পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৩

 : পোৱালি দিলে নি? তই কেনেকৈ গম পালি? দূপৰীয়াখন তইনো কিয় বাৰীত থাকিবগৈ লাগে? পাখৰীক দেখোন তামোলৰ তলত এৰাল দি গৈছিলো মই!

 : এৰাল ছিঙিল তাই দেউতা। স্কুলৰ পৰা আঁহোতেই মই তাইৰ মাত শুনিছিলো। বৰকৈ বেবাই আছিল দেউতা। মই গৈ পোৱালৈ জগিছেই এই দুটা। তাই চেলেকি চাফা কৰি দিছে। এইকেইটা মাকৰ নিচিনা নহ’ল দেউতা। এটা ৰঙামূৰীয়া আনটো বগা। কি ধুনীয়া চাচোন।

 কিছুমান গুণ মাকৰ নিচিনা নোহোৱাই ভাল। কণৰ মনলৈ আহিল ভাবটো।

 : যা, তই ভাত খাগৈ। ইহঁত দুটাক চোতালত এৰি দে। মই মাকক হোঁৰা ডাল এটা কাটি দি যাওঁ।

 বাপেক আকৌ কামলৈ যোৱাৰ পিছত তাই ছাগলী পোৱালি দুটা ধনটিক দেখুৱাই আনিলেগৈ। ধনটিৰো যে কি স্ফূৰ্ত্তি! বেঁ বেঁ কৈ সিও একোবাৰ সিয়াঁৰে। দিনটো ফুলৰ আন চিন্তা একোৱে নাহিল।

 খুৰীয়েক আজৰি হোৱালৈ বাট চালে ফুলে। ইফালে স্কুললৈ দেৰিও হ’বগৈ। এইবাৰ ফুল ক্লাচ এইটলৈ পালে। স্কাৰ্ট চাৰ্টৰ সলনি চাদৰ মেখেলা পিন্ধিব লাগিব। দেউতাকে নতুনকৈ আনি দিয়া চাদৰ মেখেলা তাই নিয়াৰিকৈ পিন্ধিব নোৱাৰি খুৰীয়েকৰ কাষ চাপিছে। খুৰীয়েকে ব্লাউজৰ পিনকেইটা মাৰিব খুজোতে অনামী লাজ এটাই ফুলক আৱৰি ধৰিলে। সন্মুখৰ ডাঙৰ আইনাখনত গাত আঁট খাই পৰা ব্লাউজটোত বুকুত বাঢ়ি অহা মঙহ দুডোখৰ প্ৰকট হৈছে। তাই খৰধৰকৈ চাদৰখনে গাটো ঢাকি ল’লে।

 কাণৰ ফুটাটোৰ জোখেৰে ৰিং যোৰৰ তাঁৰডাল অলপ শকত। কাণ ফুটাওঁতেও পিন্ধোৱা ৰূপৰ ৰিংযোৰ খুলি কণে জীয়েকক সোণৰ কাণফুলযোৰ পিন্ধাই দিলে মিঠাতেল মোহাৰি।

 : ফুল, তই কাণফুলিযোৰ খুলি অ’ত ত’ত নথ’বি কিন্তু। সোণৰ কাণফুল। দামী। হেৰাব চাবি।

 ফুলে বুজিছে দেউতাকে কষ্টোপাৰ্জিত ধনে তাইৰ বাবে এধানি সম্পদ আৰ্জিছে। নাজানে তাই এই কাণফুলযোৰৰ দাম কিমান? কিন্তু তাই বুজিছে দেউতাকৰ বাবে তাই বহুত দামী সামগ্ৰী। তাই বহুপৰ বহি থাকে কাণফুলিযোৰ লিৰিকি লিৰিকি। মনত পৰে মাকে সদায়ে দেউতাকক কুটুৰি আছিল সোণৰ কাণফুলি এযোৰৰ বাবে। মাকৰ কাণফুলযোৰ গঢ়াবলৈ মাক- দেউতাকৰ লগত চহৰলৈ তায়ো গৈছিল। মাকৰ মুখখন বৰ পোহৰ সেইদিনা। নতুন জোতা এযোৰ কিনি দিছিল দেউতাকে ফুলক। হোটেলত তিনিও চাহ-মিঠাই খাইছিল। সৌ সিদিনাৰ কথা মাত্ৰ এয়া। কাণফুলযোৰ ঘৰলৈ দেউতাকে অনাৰ দিনা মাকৰ আনন্দৰ সীমা নোহোৱা হৈছিল। বুজিছিল তাই কাণফুলযোৰ মাকৰ বৰ মৰমৰ। দেউতাকৰ কষ্টবোৰ কাণফুলযোৰত সোমাই পৰিছিল বুলি তেতিয়া তাইৰ বুজাৰ বয়স নাছিল। এতিয়া তাই বুজি উঠিছে। তাই কোনোদিনে খোজা নাছিল দেউতাকক কাণফুলিযোৰ। তাইৰ মৰম বাঢ়ে কাণফুলযোৰলৈ। গা ধোওঁতে, কাম কৰোতে কাণফুলিযোৰৰ টিপাটো ভালকৈ লাগি আছেনে নাই বাৰে বাৰে চাই থকাটো ফুলৰ অভ্যাস হৈ পৰিল।

 ধনটিয়ে পদ্য মাতিব পৰা হ’ল। খুৰাক খুৰীয়েকৰ ব্যস্ততা বাঢ়িল। চহৰৰ ইংৰাজী মাধ্যমৰ স্কুললৈ ধনটিক অনা নিয়া কৰিবলৈ ধনটিৰ সৰু মামাক আজিকালি খুৰাকহঁতৰ ঘৰত থাকে। তায়ো মামা বুলিয়ে মাতে। মামা অহাৰ পিছৰেপৰা ফুলে ধনটিৰ কাষ বৰকৈ নচপা হ’ল। আগতে আহিলে ফুললৈ মৰ্টন এটাও ননা সৰুমামাই তাইক এইবাৰ এটা পাৰফিউমৰ বটল দিছে। তাকো মনে মনে। খুৰীয়েকক নকবলৈ কৈছে। গোন্ধটো বৰ ধুনীয়া। শুঙি থাকিবলৈ মন যোৱা। পিছে দেউতাকৰ ভয়তে তাই নলগায়। সুবিধা পালেই সৰুমামাকে তাই গাল মুখ টিপি থকা হ’ল। খং উঠি যায়। দেউতাকক ক’বলৈও ভয় লাগে তাইৰ। তথাপি তাই সুবিধা বুজি ধনটিৰ কাষলৈ যায়। কেতিয়াবা খুৰীয়েকৰ লাচনি পাচনিও কৰি দিয়ে। ফুলে জানে ভাল হওক বেয়া হওক দেউতাকৰ পিছতে তাই জিৰণি ল’ব পৰা মানুহৰ ঘৰ এইখন। ধনটিৰ লগত গঢ়ি উঠা সম্পৰ্কই ফুলক সুখ দিয়ে। সৰু মামাক অহাৰ পিছৰেপৰা বিৰক্তিকৰ হৈ উঠে তাইৰ সুখৰ সময়বোৰ।

 : ঐ ফুল , মোৰ পিঠিখন খজুৱাই দে না..

 : ইস ইমান গেলা গৰমত মই নোৱাৰো দেই। পকী বেৰত ঘঁহাই লোৱা।

 ফুলৰ কথাত খং উঠি যায় মামাকৰ। বায়েক জানো ক’ত? বহু সময় নাই। ধনটিৰ আব্দাৰত ফুলে তাক উকা কাগজত

ৰঙ পেঞ্চিলেৰে কিবাকিবি আঁকি দি আছে। মামাকে কিবা কিবিৰ অজুহাতত কোঠালৈ সোমায়ে আছে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড