৩৩৬
অৱসান পেলাবলৈ তাইৰ কাষ পাইছেহি কণ। মৰমৰ সুৰে মেৰিয়াব নজনা কণটো জঠৰ হৈয়ে আছে। কঁপি কঁপি কান্দি থকা
বিচিত্ৰাক চুই চাবলৈও কঁপিছে নিজে।
: তোক সৈমান কৰি লৈ যাবলৈকে আহিছো মই। বেলা ভাটি দিব। আবেলিৰ ৰেলখন ধৰিব পাৰিলে আমি পুৱাই ঘৰ পামগৈ। ফুল ৰৈ থাকিব আমাৰ বাবে।
ফুল..? কান্দোন সামৰিব খুজিও নোৱাৰে সামৰিব তাই। তাই কলিতেই এৰি থৈ অহা ছোৱালীজনীয়ে তাইলৈ বাট চাইছে। তাই অক্ষমনীয় ভুল কৰি অহাৰ পিছতো এই মানুহহালে তাইক সামৰিবলৈ সাজু হৈছে। মনলৈ বাৰে বাৰে আহে চাৰিবছৰীয়া ফুলক বিছনাতে এৰি কণলৈও এবাৰ নোচোৱাকৈ দুৱাৰডলি পাৰ হৈছিল তাই। মূৰটো যেন জোৰেৰে পকী বেৰত মাৰি দিব তাই। তাই ক্ষমাৰ অযোগ্য।
: মোক পাপৰ বোজাৰে ইয়াত মৰিবলৈ দিয়ক। মই পুনৰাই সেইখন ঘৰ চুৱা কৰিবলৈ নাযাওঁগৈ।
কণৰ ভৰি দুটা খেপিয়াই বিচিত্ৰাই। আথেবেথে তুলি ধৰিছে সি।
: মই তোক ইয়াত এৰি থৈ নাযাওঁ৷ ইমান বছৰে যাতনাৰ ওপৰি যাতনা সহি এতিয়াও যাতনা দিবিনে? বয়সে ভাটি দিলে। ফুলক অকলেই ডাঙৰ কৰিলো। কাইলৈ পৰহিলৈ তাইক এঘৰলৈ উলিয়াই দিম। অকলশৰীয়া হৈ পৰিম মই। বাকী থকা দিনবোৰত মোক লগ দিবলৈ তই জানো উভতি যাব নোৱাৰ? দলিয়াই পেলাইছো তোৰ সকলো মলিনতা। মোহত পৰি কৰা তোৰ দুঃসময়ে দিয়া যাতনা বুলি দলিয়াই দিছো। সেইখন আমাৰ ঘৰ। তই সজাই থৈ অহা ঘৰ। তই এৰি থৈ অহাৰদৰেই আছে। তই মাত্ৰ তুলি ধৰিবগৈ লাগে। চাবি সকলো সহজ হ’ব সময়ত। পাহৰি যাব গাওঁখনৰ মানুহেও তোৰ ভুল।
যাবগৈ তাই কণৰ লগত। জীৱনে দিয়া দুপাহ ফুল। সুখ আৰু দুখ। দুখৰ পাপৰিবোৰ সৰি সৰি শেষ হ’বৰ হৈছে। সুখৰ ফুলপাহ বুকুত হেচি ধৰিব তাই। তাই কৰা ভুলেও মন পিচলাই বেলেগ এজনী মানুহ চপাই ঘৰ পাতিব নোৱাৰা মানুহটোৱে তাইকে বিচাৰি তাইৰ কাষ চাপিছে। তাই আৰু ভুল নকৰে। ফুলজনীয়ে তাইলৈ বাট চাই আছে।
“মই গৈ পায়ে তোক কোলাত লমগৈ ফুল।”
কণে মেলি ধৰে বিচিত্ৰাৰ সন্মুখত টোপোলাটো। ফুলে ভাঁজে ভাঁজে দি পঠিয়াইছে মাকৰ প্ৰিয় সাজ। নিৰাপদ ঠাইত লৈ অহা সোণৰ কাণফুলযোৰ কণে আগবঢ়াই দিছে বিচিত্ৰালৈ। হাতপাতি ল'ব পৰা নাই বিচিত্ৰাই। বাৰে বাৰে উচুপিছে তাই। কণে সঁকিয়ায়...
: বেলা যাবগৈ। তই দেৰি নকৰিবি।
বিদায়ৰ প্ৰস্তুতি চলিছে বিচিত্ৰাৰ। অচিনাকি চহৰখনে তাইক থাকিবলৈ ঠাই এডোখৰ দিছিল। ৰুক্মৰ লগত এৰাএৰি হোৱাৰ পিছৰেপৰা চহৰখন তাইৰ বেছি চিনাকি হ'বলৈ ধৰে। অকলে অকলে পদপথত খোজকাঢ়ি তাই থকা ঘৰলৈ আগবাঢ়ে। ঘৰ!!!!য’ত আপোন মানুহবোৰ থাকে। সেই ঘৰ নহয় বিচিত্ৰাৰ। তথাপি আপোন মানুহ লগ পোৱাৰ সপোন চাবলৈ তাই টোপনি যোৱা সেইঘৰ তাইৰ আশ্ৰয়স্থল। আজি তাই যাবগৈ। অথচ কিহবাই যেন টানিছে তাইক। এবাৰ চাই আহিবগৈ নেকি সেই ঘৰ? দৌৰি যেন যায়গৈ তাই। কোঠাৰ বস্তুবোৰ চুই চায়....“মই যামগৈ নহয়। মোক লৈ যাবলৈ কণ আহিছে। চকু যায় তাইৰ ৰুক্মৰ লগত একেলগে থকা কোঠাটোলৈ। কোনোবাই যেন অটহাস্য কৰি হাঁহিছে। কাণ দুখন তাল মাৰি ধৰে তাইৰ।
চকু দুটা বাৰে বাৰে মোহাৰি লয় তাই। পিন্ধি পেলায় ফুলে যতনাই দিয়া সাজযোৰ। ব্লাউজটো হেঙাৰত ওলোমাই থোৱাৰ দৰে হৈছে। তথাপি পিন্ধিছে। যাবগৈ তাই এবোৰো পিছলৈ উভতি নোচোৱাকৈ কণৰ লগত।
সমবেত হোৱা তাইৰ বিশৃংখল চিন্তাবোৰে তাইলৈ চাই হাত জোকাৰিছে। কৈছে....“সুখী হ’গৈ বিচিত্ৰা।”
ৰি ৰিয়াই দুলি থকা গছৰ পাতবোৰলৈ চাই ৰৈছে ফুলে। গোটেই দিনটো উশাহ ঘূৰাবলৈ যেন পোৱা নাই তাই। কাণত লাগি থাকেহি দেউতাকৰ কথাবোৰ। ইটো কৰি থবি। সিটো কৰি থবি। তাইৰো যে আছে বহু কাম। সকলো কৰি উঠে মানে বেলিয়ে ভটিয়ায়গৈ। প্ৰিয় ঋতু তাইৰ শৰৎ। পদূলিৰ শেৱালিজোপাই কোঁহ মেলিছে। দুই এপাহ পুৱালৈ পৰিও থাকে। সময়হে এতিয়া নাযায় নুপুয়ায়। গোটেই দীঘল ৰাতিটো অকলে পাৰ কৰিব লাগিব তাই। খুৰাকহঁতৰ ফোন নম্বৰটো দেউতাকক দি পঠিয়াবলৈ নহ’ল। তাত বা কি পৰিস্থিতি হৈছেগৈ? তাই আৰু দেউতাকে ভবাৰদৰে কথাবোৰ হৈ উঠিছেগৈ বা নাই।
মাকজনীক বাৰু দেউতাকে চিনি পালেনে? ৰুক্মই কিবা অথন্তৰ লগাইছে নেকি?যদি মাকজনীক বিচাৰি পোৱা নাই মোমায়েকে
অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড