পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩২

 কোনোবাই যেন জোৰেৰে হেঁচি দিছে তেওঁক। আগফালে হালিহে যাব যেন। কি ক'লে কণে? বিচিত্ৰাক লৈ আনিবগৈ? কৈছিলনে সি? নে ভুল শুনিছে নিজে?

 : মই সিদ্ধান্ত লৈ পেলাইছো ককাইদেউ। বিচিত্ৰা যদি আহে মই লৈ আহিমগৈ তাইক।

 বেগাই উলিটিছিল কণ ঘৰলৈ। বিচিত্ৰাক আনিবলৈ সাজু হ'ব লাগে সি। তাৰ হাতত বহুত কাম। ফুলকো এতিয়ালৈ কোৱা নাই।

 : পাগল হৈছ তই?

 হুংকাৰ দি উঠিছে ভায়েকে।

 : যিজনী মানুহে ঘৰ এৰি যোৱা বিশ বছৰ হ’ল সেই মানুহজনীৰ খবৰ পোৱা মাত্ৰকেই তই বলীয়া আচৰণ কৰিছ? ইমান বছৰ কেনেকৈ জীয়াই থাকিলি তাইৰ অবিহনে? আমাৰ মান সম্মান সোপাকে শেষ কৰি ঘৰ এৰি যোৱা মানুহজনীক পুনৰাই ঘৰ সুমুৱাই কি কৰিব খুজিছ তই? মানুহৰ আগত মুখ উলিয়াবি কেনেকৈ? তায়ে বা মানুহৰ সন্মুখত অগা-দেৱা কৰিব কেনেকে? তহঁতৰ যদি লগ হ'বলৈ ইমানেই মন গৈছে ভাৰে ভেটিয়ে যাগৈ উঠি।

 সুস্থিৰ অৱস্থাত সিদ্ধান্ত লৈছে কণে। ভায়েকৰ হাজাৰ আস্ফালন নাইবা গাঁৱৰ মানুহৰ বাধাই তাক বাধা দিব নোৱাৰে। ভুলৰ শুদ্ধৰণি যদি মানুহেই নকৰে মানুহৰ সংজ্ঞা কি? তাৰ যুক্তিত নিশ্চুপ গঞা।

 : চুৱা মানুহজনীক যদি নিজৰ গিৰীয়েকেই চপাব খুজিছে ৰাইজে সন্মতি দিব লাগে। প্ৰায়শ্চিত কৰি সামৰি ল'ব লাগে। ইমান কষ্টত অকলশৰে জীয়াই থকাতকৈ ঘৰ চাপক তাই। ৰুক্ম লগত নাই যেতিয়া কথাবোৰ জটিল কৰিব নালাগে।

 বয়সীয়াল মানুহকেইজনৰ কথাত দুই একে হয়ভৰ দিলে।

 চাই আছে দেউতাকক ফুলে। ঘৰখনৰ প্ৰতিটো চুক জাৰি-জোকাৰি গৈছে দেউতাকে। ফুলে পঢ়া টেবুলখনত থৈছেহি বেৰত ওলোমাই থোৱা আইনাখন। বিচিত্ৰাই থোৱাৰদৰে থৈছে। আলনাডাল এনেই পোনাইছে। ইমানদিনে সামৰি থোৱা পানীখোৱা ঘটিটো বালিয়ে চিকচিকিয়া কৰিছে। সামৰি থোৱা মাকৰ কাঁহীখন উলিয়াইছে। উদঙাই চাইছে চাউল থোৱা পাচিটো।নাথাকিলে যে খং কৰে তাই। দৌৰাদৌৰিকৈ আগচোতালত গজি উঠা দূবৰিকেইজোপা চুঁচি আহেগৈ সি। অমিতাজোপাৰ ডাল ভাঙি কুমলীয়া অমিতা সৰি আলিবাটটোত চেদেলি-ভেদেলী হৈ আছে। ফুলক কোৱা নাই সি। নিজেই কৰিছে এফালৰপৰা। সাঁজ লাগিছে। ৰঙাই পখৰাৰ কাষত থিয় দিছেগৈ। “তহঁতৰ মূল গিৰিহঁতনী আহিব ঘৰখনলৈ।” কথাষাৰ মুখেৰে কৈ নিজ কাণে শুনি আনন্দত অভিভূত হৈছে কণ। সময়বোৰ খৰধৰকৈ পাৰ হওক। বিচিত্ৰাক ককায়েকে খবৰটো দিয়কগৈ।

 বাকচটো খুলিছে ফুলে। উলিয়াই লৈছে মাকৰ ৰঙা ব্লাইজটো। ৰঙা বুটাৰ মুগাৰ মেখেলাখনৰ লগতে মিলা চাদৰখন। এই সাজত মাকজনী জিলিকি থাকে ফুলৰ সন্মুখত। মাকে এই সাজ পিন্ধি উভতিব ঘৰলৈ। কাপোৰযোৰ উলিয়াই পুনৰাই তললৈ হাতখন সুমুৱাই ফুলে। ৰুমাল এখনেৰে মেৰিয়াই বান্ধি থোৱা আছে মাকৰ হেঁপাহৰ সোণৰ কাণফুলিযোৰ। ওঁঠযোৰ লগায় ফুলে কাণফুলিযোৰতে..আপোন মানুহবোৰ, ভালপোৱা বস্তুবোৰ ইয়াতে থৈ মানুহজনী আঁতৰি আছে। কাণফুলিযোৰে উলিয়াই লয় তাই। মাকৰ কাণত জিলিকি থাকিব। দেউতাকৰ বাবে ধুই থোৱা কাপোৰসাজ বিছনাৰ তুলিৰ ভাঁজত সুমুৱাই থয় ফুলে।

 উৎসৱমুখৰ হৈ উঠিছে কণ আৰু ফুলৰ পদূলি। অতিথিৰ অবিহনে আয়োজন কৰিছে দুয়ো এই উৎসৱ। সময় নাই হাতত। ঘৰখন বিচিত্ৰাই ভালপোৱা ধৰণে সজাব লাগিব। দৌৰি ফুৰে দুয়ো ইফালৰপৰা সিফাললৈ।

 কলপুলি দুটা পুতিছে কণে পদূলিৰ দুটা মূৰে। তাৰ মাকে সৌৱা পদূলিত থিয় দিছেগৈ বোৱাৰীয়েকক আদৰিবলৈ। তাৰ কাষতে থিয় দি আছে বিচিত্ৰাই। ঢাকি থোৱা বিচিত্ৰাৰ মুখখন চাবলৈ উদগ্ৰীৱ হৈছে কণ। সি খোজ থৈছে আগলৈ। আগবঢ়াই দিছে এখন হাত বিচিত্ৰালে....

 বিৰবিৰাইছে কণে। ফুলে জোকাৰি দিছে দেউতাকক।

 আজি এয়া সপোন নহয়। বাস্তৱ হ'বলৈ গৈ থকা ক্ষণ। এই ক্ষণে যুগলৈ বহন কৰিব এহাল পুৰুষ নাৰীৰ জীৱনৰ ইতিহাস। খেনোৱে কয় নাৰী চলনাময়ী। খেনোৱে কয় পুৰুষ বহু নাৰীৰ প্ৰতি আগ্ৰহী। অথচ নাৰী-পুৰুষে যুগে যুগে বহন

কৰিছে পৃথিৱীৰ ভাৰসাম্যতা। ভাল সময়ৰ খোজে খোজে বেয়া ৰিপুৱে জোকায় মানুহক। দুৰ্বল সময়ত ধৰাশায়ী হয় মানুহ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড