পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪০

 আৰুণ্যাই মিচিকিয়ালে।

 : জানা মু...৷ এইখিনি সময় মোৰ খুউব ভাল লাগে। কলীয়া ডাৱৰবিহীন এখন আকাশ, টিক্ টিকিয়াকৈ ৰ’দো ওলাই আছে আৰু বৰষুণে দি আছে! এনেকুৱা লাগে, সৃষ্টিৰ যেন কিবা এটা যাদুকৰী মিলন হৈছে।

 : যেনেকৈ আমাৰ!

 আৰুণ্যাই মেঘৰঞ্জনৰ মুখলৈ চালে। চকুত কৌতুহল।

 : তুমি আৰুণ্যা, সুৰুযৰ প্ৰথম কিৰণ।

 : আৰু তুমি মেঘ।

 : ওমম। আমাৰ মিলনো কম যাদুকৰী নে!

 আকুলতা সনা চকুৰে আৰুণ্যাই মেঘৰঞ্জনলৈ চালে।

 সি তাইৰ হাতখন খামুচি ধৰিলে। জোৰেৰে।

 : বাইদেউ, বাইদেউ, ৰন্টুৱে মোক ঠেলা মাৰি দিলে।

 আৰুণ্যা বাস্তৱলৈ ঘূৰি আহিল।

 হাতত লাগি থকা বোকাখিনি দেখুৱাই কান্দি কান্দি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী এজনীয়ে আৰুণ্যাক ক’লে।

 : ইছ! দুখ পালা নেকি মিতালী?

 মিতালীয়ে মূৰ দুপিয়াই ক’লে,

 : বাইদেউ, ৰন্টুৱে সদায় কাজিয়া লাগে মোৰ লগত। নামাতোঁ যা। কাট্ চি। ৰন্টুলৈ চাই মুখখন উফোন্দাই ক’লে মিতালীয়ে।

 : ওমম। মই তাক খং কৰি দিম ৰ’বা। স্কুলৰ বাৰান্দাৰ পানীপতাৰ বৰষুণৰ পানীৰে মিতালীৰ হাতখন ধুৱাই দিলে আৰুণ্যাই। তাইক দেখি ৰান্ধনী বাইদেউ বিনীতা আগবাঢ়ি আহিল।

 উৱ,কি হল? পৰিলি? ইমান উৎপাত তহঁতৰ নপৰিবি কেলেই। বিনীতাই মিতালীক হাতত ধৰি লৈ গ’ল।

 বাৰান্দাতে ৰৈ আৰুণাই বাহিৰৰ বৰষুণ জাকলৈ চাই ৰ’ল। পানীখোৱা চুটিত বাৰান্দাতে খেলি থকা কণ কণ ল’ৰাছোৱালীবোৰে গাই থকা পদ্যটোৱে তাইৰ কৰ্ণকুহৰত খুন্দিয়াই থাকিল। “ৰ’দ দিছে, বৰষুণ দিছে....’’

 টংটংটংটং।

 বিমলকায়ে বজোৱা ঘটাটোৰ মাত শুনি আৰণ্যাই পাঠদান সামৰি ছাত্ৰ ছাত্ৰীবোৰক নিৰ্দেশ দিলে,

 “সকলো এজন এজনকৈ লাইন পাতি যোৱা;;

 লাইন পাতি গৈ থকা একত্ৰিছ জনীয়া শ্ৰেণীটোৰ সকলোতকৈ শেষৰ শাৰীত আৰুণ্যাই দেখিলে, হাতে হাত ধৰি ৰন্টু আৰু মিতালী। দুয়োটা নিজৰ কথাতে মছগুল। দুয়োটালৈ কিবা এটা মৰম লাগি গ’ল আৰুণ্যাৰ। কণ কণ ল’ৰা ছোৱালীবোৰৰ পৃথিৱীখন যে ইমান সৰল, নিভাজ! কোনো প্ৰশ্ন নাই, নাই উত্তৰ বিচাৰাৰ হাহাকাৰ! সেই সৰলতা খং, অভিমান, ক্ষমা কিম্বা প্ৰতিশোধ সকলোৰে উৰ্দ্ধত। আমিবোৰ বাৰু কিয় তেনে হ’ব নোৱাৰো? কিয় জটিল কৰি পেলাওঁ সকলো? কিয় সৰল কৰি ল’ব নোৱাৰোঁ আমাৰ জীৱনবোৰ? কিয় প্ৰশ্নই খেদি ফুৰে আমাক। নে আমি প্ৰশ্ন খেদি ফুৰোঁ? সেয়াই জটিলতা আমাৰ জীৱনৰ।

 নামাতোঁ বুলি “কাট চি” দি কেইমুহূৰ্তমানৰ ভিতৰতে মিতালীয়ে ৰন্টুক ক্ষমা কৰি দিয়াৰ দৰে তাইও নোৱাৰে নে মেঘৰঞ্জনক ক্ষমা কৰি দিব?

 ‘বাইদেউ, তলা মাৰিবলে আহিছিলোঁ, পাৰিমনে?’

 “নোৱাৰি।”

 “হেঁ? কিয় তলা মাৰিব নোৱাৰোঁ বাইদেউ?’’

 আৰুণ্যা উচপ খাই উঠিল। হাতত তলাটো লৈ ক্লাছৰুমৰ দুৱাৰমুখত বিমল কাইক ৰৈ থকা দেখি ক’লে, নহয় নহয়, আপোনাক নাই কোৱা।” টেবুলৰ পৰা বেগটো লৈ লৰালৰিকৈ আৰুণ্যা ক্লাছৰুমৰ পৰা ওলাই গ’ল।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড