পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৩৩


তেতিয়াই মানুহ হয় বদনামী। প্ৰতিজন মানুহৰ বুকুতে থাকে যাতনা। ভিন্ন ৰং এই যাতনাৰ। কোনোবাই দেখুৱাব পাৰে। কোনোবাই নোৱাৰে। আচৰিত গুণটো কি জানেনে? যাৰপ্ৰতি আপোনাৰ অভিমান নাইবা খং থাকে সেইজনৰ সতে থকা আত্মিক সম্পৰ্কক আপুনি মোহাৰিব নোৱাৰে বাবেই এই যাতনাৰ বলি হয় মানুহ। অথচ ওচৰ চাপি আহিলে শান্ত হয় সকলো। আজি সকলো শান্ত। অদ্ভুতধৰণে শান্ত কণৰ বুকুখনো..

 ধুনীয়া সপোনটো

 বহুদিনৰ মূৰত ডালিতে টেঙামৰাৰ পাতকেইখিলামান পেলাই জোল অকণ কৰিছিল বিচিত্ৰাই। লাভলিৰ মাকে মাছ লওঁতে বাছি দিবলৈ তাইৰ ভাগতে পৰিলত চাৰিজনীমান মজলীয়া ভাঙোন মাছ তাইলৈ যাঁচিছিল। মচমচীয়া ভজামাছ দুটা ৰাতিলৈ নিলগাই বাকী দুটাৰ একোণ একোণকৈ চোবায়। মাটিতে থৈলাবস্তা এটা পাৰি বাওঁফালে হাতখন মাটিত থৈ গাৰ ভৰ দি ধীৰে ধীৰে ভাতকেইটা খায় তাই। বহুদিন যেন দেখা নাই তাই নিজৰে হাতখন। খহটা, তোপৰা হাতদুখন তাইৰ হয় জানো? হয়তো। তাই দেখুন সেইখন হাতেৰেই ভাত খাই আছে।

তাই সদায় দেখা ধুনীয়া সপোনটোৰ তুলনাত কালিৰ সপোনটো যেন বেলেগ। তাইৰ গা মন তাকে লৈ চেবাই থাকিল। দিনটো কেইবাবাৰো কামবোৰ ভুল কৰিছে তাই। চিলোৱা মেখেলাকে বাৰে বাৰে চিলাইছে। গুঠি সামৰিব খুজি চুৱেটাৰৰ গাঁঠি এৰি দিছে। আয়ত্ত কৰিছে বিচিত্ৰাই গ্ৰাহক ধৰাৰ কৌশল। তাইৰ লগত কথাৰ মহলা মাৰিবলৈ সঘনে কাষ চপা মানুহবোৰক এৰাই চলিবলৈও শিকিছে তাই। দূপৰীয় চাহ একাপৰ বৰ প্ৰয়োজনবোধ কৰে তাই। দোকানখন মন কৰিবলৈ গাতে লাগি থকা পান দোকানীজনক কয় তাই।

 আজিকালি অভ্যাসত পৰিণত হৈছে সকলো। আগৰদৰে বাচ বিচাৰ কৰি নাথাকে। পেটে নামানে কথাবোৰ। আগৰ কোঠাটোৰ ঠাইত বিচিত্ৰাই মালিকৰ কাষতে সৰু কোঠাটোকে লৈছে। এজনী মানুহৰনো কি কাম?মালিকৰ ঘৰৰ ঘৰ সৰা-মচা, বাচন ধোৱা আদি কামবোৰ নিজেই কৰিবলৈ আগবাঢ়ি আহিল। চাৰিশটকা মাহে। আনৰ খোৱা বাচন ধুই হোটেলত কাম কৰি পেটৰ ভাত মুকলি কৰা মানুহলৈ বিচিত্ৰাৰ বৰ বেয়া লাগে। সেই কামটো কৰিবলৈ বিচিত্ৰা বাধ্য। তাই মাইকী মানুহ। এই ঠাই তাইৰ এতিয়াও চিনাকি হৈ উঠা নাই। এই মানুহঘৰত দৰ্জাত হুক দি তাই অন্ততঃ শুব পাৰে। সিটো কোঠাত থাকোতে ৰুক্ম প্ৰায়ে আহিছিল। বিচিত্ৰাৰ শৰীৰ মনত বাৰে বাৰে দাগ লৈ সি গুছি গৈছিল। পলাব ক’ত তাই? বিছনাৰ তল, দুৱাৰৰ চুক....উফ্ শুকান দেহাটোত যেন টংকৈ শব্দ কৰে ফলাখৰিডালৰ কোবত।

 : মাৰি থৈ যা মোক।

 মাটিতে দীঘল দি পৰা মানুহজনীৰ গা বখলিয়াই খাইছিল সি। নিজকে থুৱাই দিয়ে বিচিত্ৰাই। এই মানুহটোৰ বাবেই তাইৰ সকলো হেৰাল। কথাবোৰ জনাজনি হোৱাৰ পিছত যেন মানৱীয়তাই বিচিত্ৰাক সামৰিলে। নিৰাপত্তা কোনে কাক দিব ? তথাপি তাই এই মানুহঘৰত পৰি থাকিবলৈ ঠাই এটুকুৰা পাই জীয়াই আছে। কেতিয়াবা জয় কায়ে আনে ৰুক্মৰ খবৰ। ৰুক্মৰ কেঁচুৱাটোৰ বৰ্ণনা শুনে তাই। তাৰনো কি দোষ? নিস্পাপ শিশু সি। হিংসাৰে চুব নোৱাৰাকৈ সি ভগৱান। হৰিণীলৈও তাই ক্ষোভ নাই। গভীৰ পানীত থাৱনি নাপাই খেৰকূটাকে সাৱটিছে।

 আপোনমনে কথা পাতে বিচিত্ৰাই নিজৰ লগত। চুনুহঁতৰ পৰিয়ালটো গ'লগৈ। লাভলি দূৰণি চহৰত। সময়বোৰো আজিকালি তাইৰ নাযায় নুপুৱায় নহয়। মালিকৰ ঘৰত পুৱাৰ কামখিনি কৰি দোকান পায়গৈ তাই। আজি বাৰে বাৰে খেলিমেলি হোৱা কামবোৰ সামৰোতে তাইৰ নিজলৈকে খং উঠিছে। বাৰে বাৰে কাম বঢ়াতকৈ দোকান সামৰিব লওঁতেই ককায়েকক দেখি হাঁহি পেলালে বিচিত্ৰাই।

 কঁপিছে বিচিত্ৰা। কণ আহিব তাইক নিবলৈ। উফ সঁচানে এয়া? নে ভুলকৈ শুনিছে তাই? তাই এবাৰো উভতি নোচোৱাকৈ দেও দিয়া ঘৰখনলৈ তাইক উভোতাই নিবলৈ প্ৰস্তুতি চলিছে। তাই যাব। ইমান বছৰে আঁতৰি থকা ঘৰখনলৈ দৌৰি যাবগৈ তাই। তাই নেদেখাকৈ ডাঙৰ হোৱা ফুলজনীক এতিয়াও কোলাত ল'বগৈ তাই। ইমান দিনে তাইৰ খবৰ এটাও নোলোৱা কণক তাই গালি পাৰিবগৈ।

 উভতি আহে বিচিত্ৰা বাস্তৱলৈ। এখন এখন ছবিয়ে ভুমুকিয়াই তাইক। তাই য'ত থিয় দি আছে তাৰপৰা উভতি চায়

পিছলৈ। কোনোবাই যেন তাইক সোঁৱৰাই দিয়ে। “তই কৰা ভুলে তোৰ সপোন পূৰণ হ'বলৈ নিদিয়ে বিচিত্ৰা। তোৰ কপালত

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড