পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৪


ইমান সহজে সুখে ধৰা নিদিয়ে। তই আৰু সহিব লাগিব। ছিঃ তই বৰ নিলাজ। আঁহো বুলিয়ে গুছি আহিছিলি। অতবছৰৰ মূৰত তই কি লৈ উভতিব খুজিছ কণৰ কাষলৈ? যি সময়ত ফুলৰ কাষত তোৰ প্ৰয়োজনীতা সেই সময়তে আঁতৰি থাকিলি। তাইৰ সুন্দৰ ভৱিষ্যতটো কিয় ধ্বংস কৰিবলৈ যাৱ তই?

 জয় পৰি আহে বিচিত্ৰা।

 : ককাইদেউ , মই এতিয়া কি লৈ উভতিম? সকলো শেষ হোৱাৰ পিছত স্বাৰ্থপৰৰ দৰে কেনেকৈ কাষ চাপিম ফুলৰ? যি সময়ত নিজৰ সাময়িক সুখৰ কথা ভাৱি ঘৰখনলৈ পিঠি দিলো সেইসময়ত কণ আৰু ফুল কেনেকৈ থাকিব ভাবিয়ে নাচালো। ফুলৰ কাষত মই নথকাকৈয়ে কণে ডাঙৰ কৰিলে তাইক। তাৰ মনৰ হেঁপাহো পূৰালে। পঢ়াই জ্ঞান বুদ্ধি দিলে। এতিয়া তাই নিজেই খুটি খাব পৰা। মই সহজ কেনেকৈ হ'ম? গাঁৱৰ ৰাইজেই বা কিয় মানিব? মোৰ বাবেই এলাগী হ’ব সিহঁত। মোৰ বাবে কথা শুনিব মানুহৰপৰা কণে। ফুলজনীয়ে মোৰ বাবে লাজত পৰিব। তাতকৈ এনেকৈয়ে থাকো ককাইদেউ। কিন্তু মোৰ সিহঁতক লগ পাবলৈ,চাবলৈ যোৱা মনৰ কথা কবিগৈ সিহঁতক। কাষ নাচাপিলেও দূৰৈৰপৰাই চাম।

 কণে দি পঠিওৱা প্ৰস্তাৱত মন উলাহে ভৰি নাচিছিল বিচিত্ৰাৰ। চটফটীয়া হৈ পৰিছিল তাই। চিঞৰি ক'বৰ মন গৈছিল...“চোৱা মোৰ এতিয়াও এখন ঘৰ আছে। তাত মোৰ আপোন মানুহৰ বাস। মোৰ অভাৱ তেওঁলোকে অনুভৱ কৰিছে। মোক লৈ যাবলৈ আহিছে।

 “উফ্ ইমানদিনে দেখি থকা সপোনটোৱে তোক লগ দিছিল তই কিয় সন্মতি নিদিলি বিচিত্ৰা?’’

 নিজকে নিজে প্ৰশ্ন কৰি আঁজুৰিছে তাই মূৰৰ চুলি। তাই সুখ বুটলিব নজনা মানুহ। শান্তিত জীয়াই থাকিব নজনা মানুহ তাই। দৌৰি যেন ধৰিবগৈ তাই নামনিমুৱা ট্ৰেইন। ককায়েকক ক'বগৈ..“মই যাম ককাইদেউ। মোৰ বৰ কষ্ট ইয়াত। কণক কবিগৈ মোক লৈ যাবলৈ। “

 ককায়েকে এই সংবাদ কণ আৰু ফুলক নিদিয়কগৈ। তাই যাবগৈ। আপোন মানুহৰ সান্নিধ্যলৈ তাই যাবগৈ॥॥

 কণ উপস্থিত হৈছেগৈ বিচিত্ৰাৰ চহৰত। ফুলৰ মোমায়েকে দিয়া ঠিকনাটো সি কেইবাখনো কাগজত লিখি চাৰ্ট-পেন্টৰ গোটেইকেইটা পকেটত ভৰাই লৈছে। কেনেবাকৈ কৰবাত পৰিলে তাৰ বৰ সমস্যা হ'ব। কণে জানে বিচিত্ৰাক। তাক দেখিলেই তাই লেউসেউ হ'ব। ছয়বছৰ সংসাৰ কৰি বুজিছিল সি বিচিত্ৰাক। সংকোচ তাই কৰাটো স্বাভাবিক। গাওঁখনত তাইৰ বাবে অপ্ৰীতিকৰ পৰিৱেশ এটা হোৱাটো তাই নিবিচাৰে। কণ আৰু ফুলৰ জীৱনৰ গতি আন এফালে তাই লৈ যাব নিবিচাৰে।“কি লৈ উভতিম” ..বিচিত্ৰাৰ এই প্ৰশ্ন অৰ্থহীন। একো হেৰুৱা নাই বিচিত্ৰাৰ। আছে এতিয়াও হোমৰ জুইক সাক্ষী কৰি দেউতাকৰ পৰা লোৱা কাজলি কাজলি আশীৰ্বাদ। বছৰ বছৰ আঁতৰি থাকিলেও গাৰ ছাঁটোৰ দৰে লাগি থকা উভয়ৰ প্ৰতি উভয়ৰ প্ৰেমে দুয়োকে জীয়াই ৰাখিছে এতিয়াও। ভগৱানৰ কৰুণা শেষ হৈ যোৱা নাই এতিয়াও নহ'লে বিচিত্ৰাৰ সৈতে যোগসূত্ৰ নহ'লহেঁতেন। ইমানখিনি ৰৈ যোৱাৰ পিছতো অৰ্থহীন বিচিত্ৰাৰ প্ৰশ্ন। সাময়িক মোহৰ ভুলক সি শুধৰাই তাইক সামৰি ল'ব।

 বেলি মূৰত উঠিছে। ফুলেও আহিবলৈ জোৰ দিছিল। কিন্তু কণে বাধা দিলে তাইক। ইমান বছৰৰ পিছত মানুহ এজনী ঘৰখনলৈ আহিব। তাইক আদৰিবলৈ ঘৰখনত মানুহ থাকিব লাগিব। দাং দিয়া দুৱাৰ নিজে খুলি ভিতৰলৈ নিনিয়ে সি বিচিত্ৰাক। চিনি পাবনে বিচিত্ৰাই তাক। দাড়ি চুলি অকালতে পকি তেনেই বুঢ়াটো হ'ল সি। দাড়িখিনি কাটি আহিছে বুলিহে। মূৰত দুই এডাল পকা চুলি আগতে দেখিলে বিচিত্ৰাই দবিয়ায় তাক। উভালি কয়..“বুঢ়াটোৰ ঘৈণীয়েক বুলি হাঁহিব মোক। এতিয়া যে পকামূৰীয়া আদবয়সীয়া বুঢ়া এটা হৈ পৰিল সি। নিজৰ হাতদুখনলৈ চকু গ'ল তাৰ। তেল টেঙা অকণো ঘঁহি নাহিল সি। তেনেই ফাপৰে ধৰিছে। শোতোৰা শোতোৰ ছালখন সি মোহাৰি থাকে। গালৰ মঙহো খহিছে তাৰ। এই চেহেৰাৰে বিচিত্ৰাৰ কাষত থিয় হ'লেগৈ চিনি পাবনে তাক? সন্মুখত থিয় দি থকা মানুহটো বিচিত্ৰাই বজাৰৰ অইন মানুহ বুলি ভাবিয়ে বিশেষ মূৰ তুলি চোৱা নাই। নিত্য কৰ্মখিনি কৰি মেচিন চলাবলৈ ব্যৱহাৰ কৰা চকীখনত বহি এনেয়ে বাহিৰৰ আলেখ লেখ চাই ৰ'ল তাই। ভুমুকিয়াই আছে মানুহটোৱে তাইলৈ। বয়সে গৰকা মানুহৰ এই স্বভাৱবোৰ তাই আজিকালি সহ্য কৰিব নোৱাৰে। মুখ চুপতি মাৰিবলৈ আহিব বিচৰাকেইটাকো তাই এবাৰতে সেজ লগায়। মানুহটো তাইৰ আগে পিছে দেখা মনত নপৰে। তাই আৰু সেইবোৰত মূৰ নঘমায়। অহা আহিছে, যোৱা গৈছে। তাই নিজৰ কামত লাগিব। কাৰোবাৰ দৰকাৰ থাকিলে কাষ চাপি আহিব। অইন মতলবত আহিলে তায়ো সুদাই

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড