পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৩১


 বিচিত্ৰা কিয় এবাৰো উভতি নাহিলি তই? বছৰ বছৰ তোৰ স্মৃতি লৈ মই একেঠাইতে আছো। উফ্ তোৰ যাতনাবোৰে মোক পিঁহি পেলাইছে। ৰুক্ম নামৰ বৰ্বৰটোৰ হাতত তই সুখত আছ বুলি মই কিয় মৌন হৈ থাকিলো? তোক যদি সেইদিনাই পোন বাট লৈ বিচাৰিলোহেঁতেন? উফ্ কোনোদিনে তোৰ গাত হাত দিয়া নাই মই। সেই নিপোটল মানুহজনীৰ মঙহবোৰ চোবাই চোবাই খালে কুকুৰে। তই এবাৰো নুবুজিলি কণক? কণৰ খঙবোৰ দেখিলি। কণৰ মৰমবোৰ জানো বুজা নাছিলি? কেনেকৈ তোক দুচেও কৰিলোহেঁতেন হোঁ? সমাজৰ কথা কিয় চিন্তা কৰিছ তই? সমাজে জানো বুজিছে ফুল আৰু মোৰ মনৰ বেদনা। বহুদিন তোৰ বাবেও থৈছিলো চৰুত ভাত। কিজানি দুৱাৰত টোকৰ মাৰহি তই। ফুল ডাঙৰ হৈ অহাৰ পিছত ভাবিছিলো তোক পাহৰিব পাৰিম। নজহা নপমা তোৰে মোৰে সম্বন্ধই বাৰে বাৰে আঁটি বান্ধে মোক। কাকো সুধিবগৈ পৰা নাছিলো তোৰ খবৰ। অথচ ভাৱো পৰকহিচোন কাণত তোৰ বাৰ্তা৷ কেতিয়াবা খবৰ আহে। খবৰবোৰে বুকুখন মোচোকাই থৈ যায়। ময়ে বা কিয় বিশ্বাস কৰিছিলো অ? মই যে তোক বুজিয়ে নাপালো। মইতো জানিব লাগিছিল মোৰ অবিহনে তোৰ কষ্ট হ'ব। তোৰ ভুলবোৰ মোহাৰি তোক শুধৰাই সামৰিব লাগিছিল। তাকে নকৰি বছৰ বছৰ খং,ক্ষোভ,অভিমানৰ পোহাৰ মেলি যাতনাত শৰবিদ্ধ হ'বলৈ তোক এৰি দিলো।

 ৰুক্মই তোক ইমান অত্যাচাৰ কৰিছে! উফ তোৰ মঙহভৰা গালদুখন খহি হনু হোৱা ছবিখন যে মই সহ্য কৰিব পৰা নাই। ফলাখৰিৰে গৰু-ছাগলীকো নোকোবায়। তোক সি ইমানকৈ ...টপ্ টপ্ কৈ সৰে চকুলো। মোহাৰিবলৈ চেষ্টা কৰা নাই কণে। একেখন যাতনাৰ নৈত সি,ফুল আৰু বিচিত্ৰাই সাঁতুৰিছে। থাৱনি পোৱা নাই কোনেও।

 ফুল তাৰ কাষ কিয় চপা নাই? কণৰ দেখোন খং উঠা নাই। তেন্তে? তায়ো উচুপি আছেগৈ নেকি কৰবাত গৈ। বুজিছে কণে ইমানদিনে মাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ তাইক ডাঙৰ কৰিলেও কিমান যাতনা বুকুত সাঁচিছিল তাই।

 এইঘৰ সি বিচিত্ৰাই এৰি যোৱাধৰণেই থৈছে। একোৱে সলনি হ'বলৈ দিয়া নাই। সমাজখনক নিলগাই সি তিনিটা মানুহ লগ হোৱাৰ কথা ভাবিছে। যদি সমাজে বিচিত্ৰাক আদৰি নলয় তেতিয়াও সাজু হোৱাৰ প্ৰস্তুতি সি কৰিব। দেহৰ বৰণ সলনি হল কণৰো। এতিয়া চৌৰাল্লিশ বছৰীয়া বিচিত্ৰাৰ গা নিৰস। পচপন্ন বছৰীয়া কণ। সিহঁতৰ এই মিলন আত্মাৰ মিলন। কোনো কাৰণতেই কণে বিচিত্ৰাক আৰু দুখৰ মাজত নাৰাখে। সি লৈ আহিবগৈ তাইক। য'তেই থাকক, যি অৱস্থাতেই থাকক লৈ আহিবগৈ সি....

 সম্পূৰ্ণ বিশ বছৰৰ পিছত কণ ঘৰখনলৈ সোমাই আহিছে। চকুদুটা মোহাৰি চাইছে বিচিত্ৰাৰ ককায়েকে। হয়, ভুল হোৱা নাই তেওঁৰ। আৰামী বেঞ্চখন হাতেৰে মোহাৰি দিছে তেওঁ। ভিতৰলৈ ভুমুকিয়াইছে...

 : কেনি গলি অ? আহচোন। কণ আহিছে।

 চোতালৰ মাজভাগৰপৰা আদৰি আনেগৈ তেওঁ কণক।

 : বহা, বহা।

 : ভিতৰলৈকে আঁহা।

 বছৰ বছৰ মুখামুখি নোহোৱা মানুহ দুজনে ইজনে সিজনৰ চকুত চকু পৰিব বুলি মূৰ তুলি চোৱা নাই এবাৰো। অথচ আঁৰ চকুৰে দুয়ো দুয়োকে খুঁতিয়াই চাইছে। ফুলৰ তুলনি বিয়ালৈ যাওঁতে এইজন ককায়েকক সি পদূলিৰেপৰা উভোতাই পঠিয়াইছিল। খঙৰ বশৱৰ্তী হৈ সেই কাম কৰিলেও অনুশোচনাত ভূগে কণে। বৌৱেকেও আথে-বেথে মাত দিছেহি কণক। পানী এবাল্টি দমকলৰ কাষতে যোগাৰ কৰি ককায়েকে কণক গামোচা এখন দিছে।

 চাৰিওফালে চালে কণে। বাৰীখন কিছু মুকলি হৈছে। আগচোতালৰ বগৰীজোপা নাই। ভঁৰালঘৰটো আগতকৈ ডাঙৰ। কুঁহিয়াৰ গা-গছবোৰ পলঙা পলঙ হৈ আছে। ৰহদৈজোপা চোতালৰ এমূৰে ভৰপক দি আছে।

 কণে তেতিয়ালৈ মুখ খোলা নাই।

 : আজিকালি বৰ অকলশৰীয়া হ'লো। ভাইমনো হোষ্টেললৈ গ'লগৈ।

 কথাখিনি কৈ ৰ'ল ককায়েক। এইখিনি ক'বলগীয়া হয়নে নহয় চিন্তাহে কৰিলে যেন তেওঁ...

 : ককাইদেউ, মই বিচিত্ৰাক লৈ আঁহোগৈ।

 : কণ?

অৰ্দ্ধ-আকাশ: ৰচনাসমগ্ৰ, প্ৰথম খণ্ড