পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯২

 : দেউতা, তই ভাত খালি জানো?

 : আজি মোৰ ভাত খাবলৈ মন যোৱা নাই। তই খাবি অৰু শুন ঠেং কোবাই বনবনাই নুফুৰিবি। দুৱাৰত দাং মাৰি অলপ পঢ়িবি। খুৰীয়েৰক জগৰ লগাই নুফুৰিবিগৈ।

 বাপেক পদূলিৰ বাহিৰ হ’ল কি নাই তাই ফৰিংজনী হৈ খুৰাকৰ ঘৰ পালেগৈ। ফুলে ভায়েকক হেঁপাহতে ধনটি বুলি মাতে। তাই ধনটি ধনটিকৈ চিঞৰি খুৰকাৰ চোতাল পালেগৈ। খুৰাকে ধনটিক চোতালতে লৈ ইফাল সিফাল কৰি আছে। ফুলে খুৰাকক ভয় কৰে। তথাপি তাই ধনটিক ল’বলৈ পোৱাৰ আশাত খুৰাকৰ কাষ চাপিবলৈ সুৰুঙা বিচাৰি থাকিল।

 পাই গ’ল সুবিধা। খুৰাকক খুৰীয়েকে চাহ যাচিলেহি বাৰাণ্ডাতে। চাহ খোৱাৰ সময়টোলৈ চাই তাই ভবাটোকে হ’ল খুৰাকৰো আজি অফিচ বন্ধ তাৰমানে। ফুলক দেখি হাত মেলি গালৈ আহিব খোজা ধনটিক দাংকোলাকৈ লৈ মৰম কৰি থাকিল ফুলে। সিও যে বায়েকক বৰ ভাল পায়। অকণি অকণি হাতেৰে ধনটিয়ে ফুলৰ গাল মুখ চুই থাকিল। মাজে মাজে ফুলে চাই থাকিল খুৰাকৰ প্লেটখনলৈ। চানা-বিস্কুট ভৰ্ত্তি প্লেটখন। দাঁতত লাগিলে মৰমৰাই উঠা মিঠা-নিমখীয়া চানা তাই বৰ ভাল পায়।

 : আহ ফুল। খাবি আহ।

 খুৰীয়েকৰ হাতত ধনটিক দি ফুলে চানা গলিয়াবলৈ ধৰে। থুপুক থাপাক খোজ দিয়া ধনটিক পৰিব বুলি খুৰীয়েকে বাৰাণ্ডাতে পাৰি থোৱা চাৰিওফালে বেৰা দিয়া বিছনাখনত থিয় কৰাই দিয়ে। তথাপি খুৰাক খুৰীয়েক ব্যস্ত হৈ থাকে ধনটিৰ লগত। ফুলে বাৰাণ্ডাৰ এমূৰে বহি চাই থাকে তিনিট প্ৰাণীৰ সুখৰ হাঁহিবোৰ। এনেকুৱা সময়তে ফুলৰ মাকলৈ মনত পৰে। বাৰীত টেকীয়া বিচাৰি ফুৰা মাকৰ পিছে পিছে ঘূৰি ফুৰিছিল ফুল সেইদিনা। মাকে বাৰীতে টেকীয়াবোৰ তাই হাতৰ খৰাহীত দি থাকোতে মানুহটোৱে ৰিঙিয়াইছিল মাকক। কাইলৈ শব্দটো কৈ কিবা এটা ইংগিত দি মানুহটো গুছি গৈছিল। সেইদিনা ৰাতিৰ পিছৰপৰাই তাই মাকক নেদেখিলে। মানুহবোৰৰ কথাবৰাত তাই আচৰিত হোৱাৰ পাল। সেই মানুহটো গাঁৱৰে তাইৰ সম্বন্ধীয় খুৰাক। যি দেউতাক কামলৈ যোৱাৰ পিছত প্ৰায়ে সিহঁতৰ ঘৰলৈ আহিছিল। যদি তাইৰ সেই সময়ত বুজাৰ বয়স হ’লহেঁতেন..?? মাক জানো নাছিল বুজন? নিজৰ পেটৰ সন্তান এৰি ঘৰ এখন নি:শেষ কৰি , নিজ স্বামীৰ লগত সম্পৰ্ক শেষ কৰি গুছি যোৱাবোৰক কি কয় তাইক নালাগে। কিন্তু তাই যে সেই মানুহজনীৰ মঙহ। কিদৰে বিচ্ছিন্ন কৰিব পাৰে নিজৰ শৰীৰ নাৰীয়ে। পৰেনে মনত মাকৰ তাইৰ ছবি? হাহাকাৰ কৰি উঠেনে মাকৰ বুকু তাই বা কিমানজনী হৈ উঠিছে বুলি? কটাইনে দেউতাকৰ দৰে উজাগৰী ৰাতি? ভূগেনে আত্মদংশনত? নিজে কৰা ভুলৰ শুধৰণিৰ বাট বিচাৰি নাপাই প্ৰায়শ্চিতৰ বাট বিচাৰেনে? মন যায় তাইৰ মাকজনীৰ খবৰ পোৱা মানুহৰ সৈতে কথা পাতিবলৈ। মন যায় কেনেকৈ পাৰ কৰিছে দিন মাকে সেই কথা জানিবলৈ। বুকুখন উতলি থাকে তাইৰ বুকু ভঙা কথাৰে। বক বক। তলত জুই দি উধানত এচৰু ধান উতলি থকাৰ দৰে।

 মন নকৰে কোনেও ফুলক। ফুলে তিনিটা মানুহৰ প্ৰীতিমেললৈ চাই থাকে শোকসভা পাতি। কৰিছিলনে মাকে খুৰীয়েকে ধনটিক কৰাৰ দৰে মৰম? যদি কৰিছিল আছিল নে সেয়া সঁচা মৰম? যদি আছিল কিয় গুছি গ’ল মাক তেনেকৈ? ধনটিকো এৰি যাবগৈ পাৰে নেকি মাকে? উফ বুকুখন মোচৰ খাই উঠে ফুলৰ। “নকৰিবা খুৰী। তুমি এনে ভুল নকৰিবা।” বিৰবিৰায় ফুলে।

 : ফুল , অ ফুল....কলৈনো যায় অ এইজনী?

 কণে ধনটিকো ৰিঙিয়ালে তাত আছেগৈ নি বুলি। নাই। ভৰ দুপৰীয়াখন কলৈনো গল? স্কুলৰ বেগটো দেখোন টেবুলত। দূপৰীয়া ঘৰত ভাত খাবলৈ আহি ফুলক নেদেখি চিন্তিত হ’ল কণ। ছাগলীজনীয়ে বৰকৈ বেবাই আছে। গাভাৰী পাখৰীৰ পোৱালি জগিবৰ সময়। ঠিক নাই এইজনী ছাগলী জনীৰ লগতে আছেগৈ! পোৱালি দিলে নি আক’? দেউতাকে পিছবাৰীলৈ পোনাই দেখিলে কোলাত হেকেৰ পেকেৰকৈ পোৱালি দুটা তুলি ফুল ঘৰলৈ উভতিছে। পিছে পিছে জল উলমাই হেকেৰ পেকেৰকৈ ঘাইজনী।

 : দেউতা, দুটা ছাগলী পোৱালি জগিছে।

 কণক দেখি দূৰৈৰ পৰাই ৰিঙিয়ালে ফুলে। তাইৰ মাতত আনন্দৰ ঢৌ।

 কণে স্বস্তিৰ নিশ্বাস এৰিলে ফুলক দেখি।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড