পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৪

 : বা, চুচু......

 ধনটিয়ে ফুলৰ উত্তৰলৈ বাট নাচাই দৌৰ দিলে বাহিৰলৈ। তলমূৰকৈ বিছনাত পেট পেলাই ছবি আঁকি থকা ফুলে তৰ্কিবই নোৱাৰিলে সৰু মামাকে তাইৰ বুকুখনৰ সোঁফালে টিপি ধৰিছে...

 : ধনটি.....

 চিঞৰ এটা হৈ ওলাল ফুলৰ মাতটো। তাইৰ চিঞৰ শুনি দৌৰি অহা ধনটিক সাৱটি কৈ উঠিল..

 : তোমাৰ মামা বৰ বদমাচ। এইটো তোমালোকৰ ঘৰত থাকিলে মই তোমালোকৰ ঘৰলৈ নাহো। কৈয়ে ঘৰলৈ বাট ল’লে ফুলে।

 ধনটিয়ে মাকক খং কৰিবলৈ কৈছিল মামাকক। খুৰীয়েকক কিছুমান কথা ক’ব নোৱাৰি জানে ফুলে। দোষটো তাইৰ গাতে জাপিব তেওঁ। ফুলে বুজি উঠিছে নাৰী দেহলৈ ধাৱিত এতিয়া তাইৰ শৰীৰ। তাইৰ শৰীৰটোৱে কথা ক’বলৈ শিকিছে। এতিয়া। কিছুমান পুৰুষৰ চকুত দেউতাকৰ চকুৰ চাৱনি নাই। তাই সাৱধান হ’ব লাগিব। দেউতাকে কোৱাৰ দৰে নিজক বচোৱাৰ মন্ত্ৰ শিকিব লাগিব। মুকলিকৈ অন্তৰ্বাস মেলিবলৈ সংকোচ কৰা ফুলৰ বুকুত ধনটিৰ মামাকৰ স্পৰ্শই বিছা ডকাদি দাকিবলৈ ধৰিলে। তাই দমকলৰপৰা পানী এবাল্টি গাত ঢালি ল’লে...

 বাকচটো চুকটোত যেনেকৈ পৰি আছিল তেনেকৈয়ে আছে। ফুলেও কোনোদিন হাত দিয়া নাই। দেউতাকেও কোনোদিন বাকচটোৰ প্ৰতি কৌতূহল দেখুওৱা নাই। ফুলে ঘৰ সাৰোতে , মচোতে মাত্ৰ বাকচৰ কাপোৰখন জাৰি জোকাৰি পুনৰ পাৰি থয়। মাজে মাজে ধুই বেলেগ এখন কাপোৰ পাৰি দিয়ে। আজিও কোঠাটো থানথিত লগাওঁতে বাকচ ঢাকা কাপোৰখন জোকাৰিব খুজি ৰৈ গ’ল ফুল। কোনোদিনে কৌতূহল সৃষ্টি নোহোৱা বাকচটো খুলি চাবলৈ মন গল ফুলৰ। দেউতাক ইতিমধ্যে গৈছে। আচৰিত বাকচটোত তলাটো এনেই লগাই থোৱা। নিজৰ ঘৰখনতে যেন তাই কিবা অপৰাধ কৰিব খুজিছে এনে লাগিল। ক’তা দেউতাকেতো কোনোদিন কোৱা নাই বাকচটো নুখুলিবলৈ। মাকে যেতিয়া ক'ৰবালৈ যাবলৈ বাকচটোৰপৰা সামৰণ কাপোৰ উলিয়ায় তাইও তেতিয়া মাকৰ কাপোৰবোৰ খুচৰিছিল। কেতিয়াবা মেখেলাখন , কেতিয়াবা চাদৰ এখন গাত মেৰিয়াই ৰচক পচক খোজ দি ঘৰটোত ঘূৰি ফুৰিছিল। তাই খুলি পেলালে বাকচটো। বাকচটোৰ ঢাকোনখন খুলি তাই চাই থাকিল। আগতে মাকে যেনেকৈ সামৰি থৈছিল কাপোৰবোৰ তেনেকৈয়ে আছে। বহুদিন খোলা নাই নাই বাবে উহোম-উহোম গোন্ধ এটা বিয়পিছে। কাপোৰবোৰৰ ওপৰে ওপৰে ফুলে হাতখন বুলাই দিলে। ভাজে ভাজে জাপি থোৱা আছে মাকৰ সামৰণ কাপোৰবোৰ। বিয়াই সবাহে প্ৰায়ে পিন্ধা মাকে নিজহাতে বৈ লোৱা ৰঙা বুটাৰ মুগাৰ মেখেলাখন তাই বুকুত সাৱটি ধৰিলে। আছে, ৰঙা ব্লাউজটোত মাকৰ গাৰ গোন্ধ এতিয়াও আছে। তাই এফালৰ পৰা কাপোৰবোৰ উলিয়াই শুঙিবলৈ লাগিল। বাকচৰ কাষত কাগজেৰে মেৰিয়াই থোৱা ফটোখন পাই ফুল জলকা লাগিল। ঘূৰণীয়া আৰামী বেতৰ চকীখনত বহি থকা মাকৰ কোলাত ফুল আৰু কাষতে দেউতাক থিয় দি আছে। মাকে ফটোখন প্ৰায়ে দেখুৱাইছিল থাকোতে। তাই ইমানদিন ফটোখনৰ কথা পাহৰিয়ে গৈছিল। ফটোখন চাই থাকিল ফুলে। সন্তান কোলাত থাকিলে মুখত প্ৰতিফলিত হোৱা জ্যোতিৰে জ্যোতিস্মান মাকৰ মুখ আৰু পিতৃত্বৰ গৌৰৱেৰে গৰ্বিত দেউতাক। ফুল আদৰৰ জী। মাকৰ কোলাত নিৰ্ভয়া ফুল।

 তল পৰি ৰৈছিল ফুলৰ দৈনন্দিন কৰ্ম। কিমান সময় ফুল তেনেকৈ বহি ৰৈছিল খেয়াল নাছিল। তাইৰ নিজক প্ৰকৃতি কৰিবলৈ সময় লাগিল। তাই ফটোখনৰ ফুল নহয় এতিয়া। দেউতাকৰ আদৰুৱা হৈ থাকিলেও ফুলে এতিয়া নিজে শিকিছে প্ৰতিটো কাম। মাকৰ কোলাৰ লগত ফুলৰ সম্পৰ্ক বিচ্ছিন্ন হৈছে। মাকে চিঙি পেলাইছে সেই সম্পৰ্ক। এগৰাকী জীয়ৰীৰ মনত কিমান ঘৃণা সৃষ্টি হ’ব পাৰে প্ৰৱঞ্চক মাতৃৰ প্ৰতি? সিমানেই ঘৃণা ফুলৰ মনত। কিন্তু এনেকুৱা মুহূৰ্তবোৰত দুৰ্বল হৈ যায় ফুল। লেতু সেতু হৈ পৰে তাই স্মৃতিৰ বোকোচাত। জাৰি জোকাৰি লোৱাৰ পিছতো গোটেই দিনটো স্মৃতিকাতৰতাত ভূগে ফুল। পাহৰণিৰ গৰ্ভত জীয়া জুই জাহ নাযায়। হুমুনিয়াহ এটি হৈ সৰি পৰে মুখেৰে এটি শব্দ “মা”।

 এই মানুহজনী মৰি যোৱাই ভাল আছিল তেতিয়া অন্ততঃ ঘৃণা আৰু মৰি থকা মৰমৰ মাজত আঁচোৰ নপৰিলহেঁতেন। অন্ততঃ পৃথিৱীত নথকা অনুভৱটোৱে বুকুখনত যাতনা দিলেও চেঁপা কান্দোন নিদিলেহেঁতেন! দুটা প্ৰাণীয়ে একে যাতনা লৈ

ভাগ বাটোৱাৰ কৰিব পৰা অৱস্থা নহ’লহেঁতেন! নোৱাৰে। নোৱাৰে পাহৰিব সেই মুখখন। বাৰে বাৰে উচ্চাৰিত হয় বুকুত

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড