পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৪


শুনিলেনে? হয়তো তাইৰ মাতটো ডিঙিৰ পৰা ওলোৱাৰ আগতেই বিৰাজে ফোনটো কাটি দিছিল। আকৌ চকুৰ পানীৰে দুচকু উপচি গ'ল অনিতাৰ।

 শাহুৱেকে প্ৰতি মুহূৰ্ততে অনিতাৰ যত্ন লয়। তাই কষ্ট পোৱা কোনো কাম কৰিবলৈ নিদিয়ে তেখেতে। শাহুৱেকৰ মৰমৰ আবদাৰত তাই সকলো পাহৰি থাকিবলৈ চেষ্টা কৰে। লহপহকৈ বাঢ়ি অহা পেটৰ ভিতৰৰ সন্তানটোৰ লগত আপোনমনে কথা পাতে অনিতাই “দেউতাই তোমাৰ খবৰ ল'বলৈ সময় পোৱা নাই দেহা। তুমি আমাৰ জীৱনলৈ আহিছা বুলি গম পালে দেউতাৰ আনন্দত সীমা নোহোৱা হ'ব। দৌৰি আহিব তোমাৰ কাষলৈ।” তেনেদৰে পেটৰ সন্তানটোৰ লগত কথা পাতি পাতি কেতিয়ানো দিনবিলাক পাৰ হৈ গ'ল অনিতাই গমেই নাপালে।

 এদিন ৰাতিপুৱা দোকমোকালীতে বিৰাজৰ ফোন আহিল। “নীতা মই ঘৰলৈ গৈ আছে। পৰহিলৈ পামগৈ৷” বিৰাজ আহিব মা পৰহিলৈ বিৰাজ আহিব বুলি চিঞৰি চিঞৰি অনিতাই মা দেউতাকক খবৰটো দিলেগৈ। ইমান দিন কটালে তাই বিৰাজ নোহোৱাকৈ কিন্তু এই দুটা দিন যেন নাযায় নুপুৱাই। কি কৰো , কি বনাও, কি পিন্ধো... মনটোৱে উগুল গুগুল কৰি থাকোতেই বিৰাজে তাইক পাছফালৰ পৰা মাত দিলেহি। কেতিয়া বিৰাজ আহিব বুলি বাট চাই থকা অনিতাই লাজতে তাৰ চকুলৈ চাব নোৱাৰা হ'ল, মুখৰ মাতটো চেপা খাই নোলোৱা হ'ল। বিৰাজে তাইৰ দেহৰ পৰিৱৰ্তন দেখিয়েই গম পাই গ'ল তাই মাক হ’বলৈ ওলাইছে আৰু সি দেউতা। “অনিতা, পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপহাৰ দিবলৈ ওলাইছা তুমি মোক। মই বহুত সুখী অনিতা। কিন্তু এনেকুৱা সময়ত মই তোমাৰ লগত নাই, মোক পাৰা যদি ক্ষমা কৰিবা অনিতা।” বিৰাজৰ চকুপানী দেখি অনিতাই তাৰ বুকুৰ মাজলৈ সোমাই গ'ল। “নাকান্দি বিৰাজ। তুমি কান্দিলেহে মই কষ্ট পাম। আমাৰ সন্তানটোৱেও কষ্ট পাব নহয় , নাকান্দিবা।” বিৰাজে খুব আলফুলে পেটতো চুই সন্তানটোৰ উপস্থিতি অনুভৱ কৰিলে। ঘৰত থকা দিনকেইটাত অনিতাক এবাৰলৈও পাকঘৰত সোমাবলৈ নিদিলে। খুব আদৰ যত্নৰ মাজত অনিক এই কেইটা দিন ৰাখি বিৰাজ আকৌ যাবলৈ ওলাল অকলে। এইটো সময়ত অনিতাক বেছি প্ৰয়োজন মাক দেউতাক, শাহুৱেকে।

 তেনেকৈয়ে দিনবিলাক গৈ গৈ অনিতাৰ দহ মাহত সোমাল। সন্তানটোলৈ কি আনিব কি কিনিব লিষ্ট বনাই বনাই বিৰাজৰ গাত তত নোহোৱা হ'ল। ইতিমধ্যে সন্তানৰ বাবে কিনা বস্তুৰে তাৰ বেগ কেইবাটাও ভৰ্তি হৈয়েই গৈছে। তেওঁ কম যেন লগা হ'ল বিৰাজৰ। বিৰাজে আহিবৰ বাবে সকলো যা যোগাৰ সম্পূৰ্ণ কৰি লওঁতেই ফোন আহিল এতিয়াই সীমান্তলৈ যাব লাগে। আৰ্জেন্ট। সকলোবোৰ বন্ধা বস্তু তাতেই পেলাই সি গুছি গ'ল তাৰ কৰ্তব্য স্থানলৈ৷ ইফালে প্ৰসৱ বেদনা আৰম্ভ হৈ গ'ল। অনিতাৰ। মাক দেউতাকক খবৰ দি মাতি আনিলে। শাহু শহুৰ, মাক দেউতাক সকলো লগ লাগি অনিতাক হস্পিটেলত ভৰ্তি কৰিলে। অলপ কম্পলিকেচি থকাৰ বাবে অনিতাক দুদিন অবজাৰভেচনত ৰাখিব লগা হ'ল। ইফালে সীমান্তত শত্ৰুৰ আক্ৰমণ বাঢ়ি যোৱাত ঘৰলৈ অহাৰ কথা একোৱেই চিন্তা কৰিব নোৱাৰা হ'ল বিৰাজে। দুদোল্যমান অৱস্থাত কেতিয়ানো বিৰাজৰ বুকুতখন গুলিৰে থকা সৰকা কৰি তাক চিৰদিনৰ বাবে শান্তি দি দিলে কোনেও ধৰিবকে নোৱাৰিলে।

 ৰাতিপুৱাই অনিতাক অপাৰেচন থিয়েটাৰলৈ লৈ গ'ল। এঘন্টামানৰ পাছত নাৰ্চজনী দৌৰি আহি সকলোকে ল'ৰা হোৱাৰ অভিনন্দন জনালে। অনিতাই জ্ঞান পোৱাৰ লগে লগে “বিৰাজ বিৰাজ” বুলি চাৰিওফালে চালে। মাকে মুৰত হাতখন ফুৰাই ক'লে আজি হয়তো পাবহি সি। তই চিন্তা নকৰিবি। গাড়ী খনৰ পৰা নামিয়েই অনিতাই চোতালত বহুত মানুহ দেখিলে। হয়তো বেবীটোক চাবলৈ ৰৈ আছে সিহঁত আহিব বুলি জানি। সকলোৱে ইজনে সিজনৰ মুখলৈ চালে। কাৰো মুখত মাত নাই। অলপ পাছতে ডাঙৰ গাড়ী এখনৰ পৰা দীঘল বাকচ এটা কেইবাজনো আৰ্মিৰ পোচাক পিন্ধা মানুহে আনি চোতালত থ’লেহি। বাকচটোত লিখা আছে “শ্বহীদ বিৰাজ বৰুৱা।” একেথৰে বিৰাজৰ নিস্তান দেহাটোলৈ চাই চাই অনিতা কান্দি কান্দি আউলী বাউলী হৈ গ'ল। কোনেও তাইক সান্ত্বনা দিব নোৱাৰিলে। তাই জীয়াই থাকিবলৈ অকণো ইচ্ছা নোহোৱা হ'ল। কিন্তু যেতিয়া মাকে তাইৰ কোলাত সন্তানটো দি দিলে তাই সন্তানটোক বিৰাজ বুলি সাৱটি ধৰিলে। তাই চিঞৰি উঠিল বিৰাজ মৰা নাই .....বিৰাজ মৰিব নোৱাৰে। এইয়া বিৰাজ মোৰ কোলাতে আছে। মই জীয়াই থাকিব লাগিব সন্তানটোৰ বাবে , মই সন্তানটোক মানুহ কৰি তুলিম।

 এতিয়া অনিতাৰ জীয়াই থকা গোটেই সপোনবোৰ সন্তানটোক লৈয়ে কেন্দ্ৰীভূত হৈ পৰিল।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড