পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২০


 ফুচফুচনিটো যেন বতাহত উৰিল। কণৰ কাণত সোমালগৈ। উফ বিচিত্ৰা...তোক ...নিমিষতে আৰম্ভ হ’ল যেন বা মাৰলি এজাক। চালে-বেৰে ঘপিয়াই গ’ল কণে। ভয়তে পিছুৱাইছে গঞা। দৌৰি আহিল ফুল। বাপেকৰ এনে ৰূপ দেখা নাই তাই। কাষ চাপিবলৈও ভয় তাই। মোমায়েক,খুৰাকহঁতে কণক সৈমান কৰিব পৰা নাই। অৱশেষত বহি পৰিছে কণ।

 : বিচাৰ খোচাৰ কৰিব লাগে। কলৈনো যাব সিহঁত? ধৰি আনি প্ৰায়শ্চিত কৰিব লাগে। যেনিতেনি চাইকেল মাৰিলেই সিহঁতৰ খবৰ পাবি...

 : দৰকাৰ নাই। কোনো নাযাবি তাইক বিচাৰি। তাই যদি এনে ভুল কৰিছে এই মুহূৰ্ত্তৰেপৰা তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তাই মৰিছে। তাই মৰিছে......

 দৌৰি সোমাইছেগৈ কণে পাকঘৰলৈ। ছাঁই লগা চৰু, কেৰাহী বাহিৰলৈ দলিয়াইছে সি। কটাৰী এখনেৰে চুচিবলৈ ধৰিছে। বালি এসোপা চপাই চিকচিকিয়া কৰিছে।

 : নাপায় কণ....তই ধৈৰ্য ধৰ....কণ...উঠ....

 হৰেশ্বৰী বৰমাকে তাৰ গাত হাত দিছে।

 : দেউতা......কোনোবাই কোলাত তুলি লৈছে তাইক।

 : মা....মা....

 কোলাৰ পৰা খহাই ফুলক হাততে পোৱা এচাৰিৰে দুকোবমান বহোৱাই দিলে কণে।

 : মাৰক মাত। কোন মায়েৰে আছে তোৰ? বেলেগ মতা বিচাৰি মায়েৰে ঘৰ এৰিছে.....তহঁতি কি চাই আছ? মই বিহু পাতিছো ৰং চাবলৈ? একো হোৱা নাই ইয়াত। যা ঘৰাঘৰি যা...

 উচুপি পিৰালিত বহি থকা ফুলক দাংকোলাকৈ লৈ ভিতৰ সোমাই দৰ্জাখন বন্ধ কৰি দিয়ে কণে...

 বাপেকক দুনাই সুধিবলৈ ভয় কৰিছে ফুলে। তাই বুজিছে মাকে এটা ডাঙৰ জগৰ লগাইছে। সেয়ে মাকলৈ দেউতাকৰ এনে খং। “মা বাৰু কলৈ গ’ল? দেউতাকে দেখোন মাকক বিচাৰি হাবাথুৰি খাইছিল। ভিতৰলৈ ফুলক দাংকোলাকৈ লৈ যোৱা কণে এইবাৰ উচুপিছে। তাই দেউতাকক তেনেকৈ কন্দা কেতিয়াও দেখা নাই। দেউতাকে তাইক জোৰেৰে সাৱটি ধৰিছে। দেউতাকে কোবাই ৰঙা কৰা ঠাইডোখৰ মোহাৰি দিছে। কি ক’ব কণে তাইক? ফুলে সুধি থকা প্ৰশ্নৰ উত্তৰ কেতিয়াবা দিব পাৰিবনে তাইক? নিস্পাপ এখন মুখ। পৃথিৱীৰ জটিলতা তাইৰ মন মগজুৱে ঢুকি নাপায়। নুবুজে তাই পাপ কি পূণ্য কি? ৰুক্মই আনি দিয়া চকলেট চুহি চকলেটৰ দৰেই মিঠা বুলি ভৱা তাইৰ ৰুক্স খুৰাকে তাইৰ মাকজনীক লৈ গৈছে সিহঁত দুয়োৰে কাষৰপৰা। বিচিত্ৰাও গুছি গৈছে ঘৰখন উদং কৰি। কেনেকৈ পাৰিলি তই বিচিত্ৰা? ছয়বছৰে সংসাৰ কৰি মোক নুবুজিলি? মোক মৰি মৰি জী থাকিবলৈ এৰি গলি। ফুলজনী...? তই এবাৰো নাভাবিলি তোৰ অবিহনে তাই কিদৰে থাকিব? এবাৰো নাভাবিলি পুৱা শুই উঠি তোক নেদেখিলে তাই যে কান্দিব? তোক কৰিবলৈ দুহাতেৰে আঁজুৰিছিলো। দেখা নাই তই। ভাইটোৱে শিক্ষাৰ বলেৰে ডাঙৰ চাকৰি পাই দুখীয়া ককায়েকলৈ পিঠি দিয়া? নিজৰ বেলিকা নহ’লেও ফুলক ভাল স্কুলত দি পটুৱাৰ সংকল্প লৈছিলো মই। ভাবিছিলো কিছু টকা সচিব পাৰিলে ঘৰৰ খেৰৰ চালিখনৰ ঠাইত টিনপাত লগাম। চৌকাত কেঁচা খৰি ফুঁৱাই ভাত ৰান্ধিবলৈ পালে যে তোৰ খং উঠে...! দুই এদিনতে গেচৰ চোলাটো লৈ অহাৰ কথা আছিল। লাহে লাহে ইকৰাৰ বেৰাৰ ঠাইত ইটাৰ গাঁথনি...পৰিকল্পনাবোৰ পানী কৰি গুছি গলিগৈ তই। কেৱল ৰুক্মৰ সুঠাম দেহাটোৰ মোহতেই গলিনে? ৰুক্ম ডেকা। আমি এটা পৰিয়াল। কোন সময়ৰ সুৰুঙাৰে ৰুক্মই আমাৰ পৰিয়ালটোলৈ বিহ চটিয়ালে? তই কেতিয়াও সুখী নহৱ। কেতিয়াও।

 : দেউতা...মোৰ ভোক লাগিছে।

 চাউল দুকাপ ধুই পানী গৰম হোৱালৈ বাট চালে সি। আগে পিচে বিচিত্ৰাৰ চোৱা গাৰ তিনিদিনত ভাত ৰান্ধিছে সি। বিচিত্ৰাই দূৰৈৰপৰা ইটো সিটো শিকাই থাকে। ফুলে অকণি হাতেৰে দেউতাকক সহায় কৰে। খৰিডালেৰে ফুটাছাঁইবোৰ একোবাৰ উকটি দিয়ে কণে। ফুলে পীৰাখনতে বহি টোপনিয়াইছে।

 : টোপনি নাযাবি ফুল। ভাত হৈছে দেই। আহ মোৰ কোঁচলে আহ।

 এটেপা দুটেপা কৰি কণে ফুলক খোৱাই দিয়ে ভাত। কোলাতে টোপনি যোৱা ফুলক সাৱটি থাকে কণে। মোহাৰি দিয়ে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড