পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

পিন্ধোৱা, জোৰোণ, বিয়াৰ ৰভা এইবোৰ মোৰ দৰা কইনাৰ খেলতেই থাকি আহিল। মোৰ ভাগত এইবোৰ নাছিল বুলিয়েই ধৰি লৈছোঁ।

 সখী মোক লৈ ব্যস্ত হৈ পৰিল, সহজ হবলৈ আপ্ৰাণ চেষ্টা চলিল মোৰ। সখীৰ হবলগীয়া স্বামী তেওঁৰ বন্ধুৰ সৈতে আহিছিল সেইদিন। বন্ধুজন কোন মোৰ বুজিবলৈ বাকী নাথাকিল। আজি মোক ইয়ালৈ মতাৰ কাৰণটো ফটফটীয়া হৈ পৰিল, তেওঁলৈ মই কেৰাহিকৈ চালোঁ। তেওঁ মোক বাৰে বাৰে চাই আছিল বুলি গম পালো। সৌজন্য ৰক্ষা কৰি কথা-বতৰা পাতিলোঁ। বুজিলো তেওঁ মোক ভালকৈয়ে জানে, মোৰ অতীত,বৰ্তমান সকলে। তথাপিও মোৰ ভয় লাগে, এবাৰ সাপে খোঁটা মানুহ মই।

 খুড়ীয়েকে হবলগীয়া জোঁৱাইক জোকাই আছিল, “এইয়াই আমাৰ মাজনীৰ ৰামচন্দ্ৰ।” শব্দটোৱে মোৰ হৃদয়খন চুৰমাৰ কৰি পেলায়।

 লাজত সখীৰ মটীয়া ৰঙৰ গাল দুখনি ৰঙচুৱা আভাৰে জিলিকি উঠে। তাইলৈ বৰ মৰম লাগি যায় , তাই মোক এৰি যাবগৈ বুলি মনটো গধূৰ হয়।

 সেইদিনা আমি দুয়োজনী শৈশৱলৈ ঘূৰি গ'লোঁ , যৌৱনৰ সোঁৱৰণীত বিহ আছিল , মনত পেলালেই বিধ্বস্ত হৈ পৰিছিলোঁ। যৌৱনে কলি মেলোতেই মই মুচৰি পেলাইছিলোঁ যাৰ ফলত মোৰ জীৱনত সোমাই লোৱা অঘৈয়া হুলদালে অনবৰতে মোক খুচি-বিন্ধি থাকিছিল।

 বহু দিনৰ মুৰত হেঁপাহ পলুৱাই কথা পাতিলোঁ। কত জানো ইমান কথা গেঠেলা মাৰি সোমাই আছিল? সেইবোৰ চকুলো হৈ ওলাই অহাৰ বাবেই হয়তো মনটো অসম্ভৱ পাতল লাগিল। আজিৰ দিনটোৰ এই মুহূৰ্তৰ আগলৈকে মোৰ ব্ৰহ্মাকুমাৰী হোৱাৰ কথা মনলৈ আহি থাকিছিল।

 আজি এই যেন মই শৈশৱ পাৰ হৈ যৌৱনত ভৰি থৈছো।

 সাতোৰঙী ৰামধেনু এখনৰ ৰং আলফুলে সাৱটি লবলৈ সাহস গোটালো। প্ৰথমবাৰৰ বাবে লাগিল মোৰ একো হোৱাই নাছিল। আচৰিত ধৰণে নিজকে কইনাৰ সাজতো সজাই পেলালোঁ। তেতিয়া মোৰ অকণো ভয় লগা নাছিল কাৰণ আগৰ দৰে মই অকলশৰীয়া নহয়, মোৰ লগত মোৰ আপোন মানুহবোৰ আছে। সেই সময়ত মোৰ গালতো বোধহয় ৰঙে খেলি আছিল।


এখন মুকলি জোনাকী আকাশ
যত নাৰীয়ে হাহিব পাৰে, কথা কব পাৰে,
লগতে প্ৰকাশ কৰিব পাৰে নিজৰ সুপ্ত প্ৰতিভা দ্বিধাহীনভাৱে।
অধই মোক উদ্ধাৰ কৰিলে মোৰ নিসংগতাৰ পৰা।
।।
—দৈব্যা নাথ—

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড