পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৩৭


দিয়া ঠিকনাত দেউতাকৰ বাৰু কি বিলৈ হৈছে? গোটেই নিশাটো লঘোণে ভোকে গৈ কিবা এটা খাইছেগৈনে? তাই ইমানকৈ জোৰ দিয়াৰ পিছতো বাটত খাবলৈ একো এটা নল’লে। হয়ো। চিন্তা এবোজা লৈ পেটলৈনো খাদ্য যায় কেনেকৈ? যদি কতো একো আউল লগা নাই পুৱাই পাবহি মাক-দেউতাক। বিহানে উঠিব লাগিব তাই। বাহী চোতালত মাকক ঘৰলৈ সুমুৱাব নোৱাৰি। বিছনা চাদৰ, পৰ্দা সকলো ধুই পৰিষ্কাৰ কৰিছে তাই। দেউতাকে কৈছে মাক বৰ চৌখিন আছিল। মজিয়া ৰঙচুৱা হৈ জিলিকি আছে। বৰঘৰৰ কলহ, বাল্টি সকলোতে পানী ভৰ্তি। মাকে আহি পিন্ধিবলৈ আলনাতে কাপোৰ জাপি থৈছে তাই। যাতে মাকে বিচাৰিলেই পায়।

 দেউতাকে বিচৰাৰ দৰেই হৈ উঠিছে সকলো। বাকচৰ ফটোখন ফ্ৰেমিং হৈ চৰাঘৰৰ বেৰত যাতে মাকে ভিতৰ সোমায়ে দেখেহি। ফটোখনৰ কাষ চাপে তাই। সেই সময়ৰ ক'লা বগা ফটোখনৰ মানুহজনীয়ে ইমানদিন তাইৰ বুকুখন জুৰাই আছিল। মাক বুলিলে এতিয়া এই ফটোখনহে মনলৈ আহে তাইৰ।

 “মা মই ডাঙৰ হ'লো। দেউতাৰ লগত তই মই কৈ কথা পাতোতে দেউতাক তেনেকৈয়ে মতাৰ অভ্যাস হৈ গ'ল। সৰুতে তই বুলিয়ে কৈছিলো। এতিয়াও সেইবুলিয়ে ক’ম দেই। চিনি পাবিনে মোক মই নিজে চিনাকি নিদিলে? উফ্ বছৰ বছৰ অপেক্ষা কাইলৈৰ দিনটোৰ বাবে। ভগৱানক প্ৰাৰ্থনা কাইলৈৰ দিনটোৰ বাবে। কাইলৈৰপৰা নোহোৱা হ’ব এই ঘৰৰ ভিতৰৰ উৰুঙা ভাব। এই পদূলিৰে সোমাই আহিবি তই। চা, পাতবাহাৰ বোৰ এতিয়াও আছে পদূলিৰ দুকাষে। মোৰ মনত আছে তোক মই পাতবাহাৰবোৰৰ পিছফালে লুকাই আছগৈ বুলিও বিচাৰিছিলোগৈ। মোৰ যে বহু কাম আছে মা। বহুদিন মোৰ কলমটো মই সাঁফৰ খোলা নাই। কলমটোক লৈ মোৰ বহুত সপোন। এই যে পৃথিৱীখনৰ মানুহবোৰ,মানুহবোৰৰ মনবোৰ,কামবোৰ, তাৰ ফলবোৰ টুকি একো একোটা জীয়া ইতিহাস অংকন কৰিবলৈ মোৰ দুৰ্বাৰ হেঁপাহ। যুগে যুগে মানুহৰ জীয়া যাতনা। সাময়িক সুখে ধৰা দিলেও দুখে চুই থাকিবহি মানুহক আমৰণ। কাৰণ নাটঘৰৰ ভাৱৰীয়া আমি। এজনৰ অবৰ্তমানত কান্দো আমি। তথাপি নিজৰ গতি বিচাৰো আমি। তই গুছি যোৱাৰ পিছত বাটে পথে উফৰি অহা শব্দবোৰে বিন্ধিছিল মোক, দেউতাক। তেতিয়াৰেপৰা এই কলমটোৱে মোক জীয়াই থাকিবলৈ সাহস দিছে মা। মোৰ বেদনাবোৰ টুকিছিলো টোকাবহীত। পাতলিছিল বুকুখন। দুখ কেৱল মোৰ ,তোৰ কিম্বা দেউতাৰে নহয় মা। পৃথিৱীৰ প্ৰতিজন মানুহেই দুখত ককবকায়। দুখবোৰ বেলেগ বেলেগ। পুত্ৰহাৰা, মাতৃহাৰা, স্বামীহাৰা,সন্তানহীনতা আদি হাজাৰটা দুখ। কোনোটো কম নহয়। অথচ কি এক মায়া মানুহৰ জীৱনটোৰ প্ৰতি। সকলো শেষ হৈ যোৱাৰ পিছতো মানুহ ৰৈ থাকে প্ৰতীক্ষাৰ পদূলিত। প্ৰতীক্ষাৰ পদূলিৰে সোমায় আশাৰ ৰেঙণি। সেই ৰেঙণিয়ে চুই দিলে আমাক নকৈ জী উঠো আমি। সুখক খেদি ফুৰিলেও নাপায় মা। সুখে ধৰা দিয়েহি সময়ত আমাৰ হাতত। তেতিয়ালৈ চলে আমাৰ ধৈৰ্য্যৰ পৰীক্ষা। এই পৰীক্ষাত সকলো উত্তীৰ্ণ নহয়। উত্তীৰ্ণ হোৱাজনে বুজি পায় জীৱনৰ অনেক ৰং। সকলো ৰঙে হাত বুলালেহে বুজিব পাৰে সেইজনে জীৱন কেনেকুৱা। তেওঁ দিব পাৰে জীৱনৰ সংজ্ঞা।

 মোৰ মনত আছে মা।তয়ে আঁকবাক কৰিবলৈ শিকাইছিলি চিলেটত। ৰেখা কিছুমান আঁকিবলৈ পোনাবলৈ শিকাইছিলি। সেয়ে এইবাট সৰল বাট। মোৰ একোৱে ক্ষোভ নাই তোৰ প্ৰতি। লাজ নাপাওঁ তোৰ বাবে কোনোদিন। তোৰে সৈতে মোৰ জনমে জনমে সম্পৰ্ক। এই সম্পৰ্ক চুব নোৱাৰে কেতিয়াও অশুভ শক্তিয়ে। মা কাইলৈৰ পৰাই পুনৰাই হাঁহিৰ ফোঁৱাৰ উফৰিব এই ঘৰত। দেউতাই প্ৰাণ খুলি হাঁহিব। তই হাঁহিবি। মই হাঁহিম...ইয়াৰ পিছত জীৱনৰ প্ৰতি একোৱে আক্ষেপ নাথাকে মা।

 উৰুলিৰে ভৰিছে ৰভাতলী

 ভৰি থৈছেহি বিচিত্ৰাই ঘৰখনৰ পদূলিত। কাহিলী পুৱাতে ট্ৰেইন ষ্টেচনত নামি ঘৰলৈ পোন বাট ধৰিলেও পোহৰ সকলো। নিমিষতে উৰিছে খবৰ বতাহত। “আয়ৈ এইজনী বিচিত্ৰাইনে? কেনেকৈ তোৰ এই চেহেৰা হ'ল? ভালে আছ? লাজ মান কাটি কৰি যে ঘৰলৈ উভতিলি? উফৰিছে ভিন্নজনৰ ভিন্নসুৰীয়া শব্দ। মূৰ তুলি চোৱা নাই বিচিত্ৰাই। মানুহখিনিক চেৰ পেলাই কণে বিচিত্ৰাৰ হাতত ধৰি চোতাল গৰকিছে। দুৱাৰমুখত দৰক লাগি থকা ছোৱালীজনীলৈ চাই ৰ'ল বিচিত্ৰা। মাতৃ হিয়া উথলি উঠিছে তাইৰ। দুহাত মেলি যেন আঁঠুকাঢ়ি দিব তাই। দৌৰি তাইৰ কেঁচত উঠিবহি তাই। কণে লৈ গৈছে বিচিত্ৰাক আদৰি। দুৱাৰডলিতে ৰৈ থকা ফুললৈ বিচিত্ৰাৰ সোঁহাতখন ধৰি আগুৱাই দিছে কণে। ভিতৰ সোমাই কঁপিছে বিচিত্ৰা। সাৱটি ধৰিছে ফুলক বিচিত্ৰাই। নহয় ফুলে ফটোত দেখা মানুহজনী এইজনী। চিনাকি কাপোৰসাজ পিন্ধি থিয় দি থকা মানুহজনী যেন

শুকাই কৰ্কৰীয়া লাগিছে। ফুলে খেপিয়াই ফুৰিছে মাকৰ নিপোটল মুখ, লাৱনী শৰীৰটো। চুই চাইছে গাল,ওঁঠ। হয়নে এইজনী

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড