোক লৈ আহিছেগৈ। মৰি মৰিও মই তহঁতৰ বাবেই জীয়াই আছিলো অ। মোক সাৱটি ধৰি থাক। এৰি নিদিবি।”

 এৰি দিয়া নাই ফুলে। মাকৰ বুকুৰ কথা যেন শুনিলে তাই।

 : ফুল মাৰক গা ধুবলৈ সকলো যতনাই দেগৈ যা। যা বিচিত্ৰা। তোৰ অচিনাকি হ'বলৈ একোৱে সলনি হ'বলৈ দিয়া নাই মই। ভাগৰি পৰিছ তই। খাই বৈ জিৰণি ল।

 “মই ইমানদিনেহে ভাগৰি আছিলো অ। আজি যে মোৰ সকলো ভাগৰেই দূৰ হৈছে”। সন্মুখৰ সিহঁত তিনিওৰে ফটোখন চুবলৈ হাত মেলে বিচিত্ৰাই। লৈ গৈছে তাইক ফুলে দমকলৰ পাৰলৈ। সহায় কৰি দিছে কাপোৰ পিন্ধিবলৈ। যতনাইছে ফুলে তাইৰ হেঁপাহৰ শাক ভাজি, টেঙামৰাৰ জোল..ভাতগৰাহ মুখলৈ নিব খুজিও বিচিত্ৰাই নিব পৰা নাই। আদৰে কণ আৰু ফুলে উপচাইছে তাইক। সহজ হ’বলৈ চেষ্টা কৰিও বাৰে বাৰে তলমূৰ কৰে তাই। ঘৰখনৰ প্ৰতিটো বস্তুৱেই তাই হাতে পোৱাতে আছে। দৌৰি চুই আহিবলৈ মন গৈছে ভঁৰালঘৰ, গোহালিঘৰ। আছেনে ৰঙাই আৰু কাজলী? সিহঁতৰ অভিমান ভাঙিছেনে?ফুটুকী ছাগলীজনী? হাঁহ-কুকুৰাবোৰৰ মাত শুনা নাই...মনটোৱে খেপিয়াই আহেগৈ তাইৰ তাঁতৰ শালখনো।

 ভাগৰে হেঁচা মাৰি ধৰিছে তাইক। অথচ চকু মুদিবলৈ ভয় তাইৰ। কিজানি সকলো মিছা হৈ যায়! তাইক বেঢ়ি কণ আৰু ফুল। এখন হাতেৰে ফুলক খেপিয়াই ধৰে তাই।

 : মা, বৰকৈ ভাগৰ লাগিলে, দুখে হেঁচা মাৰি ধৰিলে কল্পনাতে তোৰ কাষ চাপিছিলো। জোৰকৈ তোৰ কোলাত বহিছিলো। আজি ইমান কাষত পায়ো কিয় এই সুখৰপৰা বঞ্চিত হ'ম মই? গান গা মা। সৰুতে মোক পিঠিত তুলি জোনবাইক তৰা খুজি যেনেকৈ টোপনি নিয়াইছিলি তেনেকৈ আজি মোৰ টোপনি আনি দিবি মা। বহুৰাতি হোৱা নাই। এই হেঁপাহ সামৰোতে দিনৰ পিছত দিন বাগৰিছিল। মই উত্তৰ দিবগৈ পাৰিম সিহঁতক মা। তোৰ কথা সুধিলে এতিয়া সকলো উত্তৰেই দিব পাৰিম মই। আহ দেউতা, কাষ চাপি আহ তয়ো। আজি আমাক মায়ে শুৱাই দিব। দেউতাই মোক আদৰৰ জী কৰিয়ে ডাঙৰ কৰিলে মা। তোৰ প্ৰতি থকা দেউতাৰ মৰমে সমাজলৈ এক বাৰ্তা দি গ'ল। প্ৰতিদিনে তই,মই,দেউতাই পোৱা যাতনা খিলা খিলা পাতত সামৰিলো। যি পঢ়িব তেওঁৰ তোৰ প্ৰতি একোৱে ক্ষোভ নাথাকিব। তেওঁ শিকিব পতি-পত্নী সম্পৰ্কৰ নজহা নপমাৰ টান। এই সম্পৰ্কত কাৰোবাৰ ফাঁট আহিলেও যাতনাৰ পৃষ্ঠাই আঁটি আঁটি বান্ধিব তেওঁলোকক। কোনেও কঢ়িয়াবলগীয়া নহওক মাতৃৰ প্ৰতি ঘৃণা। কেৱল সুখেই মানুহক জীয়াই নাৰাখে মা। যাতনায়ো মানুহক আশা দিব জানে। মানুহে বুজি পাওক বেয়া বুলি দলিয়াই নিদি আদৰি লোৱাৰ সিদ্ধান্তই কিমান ধুনীয়া কৰিব পাৰে পৃথিৱী। এগৰাকী অসহায় নাৰীক অধিক হালিবলৈ নিদি তুলি ধৰক আন এগৰাকীয়ে। সমাজ কেতিয়াও কলুষিত নহয়। এজন বেয়া পুৰুষৰ বৰ্বৰতা নোহোৱা কৰিবলৈ দেউতাৰ দৰে হাজাৰজন পুৰুষৰ জন্ম হওক। জীৱনৰ শেষ সময়ছোৱাতো ৰঙ বুটলি মানুহে হাঁহক। আজি মই সুখী মা।

 কুঁচি-মুচি বুকুলৈ সোমাই যোৱা ছোৱালীজনীক সাৱটি উচুপিছে বিচিত্ৰাই। মন গৈছে বিচিত্ৰাৰো গুণগুণাবলৈ তাহানিৰ সেই গান...“আমাৰে মইনা শুব এ...“ এখন হাতেৰে কণৰ ডিঙিটো মেৰিয়াই আনি তাইৰ কান্ধতে পেলাই লৈছে। টপটপকৈ সৰিছে চকুলো কণৰো। নাই একোৱে ক্ষোভ নাই আৰু তিনিওটা প্ৰাণীৰ। সমাজে ঘৃণা কৰিলেও কণ আৰু ফুলৰ মৰমে সেয়া তুচ্ছ কৰি পেলাব। এই ঘৰ পুনৰাই ঘৰ হৈ ঠন ধৰিছে। বিচিত্ৰাই পুনৰাই লালন পালন কৰিব কণ আৰু ফুলৰ সপোন।

 কণ আৰু ফুলক বিশ বছৰে সামৰি থোৱা মৰমবোৰ দিবলৈ যেন বাউলি হৈ পৰিছে তাই। দুখন হাতেৰে দুয়োৰে গাল,মুখ খেপিয়াই ফুৰিছে তাই। দুয়োৰে চকুৰ পানী মচি দিছে তাই। আলফুলে আঁকি দিছে দুয়োৰে কপালত অত বছৰে সামৰি থোৱা চুমা। টোপনি গৈছেগৈ ফুল। চেষ্টা কৰা নাই কণেও তাইৰ কান্ধৰপৰা মূৰ তুলিবলৈ। বিচিত্ৰা যেন তেনেকৈয়ে থাকিব। যুগলৈ।

 পুৱাই ঢলফাট দিলে। তিনিখন মুখত পোহৰৰ চিটিকণি। পোহৰ বিয়পিছে গোটেই পৃথিৱীতে। উদুলি মুদুলিৰে ভৰা

ৰভাতলীত উৰুলি সৰিছে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড