পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৩

সুমুৱাই লৈছিলোঁ বেগত। ৰাতিপুৱাবলৈ তেতিয়াও বহুত সময় আছিল। এক অজান আশংকাত মই বহি পৰিছিলোঁ পকাতে।

 : “শুই যোৱা তুমি। মাতষাৰ কোমল আছিল যদিও চিন্তাৰে যে ভাৰাক্ৰান্ত সহজেই অনুমেয় আছিল।

 মই কিন্তু শুবলৈ সাহস কৰা নাছিলোঁ। ক’ৰপৰা কি হৈ গৈছিল জীৱনটো!!

 বহিয়েই আছিলোঁ মই, তেওঁ আৰু মোক একো কোৱা নাছিল। পাছনিশালৈ মোৰ হয়তো টোপনি আহিছিল কাৰণ ৰাতিপুৱা মই নিজকে বিছনাত আবিষ্কাৰ কৰিছিলোঁ। তেওঁ ৰূমত নাছিল আৰু উচপ খোৱাৰ দৰে উঠি মই বিছনাত বহি লৈছিলোঁ। ঘামিবলৈ লৈছিলোঁ মই , আগদিনাৰ ঘটনাবোৰ ক্ৰমান্বয়ে মোৰ চকুৰ আগত ভাহি আহিছিল লেঠাৰি নিছিগাকৈ।

 আগপাছ নুগুণি মই ভাল কাপোৰ এসাজ পিন্ধি লৈছিলোঁ লৰালৰিকৈ।

 স্বামীৰ পাছে পাছে সেইদিনাই যি সেইখন ঘৰ এৰি আহিছিলোঁ আৰু দুনাই তালৈ যোৱা নাই। মনত আছে সকলো মোৰ জলজল পতপতকৈ।

 স্বামীয়ে মানৱীয়তাৰ দায়িত্ব পালন কৰিছিল হয়তো নিজৰ পাপৰ প্ৰায়শ্চিত কৰিব বিচাৰিছিল এনেদৰে এজনী নিৰ্দোষী ছোৱালীৰ জীৱনটোক ধ্বংস কৰি লৈ।

 কিন্তু দোষ তেওঁৰ নাছিল, মই বুজিছিলোঁ তেওঁক সেইদিনা, অকল সেইদিনাই নে সদায়েই মই তেওঁক বুজিছিলোঁ দেখোন।

 গাড়ীখন মোৰ মাৰ ঘৰৰ পদূলিত ৰৈছিল। পুনৰবাৰ মই মোৰ জীৱনৰ নিৰপত্তাহীনতাত ভুগিছিলোঁ কাৰণ জানিছিলোঁ মোক সেইখন ঘৰত দাদা বৌয়ে বোজা বুলি ধৰিছিল। মই কিবা কোৱাৰ আগতেই স্বামীয়ে কৈছিল। দুদিনমান থাকা আৰু তোমাৰ চাৰ্টিফিকেট খিনি মোক দিয়া।

 গাড়ীখন যোৱা দেখি মোৰ মা আগবাঢ়ি আহিছিল , কিন্তু মোক দেখি মাৰ মুখৰ ক’লা ডাৱৰ খিনি মই ধৰিব পাৰিছিলোঁ৷

 বুজিছিলোঁ মই সকলো। সকলো বুজিছিলোঁ তিনি চাৰিমাহ আগলৈয়ে সেইখন ঘৰত মই মোৰ বুলি যি অধিকাৰত আছিলোঁ বিয়া দি উলিয়াই দিয়াৰ পাছতে সেইখন ঘৰ মোৰ বাবে পৰ হৈ গৈছিল আৰু এনেকুৱা ধৰণে পৰ হৈ ৰৈছিল যে মোৰ জীৱনৰ চৰম বিপদৰ সময়তো মোক ৰাস্তাৰ জেং আঁতৰোৱাৰ দৰে ব্যৱহাৰ কৰিছিল।

 মই লৰালৰিকৈ ভিতৰলৈ গৈ চাৰ্টিফিকেট খিনি স্বামীৰ হাতত দিছিলোঁ, সঁচাই বৰ সাহস পাইছিলোঁ সেইদিনা মই। তেওঁ মোৰ মাক কৈ গৈছিল কেইদিনমান পাছতে মোক লৈ যাবহি বুলি আৰু মোৰ হাতত তেওঁ টকা পাঁচ হাজাৰ গুজি দিছিল। তেওঁৰ মুখলৈ সজল চকুৰে চাইছিলোঁ মই, মন গৈছিল তেওঁৰ বুকুত সোমাই চিঞৰি চিঞৰি কান্দিম কিন্তু নোৱাৰিলোঁ মই।

 মোৰ মূৰত হাতখন ফুৰাই তেওঁ আঁতৰি গৈছিল। চাই ৰৈছিলোঁ তেওঁ নেদেখা হোৱালৈ।

 বিয়াৰ আগতে তেওঁক মাত্ৰ এবাৰেই লগ পাইছিলোঁ আৰু তেওঁক বুজিবলৈ মই নাপালোঁ, কিন্তু সকলো ছোৱালীৰ দৰে নিজ স্বামীলৈ ভালপোৱা বিশ্বাস লৈয়ে বিয়া হৈ আহিছিলোঁ। সকলো ভাৱনাৰ স্বপ্নভংগ হৈছিল মোৰ যদিও সেইদিনা। তেওঁৰ বাহিৰে মোৰ আপোন আৰু কোনোৱেই নাছিল।

 মাৰ ঘৰত যে সেই কেইদিনমান আছিলোঁ দাদা বৌ মোৰপৰা সম্পূৰ্ণ বিপৰীত মেৰুত বসবাস কৰিছিল। ভাবিছিলোঁ মনতে কেনেকৈ যে এইখন ঘৰৰ পৰাও ওলাই যাওঁ। মনটো অস্থিৰ হৈ থকা সময়তে এদিন আবেলি তেওঁ আহিছিল, সঁচা কিমান যে আকাংক্ষিত আছিল তেওঁৰ আগমণ মোৰ বাবে।

 কি খবৰ আনিছিল তেওঁ সেইয়া মোৰ বাবে জৰুৰী আছিল নে তেওঁ অহাটো জৰুৰী আছিল বুজিবলৈ আজিও খেলিমেলি লাগিছে।

 “কাইলৈ যাবলৈ সাজু হোৱা, সকলো ব্যৱস্থা মই কৰি দিলোঁ। ভাগ্য ভাল তোমাৰ জানা নে চিট এটা খালি আছিল, দুমাহ দেৰিকৈ হ’লেও যে এডমিচন দিলে।

 “ মোৰ ভাগ্য? মই তেওঁৰ চকুলৈ চাইছিলোঁ প্ৰশ্নটোৰ সৈতে

 তেওঁ চকু তল কৰি পেলাইছিল।

 কিন্তু হয়!! মোৰ ভাগ্য ভাল আছিল সেইদিনা।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড