পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৯

পুৰুষতো নোহোৱা বদনাম। যেতিয়া এই খবৰ পাই সেইখন ঘৰলৈ গৈছিলো কণে চুৱাপাতনিৰ কুকুৰৰদৰে খেদি দিছিল মোক। ফুলে মামা বুলিবলৈ ভয় কৰিছিল মোক। ধুমুহাত যেন গছৰ পাত সৰিছিল। তোক সেইদিনাই মৃত বুলি মানিছিলো মই। কিন্তু মনে মনে তোক বিচাৰি ফুৰিছিলো মই। মইতো জানো ভনী তোক। তই আনে ভবাৰ দৰে নিষ্ঠুৰ নহয়। তই পাষাণ মাতৃ নহয়। ভুলৰ বলী হৈ এই কাম কৰিলি তই। আই-পিতাইক কথা দিয়াৰ দৰে তোৰ ভুল মোহাৰি তোক সামৰি ল’বলৈ বিচাৰি ফুৰিছিলো মই। কিন্তু মই সমাজত থাকো বিচিত্ৰা। সেই সমাজৰ কঠোৰ ৰীতি নীতি উলংঘা কৰি তোক মই কলৈ লৈ যাম। তই গাঁৱৰ বাবে পাপৰ বোজা। বৌৱেৰক কৈছিলোগৈ তোৰ কথা। বৌৱেৰে গোটেই ৰাতি তোৰ পাপৰ কথা সোঁৱৰালে। সেইদিনা তোক চুই যোৱাৰ বাবে শান্তিয়নী পানী আনি মোক গা ধোৱালে। ঘৰ শুচি কৰিলে। বাৰে বাৰে ল’ৰাটোৰ শপত দি তোৰ কাষ নচপাৰ কথা ক’লে। তথাপি মই আহিলোগৈ। দুদিনমানৰপৰা তোৰ মুখখন মনত পৰি মোৰ গা চেবালে। মই নহাকৈ থাকিব নোৱাৰিলো।

 উচুপনি বাঢ়ে বিচিত্ৰাৰ।

 : তোক লগ পোৱাৰ পিছতে ফুল পঢ়া কলেজৰ সন্মুখত থিয় দিলোগৈ। সকলো খবৰেই ৰাখিছিলো মই সেইখন ঘৰৰ। সাইলাখ তই যেন। চাদৰ মেখেলাযোৰ পিন্ধি কান্ধত বেগটো লৈ তাই লগৰবোৰৰ লগত ওলাই আহিছে। মোক চিনি পাইছে তাই। তাই এতিয়া তাহানি “মামা মোৰ কাৰণে কি আনিছা? “বুলি কোলাত জপিয়াই ফুৰা ফুলজনী নহয় যদিও তাইক দাংকোলাকৈ ল’বলৈ মন গৈছিল মোৰ। মই আশাকৰাধৰণে তোৰ কথা একোৱে নুসুধিলে তাই মোক। একোৱে নুসুধিলে। দুদিন বাটতে ভেটাভেটি হোৱা কণে মূৰ তুলি নাচালে এবাৰো। তই সিহঁতৰ মনৰপৰা মৰিলি। মনত নেপেলায় তোক সিহঁতে। কিন্তু তই মোৰ আইৰ সন্তান। এক গৰ্ভত আমাৰ জন্ম। তোৰ গা বিষালে মোৰো গা বিষয়। মই যে নোৱাৰো তোক তেনেকৈ মচি পেলাবলৈ......

 চকুপানী বাধা দিব পৰা নাই বিচিত্ৰাই। দৌৰি যেন গুছি যাব কৰবালৈ। প্ৰতিদিনে ট্ৰেইনৰ উকিয়ে বুকুত দিয়া বিষে কোঙা কৰে তাইক। পৰি দিবগৈ সেই ৰেললাইনটোত। নিথৰ সকলো। তাৰপিছত বুলি একোৱে নাথাকিব। সাজু হৈ উঠে তাই। নিজৰ বিদায়ৰ প্ৰস্তুতি নিজে কৰে। সেইসময়তে ভুমুকিয়াই যোৱা মুখ দুখনে যে তাইক টানি বহোৱাই থয়।

 উফ মৰিবলৈও নিদিয়ে তাইক কণ আৰু ফুলৰ মুখ দুখনে। জীয়াই থকাৰো ইমান যাতনা। কৰ ঘিণ কৰ মোক তহঁতি। বছৰে বছৰে জীয়া যাতনা সহি সহি তহঁতৰ বাবেই প্ৰাৰ্থনা কৰিম মই। কুশলে থাক তহতি। নালাগে মোক মনত পেলাব ফুল। নালাগে মোৰ বাবে কান্দিব তই কণ। তহঁত ভালে থাক। ভালে থাক.....

 সিপাৰে ৰৈ

 পাৰিছিলনে কণে সেই আঘাত সহ্য কৰিব? ভাবিছিলনে সি সি সবাতোকৈ সুখত ৰাখিম বুলি প্ৰতিশ্ৰুতি দিয়া বিচিত্ৰাই এনেকৈ তাক বাকৰুদ্ধ কৰিব বুলি? ইমান সৰলতাৰে ভৰা মুখখনৰ আঁৰত এই কাৰ্যৰ উমান অনুভৱ কৰা যায়নে?

 সদায়ৰ দৰে কণে বিচিত্ৰাই বাৰী চোতাল পৰিষ্কাৰ কৰি থকা বুলিয়ে ভাবিছিল। গাখীৰ খীৰোৱাৰ আগত মাত দিয়ে এবাৰ। তেতিয়াই ফুলক জগাই দিয়ে সি। বেলি মূৰৰ ওপৰত উঠিল। বেৰৰ জলঙাৰে অহা পোহৰে কোঠাটো পোহৰ। সেই পোহৰত ফুলে নিজেই সাৰ পালে। গাইজনীৰ উহাৰ টনটনাইছিল। তাই বেবাইছে। গড়ালত হাঁহ, কুকুৰাকেইটাৰে চিঞৰ বাখৰ।

 : কলৈ গ’লনো এইজনী?

 পদূলি সাৰি আছেগৈ কিজানি?

 চোতালখন সাৰি থোৱাৰ চিন নাই। দমকলৰ পাৰতো বাচন পৰি থকা নাই। পায়খান ঘৰৰ টিনটো থোৱা ঠাইতে আছে। ৰিঙিয়াই মাতিলতো কোনো সঁহাৰি নাই। ইফালৰ পৰা সিফাললৈ দৌৰি মাকক বিচাৰিছে ফুলে। কণে চাইকেলখন লে গাঁৱৰফালে ঢপলিয়াইছে কিজানি কাৰোবাৰ ঘৰত আছেগৈ। নাই বুলিয়ে দেখদেখকে মানুহজনী নোহোৱা হৈ কলৈ যাব? কান্দি গছৰ পাত সৰোৱাইছে ফুলে। ভোকে পিয়াহে লেবেজান ফুলক খুৰাকে দাংকোলাকৈ লৈ গৈছে ঘৰলৈ। আপোনঘাটী হৈ মৰিবলৈ বিচিত্ৰা জানো কিবা দুখ আছিল।

 “ৰুক্মলৈ পলাল।”

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড