দৈৱকী
কিনকিন মহন্ত
আকাশে মূগাৰিহা মেৰিওৱা সময়...। বিয়লিৰ জেইল চৌহদ, আটাইতকৈ ওখ আমজোপাত তেতিয়া ঘৰমুৱা চৰাইজাক পৰি কোঢ়াল কৰিছেহি। যেন দিনটোৰ ভাগৰ মাৰিবলৈ গোটেইজাকে আবেলিৰ কথাৰ মহলাহে মাৰিছে। দিনতেই পোহৰ সোমাব নোখোজা এই ওখ চাৰিবেৰৰ ভিতৰত বাহিৰৰ জগততকৈ আগতেই আন্ধাৰ হয়। পিছে ৰাতিৰ আন্ধাৰতকৈও ভয়াবহ। অন্ধকাৰ যাৰ জীৱনত, তেনেলোকৰ বাবে দিন কি আৰু ৰাতিয়েই বা কি? তেনেসময়তে এটি বিশেষ ঘণ্টাই জেইলৰ বেৰবোৰত মৃদু কম্পন তুলি যায়। চৰাইবোৰৰ কোলাহল তল পেলাই পুৰুষ আৰু মহিলা উভয় শাখাতে হুলস্থূলীয়া দুটা দীঘল শাৰী দেখা যায়। নিৰ্বিকাৰ ভাৱ অথচ অনৰ্গল কথা! এই মানুহখিনি সাধাৰণ মানুহতকৈ বেলেগ, বেলেগ এওঁলোকৰ পৃথিৱী, বেলেগ পৰিৱেশ। এই বেলেগবোৰৰ মাজতো একে হ’ল তেওঁলোকৰ অপৰাধ। এওঁলোক কয়দী, প্ৰতিজনেই একো একোজন দাগী অপৰাধী!
“কয়দী নম্বৰ ১২০!“
মটীয়া বৰণৰ ফ্ৰেমৰ গ্লাছযোৰ আকৌ এবাৰ মচি ল'লে মানুহগৰাকীয়ে। চশমাযোৰ পিন্ধি সুলকি নপৰিবৰ ব্যৱস্থাৰে বান্ধি লোৱা মিহি ক'লা ৰছীডাল মূৰৰ পিছলৈ ঠেলি দি খাপ খুৱাই ল'লে। লাহে লাহে আগুৱাই গ'ল মাতষাৰৰ দিশে আৰু দিনটোৰ কামৰ বাবদ প্ৰাপ্যখিনিৰ বাবে হাতখন আগুৱাই দিলে...।
“বাইদেউ, অহা সপ্তাহত আপোনাৰ শাস্তি শেষ হ’ব। এই শেষৰ দিনকেইটা অলপ আৰাম কৰক আপুনি। মই অহাৰ দিনাৰ পৰাই দেখিছো আপোনাক, অসুখীয়া গাৰেও টানি টুনি কাম কৰে। এতিয়া অলপ জিৰণি লওক আৰু, কি নো কৰিব ইমান টকাৰে?”
শেষৰ ব্যংগাত্মক বাক্যটিত মানুহগৰাকীয়ে মূৰতুলি চালে। সেই শান্ত কিন্তু তীক্ষ চাৱনিয়ে জেইলাৰজনক বহু কথাৰ উত্তৰ দি গ'ল। লাহেকৈ হাঁহিলে মানুহগৰাকীয়ে, হাঁহিটোত স্পষ্ট হৈ উঠা চকুৰ কোণৰ বলিৰেখাকেইডালে তেওঁৰ চশমাৰ আঁৰত তিৰৰািই থকা দৃঢ় চকুহাল আৰু উজ্জ্বল কৰি তুলিলে। হাতৰ মুঠিত টকাখিনি লৈ, ধীৰ খোজেৰে নিজৰ কোঠালিৰ ফালে তেওঁ গতি কৰিলে।
ৰাতিৰ নিৰ্জনতা ভেদি জিলিপোকবোৰে নিজৰ উপস্থিতিৰ বতৰা দি আছে। কোঠালিবোৰ লাহে লাহে নিজম পৰি আহে। তাৰেই মাজত এটা কোঠাত, এডাল মমবাতিৰ শিখাক সৰু খিৰিকিখনেৰে সোমাই অহা বতাহজাকে লাহে লাহে লৰাই থাকে। লগে লগে লৰি থাকে বেৰত লাগি থকা ছাঁয়াটো। হাতৰ এঙাৰটুকুৰাৰে ছাঁটোৱে বেৰত আঁকি থোৱা আৰু এটি দাগ ঘঁহি ঘঁহি কাটি দিয়ে। আৰু এটা দিন টুপুককৈ খহি পৰে কলঙৰ বুকুত। পিছে এতিয়াও ৰাতিৰ কেইটামান প্ৰহৰ বাকী, আৰু বাকী আছে মানুহগৰাকীৰ আৰু এটা কাম। ঠেকেচকৈ শব্দ কৰি মাটিৰ ৰঙালাওটো টুকুৰা টুকুৰ হৈ পৰে।শব্দটোৰ প্ৰাবল্যই হয়তো বন্ধকোঠাৰ বেৰ লংঘী বেছিদূৰ যাব নোৱাৰিলে। জিলিবোৰ তেতিয়াও শান্ত হোৱা নাই, থিয় হৈ থকা ছায়ামূৰ্তিটোৰ সমুখৰ মজিয়াত তেতিয়া পৰি ৰয় ভঙা মাটিৰ পাত্ৰৰ টুকুৰাবোৰ, এজাপ নোট, মমৰ পোহৰত চিকচিকাই উঠা এটকীয়া, দুটকীয়া, পাঁচটকীয়া মূদ্ৰাবোৰ...।
.... ..... ..... .....
“হেৰা, এইখিনিৰে দেখোন নহ'বগৈ। আৰু পাঁচ হাজাৰমান তথাপিও কমি আছে।”
তলমূৰকৈ মাটিৰ খোলোংটোৰ টকাখিনি গণি থকা তাৰ চিন্তিত সৰল মুখখন দেখি মৰম লাগি গ'ল তাইৰ। অনিৰ্বাণ! তাইৰ অনি! তাই দেখা আটাইতকৈ ধুনীয়া সপোনটোৰ নায়কজন, তাইৰ মানুহটো। গুঠি থকা চুৱেটাৰটো নমাই থৈ কেঁকোজেঁকোকৈ উঠি গ'ল তাই বিছনাৰপৰা। উফন্দি অহা হেঁপাহবোৰ একলা দুকলাকৈ বাঢ়ি অহা জোনটোৰ দৰেই বাঢ়িছে।