পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৫

নেৰে।

 কঁপিছে কণ। হয়নে এইজনী বিচিত্ৰা? বয়সে গহীন কৰা মুখ। কপালৰ আগৰ চুলিখিনি পকিছে। পিন্ধি থকা কাপোৰযোৰে তাইক আগৰদৰে তুলি ধৰা নাই। মুখৰ বৰণ সলনি হ'ল। গাল দুখন জিলিকাই থকা ৰং আৰু মঙহ খহি শুকাই পৰা মুখখনত বিষাদ এবোজা যেন। চুলিখিনি গাঁৱত থকাৰ দৰে খোপা বান্ধি থকা নাই। ঢিলাকৈ বান্ধি থোৱা চুলিখিনিয়েও কোৱা নাই সেইজনী বিচিত্ৰা বুলি। ঠিকনা সেয়াই। অইন মহিলাৰ দোকান আশে পাশে নাই। চকুহাল যেন গাঁততহে সোমাইছে তাইৰ। হাত দুখন টনটনাই উঠিল তাৰ। যেন ৰুক্মক পালেই সি শেষ কৰি পেলাব। কণে দৌৰি তাইৰ কাষ চাপিবগৈ পৰা নাই। উফ্ তইএনেকৈ জহি খহি যোৱালৈকে বাট চাই আছিলোনে মই? জঁকা এটা হৈ জীয়াই থকাতকৈ কিয় উভতি যোৱাগৈ নাছিল বিচিত্ৰা? তোৰ মানুহটো ইমান নিষ্ঠুৰ জানো আছিল? নিপোটল হাত দুখন স্পষ্টকৈয়ে চকুত পৰিছে মোৰ শুকান জেওৰাখৰিৰ দৰে দাঙিছ তই। মোৰ চকুৰ সন্মুখতে দেখিছো তোক জীৱিকাৰ তাড়নাত খৰতকীয়াকৈ কৰি গৈছ কাম। এই সংগ্ৰাম কিহৰ বাবে? কেৱল তোৰ নিজৰ বাবেইনে?পেটৰ ভোক নিবাৰণৰ বাবে অচিনাকি মানুহবোৰৰ মাজত বাহৰ পাতিছহি। আই- পিতাইৰ আলাসৰ জীয়ৰী আছিলি তই। সহ্য কৰিছেনে তেওঁলোকৰ আত্মাই তোৰ এই ৰূপ? ৰুক্মৰ লগত মৰি মৰি কিয় আছিলি তই? মই তোক তেতিয়াও ক্ষমা কৰিলোহেঁতেন। ফুলৰ চকুত ধূলি দি বটলে বটলে মদ খায়ো পাহৰিব নোৱাৰিলো তোক। মদৰ ৰাগীয়ে পাহৰাব নোৱাৰিলে তোক। কিয় জাননে? তোৰ সৈতে মোৰ আত্মাৰ মিলন। কোনো কালে নজহা নপমা এই মিলন। সকলো সলনি। অথচ মই একেই আছো চা। ধুমুহাই তচনচ কৰিব নোৱাৰা মোৰ বুকুত তোৰ বাবে এতিয়াও ঠাই ৰাখিছো। তফাৎ নাই তোৰপৰা মোলৈ। তোৰ ঠিকনা মোৰ বুকুত। তই যাবগৈ লাগিব।

 ভিতৰলৈ সোমাই যোৱা মানুহজনলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে বিচিত্ৰাই। কিবা এটা প্ৰশ্ন কৰিবলৈ মুখ মেলা মুখ মেলাতেই থাকিল তাইৰ। তাইৰ ভৰিৰ তলৰ পৃথিৱীখন আঁতৰি গৈছে। তাই কঁপিছে। পিছুৱাই বেৰখনতে আঁউজি তাই চাই ৰ'ল কণলৈ....

 অপাৰ বিস্ময়ত চকু থৰ হৈ গ'ল বিচিত্ৰাৰ। সন্মুখত থিয়া দিয়া মানুহটো চিনি পাবলৈ তাইৰ এক চেকেণ্ডো নালাগিল। তাইৰ কাষলৈ আহিছে কণ। উফ্ বুকুখন কেনেকুৱা কৰিছে তাইৰ? চকুদুটা মুদি দিছে বিচিত্ৰাই। ওলাই আহিব খোজা চকুৰ পানীখিনি বাধা দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে যদিও অবাধ গতিৰে লোতকে বাট লৈছে। এই যে জোৰকৈ চকু দুটা মুদিছে তাই চকুৰ তলৰ শিৰকেইডালো চকুত পৰিছে কণৰ। একৈশ বছৰৰ পিছত তাৰ সন্মুখত বিচিত্ৰা। বিচিত্ৰাক যেন দুয়োহাতেৰে মেৰিয়াই ধৰিব সি। অথচ পৰা নাই সি। এহাত আঁতৰত তাৰ মানুহজনীয়ে চেপা কান্দোনেৰে তাৰ বুকু জোকাৰিছে অথচ সি চুই চাব পৰা নাই।

 বাজিছিল গা বিচিত্ৰাৰ। সপোনত কণে কথা পাতিছিল বিচিত্ৰাৰ লগত। মুকলি পথাৰ এখনত বিচিত্ৰা আৰু কণে জুৰ দিয়া গছ এজোপা পাই তাতে কথা পাতিছিল। গছৰপৰা সৰিপৰা পাত দূবৰিৰ গা-গছেৰে সী কণে বিচিত্ৰাক খাৰু এপাত পিন্ধাই দিওঁতেই সাৰ পাই গ'ল তাই। এনে সপোন বহু দেখিছে আগে পিছে। কান্দি বাউলি হৈ পুনৰাই চাবলৈ চকু মুদিছে। মিছা সকলো। সময় গুছি যায়। ফালৰি কাটে সপোনে। ধুনীয়া সপোনৰ খুদ খুদ মালা গাঁঠি পিন্ধি বাস্তৱলৈ ঘূৰি আহিবলৈ বৰ কষ্ট। অথচ প্ৰতিদিনে সেই কষ্ট সহিছিল বিচিত্ৰাই। সেই সপোন তাইৰ আপোন মানুহৰ সান্নিধ্যৰ সপোন। বাস্তৱে উফৰাই পেলালেও চুই থাকে তাই। অথচ মনে কয় আহিব সেই সময়। বিশ্বাসে উফৰাই অবিশ্বাসৰ দেওনা। তাই ৰৈ থাকে। খোল খায় নঙলা। সাউতকৈ পাৰ হ’বলৈ ভৰি তাইৰ আগবাঢ়ে।

 চিনাকি চকুদুটা অচিনাকি হৈ যোৱা নাই। তাইৰ যে গা-মন বেয়া হ'লে কি কৰো নকৰো দোমোজাৰ ভাৱত ৰৈ থাকে কণ তেনেকৈয়ে ৰৈ আছে তাইৰ সন্মুখত। কলুষতাহীন এখন মুখ। যিখন মুখাৰ আঁৰত আন এখন মুখা নাই। সেই ভয় নাই এতিয়া বিচিত্ৰাৰ যি ভয়ত ৰুক্মৰ পাশৱিক অত্যাচাৰৰপৰা হাত সাৰিবলৈ এবাৰো কাষ নাচাপিল তাই এইজন মানুহৰ। শান্ত হৈ মানুহজন তাইৰ সন্মুখত থিয় দি আছে। মানুহজনে খুঁতিয়াই চাইছে তাইৰ মুখ। ধৰা পৰিছে তাই। তাইৰ যাতনাভৰী মুখখন পঢ়ি পেলাইছে কণে।

 : কন্দা-কটাখন নকৰিবিচোন। মই তোক লৈ যাবলৈ আহিছো।

 উফ্ চিঞৰি কান্দিব যেন তাই। সপোন নহয় এয়া। সন্মুখত তাই চুই চাবপৰাকৈ তাইৰ মানুহজন। তাইৰ যাতনাৰ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড