পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২১

মুখ। গোটেই দিনটো লঘোণে ভোকে থকা মুখখন শেঁ‌তা। মাকক বিচাৰি কান্দি থকাৰ বাবে চকুৰ পতা ফুলি আছে। বিছনা তেনেকৈয়ে আছে। আঁঠুৱাখন দাঙি ফুলক বিছনাত শুৱাই কাপোৰবোৰ ঠিক কৰি দিলে সি। বাহিৰত কোনোবাই খবৰ ল'বলৈ আহিছিল বোধকৰো। ওলাই নাহিল সি। বিচিত্ৰাই ফুল টোপনি যোৱাৰ পিছতো প্ৰাৰ্থনা আওৰায় থাকে। সিও মনত পেলাবলৈ ধৰিলে এফাকি। ভোক লগা নাছিল তাৰ।
 কাম বাঢ়িছে কণৰ। ফুলৰ বাবেই গাখীৰকণ খীৰায় সি। ফুলে গঁড়াল খুলি দিয়ে হাঁহ কুকুৰাৰ। দেউতাকৰ পিছে পিছে। ছাগলীকেইজনী এৰাল দিবলৈ যায়। নৈৰপাৰত বলধ দুটাক এৰাল দি আহেগৈ কণে। পাহৰি থাকে সি ফুলে যে একো খোৱা নাই। খৰখেদাকৈ ভাতৰ চৰু পাতেগৈ।
 ⵓ দেউতা মাক ৰুক্ম খুৰাই পলুৱাই লৈ গৈছে। খুৰা-খুৰীয়ে কথা পাতি থকা মই শুনিছো। কিয় লৈ গৈছে দেউতা? কিয়? মাক লৈ আন। পুৱাৰেপৰা ফুলে জেদ ধৰিছে মাকক আনিবলৈ। কণৰ পিছে পিচে থেন্ থেনাই ঘূৰি ফুৰিছে।খঙটো সঘনাই উঠে আজিকালি। সেইদিনাও সি ফুলক ভালকৈয়ে ঘটালিলে। ৰাতিলৈ জ্বৰ উঠা ফুলে ভ্ৰম বকিছিল। গোটেই ৰাতি ফটাকানি তিয়াই ফুলৰ কপালত দি দি সি উজাগৰে বহি ৰ'ল ফুলৰ কাষত। এনেকুৱা ভয়ংকৰ জ্বৰ ফুলৰ উঠা নাই আগতে। তাৰ আঙুলিৰ চাপবোৰ কণমানি ফুলৰ গাত জিলিকি আছে। বুকুখন বিষয় উঠে কণৰ। কি দোষ তাইৰ? মাকক পাহৰি যাবলৈ মাকৰ ভুল বুজিবলৈ তাইৰ বয়সেই বা কিমান? উফ বিচিত্ৰা পাষাণী নাৰী তই। এনে দিন তোৰ বাবেই আহিল। মই কিয় মাৰিছো তোক ফুল? তই মোক নুসুধিবি অ এই মানুহজনীৰ কথা। এই মানুহজনীৰ কথা সুধিলেই মই হিংস্ৰ হৈ উঠো। জীৱনত মই পোনাব নোৱাৰাকৈ এই মানুহজনীয়ে মোক কোঙা কৰি পেলালে। মই নামাৰো তোক কোনোদিনে।মই প্ৰতিজ্ঞা কৰিছে৷ এই মানুহজনীৰ অভাৱ তোক কোনোদিনে অনুভৱ কৰিবলৈ মই নিদিওঁ। টোপ পৰিবলৈ নিদিয়াকৈ তোক ডাঙৰ কৰিম মই। কোনেও মাৰে এৰি থৈ যোৱা বুলি তোক মূৰ তুলি কথা ক'ব নোৱাৰাকৈ গঢ়িম মই। পুৱতি নিশালৈ জ্বৰ কমা ফুলৰ কাষতে টোপনি গ'লগৈ সি। দহদিন কামলৈ যোৱা নাই সি। পুৱাই সি ভাত ৰান্ধিলে। ভাততে দিয়া দুটা আলু আৰু কণীটো সি বাটি এটাত বখলিয়াই নিলগে থলে। ফুল, মই আজি কামলৈ যাম। সোনকালে আহিম দেই। আহোতে গৰুকেইটা লৈ আহিম। ছাগলীকেইজনী তই খুলি দিবিগৈ আবেলিতে। হাঁহ কুকুৰাৰ গড়ালটোৰ দাং ডাল পেলাই দিবি দেই। কণৰ লগতে পীৰা এখনত বহি অকণ অকণ ভাত খাই থাকে তাই।
 ⵓতোলৈ কাহীতে ভাত আৰু আলু,কণী থৈ দিছো। ভোক লাগিলে খাবি দেই। খুৰীয়েৰক যেতিয়াই তেতিয়াই বিস্কুট খুজি নাথাকিবি। আজি মই তোলৈ বিস্কুট লৈ আহিম। কণে দূৰৈৰপৰাই দেখিছিল নঙলাডালতে ভৰি দুলাই ফুল বহি আছে। তাক দেখি দৌৰি আহিছে। আগধামত বহোৱাই সি চোতালতে দুপাকমান ঘূৰাই তাইক। তই ঢাৰিখন লৈ বহ। আজি মই তোলৈ আৰু কিতাপ আনিছে। এইবাৰ স্কুলত নাম লিখিব লাগিব নহয়। ক, খ লিখিব নাজানিলে স্কুললৈ যাবলৈ নিদিব নহয় মাষ্টৰে। ভাল ছোৱালী স্কুললৈ যায়। মই বেগ আনি দিম। চাইকেলত বহি ফুল স্কুললৈ যাব।
 ⵓমই জানো দেউতা...অ ...অমিতা....আ...আম...
 আৰু এয়া ক, এয়া খ.....
 ⵓআমাৰ ফুলে লিখিব জানে। উম আৰু লিখ....গ...গ টো এনে...কু...ৱা......নাল এডাল লগাই দে...উম...উম্ হৈ গল......
 ফুলে ভয় খালে মাকৰ কথা উলিয়ালে কিজানি দেউতাকৰ অকৰা খঙটো উঠে। দেউতাকক নক'লে তাই মাকে তাইক ক,খ লিখিবলৈ শিকোৱাৰ কথা।

 ফৰিংফুটা জোনাক সৰিছে বাহিৰত। জোনবাইজনী বৰকাহীখন হৈ দুলিছে আকাশত। তামোলৰ ছাঁবোৰ দীঘল হৈ

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড