স্নেহবন্ধন
জুৰি শইকীয়া
অনিতাই বাহি বনখিনি কৰি লৰালৰিকৈ গাটো ধুই আহিল। আজি বিৰাজ কামৰ জেগালৈ ঘূৰি যাবগৈ। বিয়াৰ বাবে
এমাহৰ চুটি পাইছিল। ফেচবুকতে দুয়োটাৰে মাজত চিনাকি হৈছিল। ঘৰত গম পোৱাৰ পিছত দুয়োটাৰে ঘৰৰ কোনেও আপত্তি
কৰা নাছিল। বিৰাজ অনিতাৰ বাবে দেখাই শুনাই, শিক্ষাই সকলো ফালৰ পৰাই উপযুক্ত আছিল আৰু অনিতাও তাৰ কোনো
গুণে কম নাছিল। গতিকে দুয়োঘৰৰ সন্মতিত এদিনো লগ নোপোৱাকৈয়ে সিহঁতৰ বিয়াখন ধুমধামেৰে হৈ গৈছিল। মনত
অকণমান ভয়, শংকা আৰু বহুত হেপাঁহ আৰু সপোন বুকুত বান্ধি অনিতা বিৰাজৰ ঘৰখনলৈ কইনা হৈ আহিল। মাকে শিকাই
পথোৱাৰ দৰেই তাই ঘৰখন নিজৰ কৰি ল'লে খুব কম সময়তে। আৰু বিৰাজ......বিৰাজে প্ৰতিটো ক্ষণতে অনিতাৰ কাষত
থাকি তাইক প্ৰতিটো কামতে সহায় কৰি দিলে। তাইক ঘৰখনৰ প্ৰতিজন মানুহৰ ৰুচি অভিৰুচি বিলাক তাইক শিকাই দিলে
যাতে সি নথকাত তাইৰ একো সমস্যা নহয়। দুয়োটাৰে মৰমৰ মাজত কেতিয়ানো এটামাহ শেষ হৈ গ'ল সিহঁতে গমেই
নাপালে। বিৰাজে কাপোৰ কানি বিলাক বান্ধি থাকোতে অনিতাই নিজকে বহুত চেষ্টা কৰিও চম্ভালিব নোৱাৰিলে। তাইৰ
হুকহুকাই কান্দি উঠিল। বিৰাজে কোনোমতে নিজক চম্ভালি অনিতাৰ দুবাহুত ধৰি সান্ত্বনা দিলে “নাকান্দিবা নীতা ছয়মাহ ধৈৰ্য
ধৰা। মই আহি তোমাক লৈ যাম। কি কৰিবা উপায় নাই আৰ্মিৰ চাকৰি। এইবাৰ হয়তো মই বৰ্ডাৰলৈ যাব লাগিব। কাশ্মীৰত
এতিয়া পৰিস্থিতি শান্ত নহয়। নহ'লে মই তোমাক লগতে লৈ গ'লো হেতেন। সদায় ফোন কৰিম নীতা। মোৰো বহুত কষ্ট হ'ব
তোমাক এৰি থাকিবলৈ কিন্তু উপায় নাই।” অনিতাই মনটোক বহুত চেষ্টা কৰি চম্ভালিলে। গোসাঁই ঘৰত চাকিগছ বিৰাজৰ
নামতে জ্বলাই লৰালৰিকৈ ভাত বনাবলৈ লাগিল অনিতা। আচম্বিতে মূৰটো ঘূৰোৱা যেন লাগিল অনিতাৰ। চকু দুটা অলপ
ধূৱলী যেন লাগিল। ওকালি আহিব খোজে বাৰে বাৰে। তাই কাকো একো নজনালে। বিৰাজে কেনেবাকৈ গম পালে চিন্তাত
পৰি যাব। ইমান দূৰলৈ যাবলৈ ওলাইছে তাক এইবোৰ কথা জনাই মনটো বেয়া কৰি পথাবলৈ মন নাই অনিতাৰ। কাৰো চকুত
ধৰা নপৰিবলৈ তাই নিজকে জোখতকৈ অলপ বেচিকৈ সজাগ কৰি ৰাখিলে। চকুৰ আঁৰ নোহোৱালৈকে বিৰাজ যোৱাৰ ফালে
একেৰাহে চাই ৰ'ল অনিতাই। চকুৰ পানীবোৰে বুকুৰ ওপৰত থকা চাদৰখন গোটেই ভিজাই পেলালে। শাহুৱেকে ভিতৰলৈ
আহা বোৱাৰী বুলি মাত দিয়াতহে তাইৰ সম্ভিত ঘূৰি আহিল। একে দৌৰে গৈ বিছনাত পৰিলেগৈ। শাহুৱেকে ভাত খাবলৈ
মতাত পাকঘৰলৈ সোমাই আহিল অনিতা। আকৌ একেই বমিৰ ভাৱ। বেচিনত বাৰে বাৰে মুখ কুলকুলি কৰি থকা দেখি
শাহুৱেকে সুধিলে “কি হৈছে অনিতা, গা বেয়া নেকি?”নাজানো মা বাৰে বাৰে বমিৰ ভাৱ হৈ আছে। শাহুৱেকে তাইৰ কি হৈছে।
বুজি পালে যদিও একো নক'লে। “আবেলি ডাক্তৰৰ তালৈ যাব লাগিব অনিতা। “শাহুৱেকৰ লগতে অনিতা ডাক্তৰৰ ওচৰলৈ
গল। সকলো পৰীক্ষাৰ পাছত অনিতা মা হ'বলৈ ওলোৱা কথাটো খাটাং হ’ল। এফালে মা হ’বলৈ ওলোৱা সুখ আৰু
আনফালে বিৰাজ কাষত নথকা দুখটোৱে অনিতাৰ মনত তোলপাৰ লগালে। বাৰে বাৰে বিৰাজলৈ ফোন লগালে অনিতাই।
“চুইচ অফ।” হয়তো বিৰাজ ফ্লাইটতে আছে। পিছদিনা ৰাতিপুৱাই বিৰাজৰ ফোন আহিল। অনিতা দৌৰি গৈ ফোনটো ৰিছিভ
কৰে মানে কাটিয়েই গ'ল। বাৰে বাৰে চেষ্টা কৰিও ফোনটো নালাগিল বিৰাজৰ। ৰাতি আকৌ বিৰাজৰ ফোনত সাৰ পাই গ'ল
অনিতা। হেল্ল' বিৰাজৰ মাতটো দুদিনৰ মুৰত শুনি অনিতাৰ ডিঙিটোত দুখে খুন্দা মাৰি ধৰিলে। একো এটা শব্দ নোলাল তাইৰ
ডিঙিৰ পৰা। মাথো বিৰাজৰ কথাখিনি যেনেতেনে তাই শুনি থাকিল “কালিলৈ ৰাতিপুৱাই বৰ্ডাৰলৈ যাব লাগিব অনিতা। তাত
হয়তো ভালকৈ নেটৱৰ্ক নাপাম। হ'লেও মই ফোন কৰি থাকিবলৈ চেষ্টা কৰিম অনিতা। ভালকৈ থাকিবা দেই। মা দেউতাৰো
যত্ন ল’বা।” ফোনটো ৰাখো বুলি কোৱাৰ লগে লগে অনিতাই চিঞৰি উঠিল “ৰবা ফোনটো নাকাটিবা। তোমাক এটা বহুত
ভাল খৱৰ দিবলৈ আছে। মই মা হ’বলৈ ওলাইছো বিৰাজ আৰু তুমি দেউতা। তুমি সোনকালে আহিবা বিৰাজ। এই সময়খিনিত
তুমি লগত থকাটো বিচাৰো মই বিৰাজ। বিৰাজ ......বিৰাজ.....।” ফোনটো দেখোন কাটিয়েই আছে। বিৰাজে বাৰু কথাখিনি